/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/f93a90fb-e2cc-44aa-918d-1c8f80a41310/dhemaji_20.jpg)
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক জোনাই বাৰ্ষিক অধিৱেশনৰ লাইখুঁটা স্থাপন
ডিজিটেল সংবাদ ধেমাজিঃধেমাজি জিলাৰ চিমেন চাপৰিৰ চেৰেণ পথাৰৰ পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰত অহা ১০, ১১ আৰু ১২ ফেব্ৰুৱাৰী ২০২৩ ত অনুষ্ঠিত হ'ব ৯২ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন। সেই উপলক্ষে দেওবাৰে পুৱা ১০ বজাত সংঘৰ পৰম্পৰা অনুসৰি অধিৱেশনৰ পবিত্ৰ লাইখুঁটা স্থাপন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈয়ে।
এই উপলক্ষে চেৰেণ পথাৰত এক উদুলি মুদুলি পৰিৱেশৰ সূচনা হয়। লাইখুঁটা স্থাপন হোৱা চেৰেণ পথাৰৰ পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰ ভকত বৈষ্ণৱৰ নাম প্ৰসংগৰে মুখৰিত হৈ পৰে।
ক্লিক কৰি পঢ়কঃ একক, অনন্য কাটাৰ ! ৯০ মিনিটৰ যুদ্ধৰ বাবে সাজু বিশ্ব...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us