শিষ্যৰ দৃশ্য ! দেখি ৰাইজে ক'লে কৃষ্ণ কৃষ্ণ...

শিষ্যৰ দৃশ্য ! দেখি ৰাইজে ক'লে কৃষ্ণ কৃষ্ণ...
শিষ্যৰ দৃশ্য ! দেখি ৰাইজে ক'লে কৃষ্ণ কৃষ্ণ...

মৃদুল কুমাৰ সন্দিকৈ

স্থান ডিগবৈৰ মুলিয়াবাৰীৰ পৰাগধৰ চলিহা প্ৰেক্ষাগৃহ। এক মায়াময় নিশা। নৱ অসম নিৰ্মাণ ফাউণ্ডেশ্যনৰ উদ্যোগত অনুষ্ঠিত হৈছিল ৬,৭ আৰু ৮ জানুৱাৰীত 'পদধ্বনি' যুৱ মহোৎসৱ।অন্তিম দিনা সাংস্কৃতিক সন্ধিয়াৰ দৃশ্য আছিল সেয়া।

মঞ্চত এজন যুৱক। অসমৰ নতুন প্ৰজন্মৰ উজ্জ্বল সম্ভাৱনা থকা আৰু বহু প্ৰতিভাধৰ যুৱকজনে গীত গাবলৈ লৈ মঞ্চত বাগৰি পৰিল। এজন দৰ্শকে এটা গীত গাবলৈ অনুৰোধ কৰাত আন এজন প্ৰতিষ্ঠিত শিল্পীক উপলুঙা কৰিলে স্বভাৱসুলভ ভাৱে।

নিজকে জুবিন গাৰ্গ বুলি ভাবি কৈ যোৱা কথাবোৰত এনে লাগিব তেওঁ জুবিন গাৰ্গৰ দ্বিতীয় সংস্কৰণহে। হতভম্ব হৈ পৰিছিল দৰ্শক। আনকি আয়োজকসকলে তেওঁক বলপূৰ্বক ভাৱে মঞ্চৰ পৰা নমাই দিবলৈ বাধ্য হ'ল।

যেতিয়া তেওঁ সুৰাসক্ত হৈ মঞ্চত বাগৰি পৰিছিল দৰ্শকৰ আসনত থকা লোকসকলে হাঁহি হাঁহি চিঞৰিছিল- 'ঐ ই পৰিলে'। আন এজন যুৱকে তেওঁক তুলি ধৰিলে। দৰ্শকৰ মাজত চৰ্চা- ই জুবিনতকৈ ওপৰৰ ওলালচোন। জখলা এডালো থৈ দিব লাগিছিল। বগাবলৈ পাৰিলে হয়।

যুৱকজনৰ প্ৰতিভাক লৈ প্ৰশ্ন নাই। জুবিনৰ একান্ত ভক্ত তেওঁ। অসমৰ এজন সৎ আৰু দায়িত্বশীল জ্যেষ্ঠ সাংবাদিকৰ পুত্ৰ। সামাজিক মাধ্যমত এই দৃশ্য ভাইৰেল হৈ পৰাৰ পাছত মানুহে প্ৰশ্ন তুলিছে- এইবোৰ ল'ৰাক অসমৰ ভৱিষ্যত বুলি সংবাদ মাধ্যমে প্ৰতিষ্ঠাৰ দৌৰত নামে।

সুৰা সেৱন কৰি এইদৰে মঞ্চত গীত পৰিৱেশন কৰিবলৈ গৈ পৰি যোৱা যুৱকজন এসময়ত কটনৰো ছাত্ৰ আছিল। 'কা' আন্দোলন অথবা অসমৰ জাতীয় সমস্যাবোৰৰ ক্ষেত্ৰত তেওঁৰ স্থিতিয়ে নতুন প্ৰজন্মক প্ৰতিনিধিত্ব কৰে।

তেওঁ কৰিব পৰা কামবোৰ সদায় ব্যতিক্ৰম হয়। কিছুদিনৰ পূৰ্বে তেওঁৰ এখন কাব্যসংকলনো প্ৰকাশ পাইছিল। সেই সম্ভাৱনাবোৰৰ মাজত এনে ঘটনাবোৰে নিসন্দেহে বহুতকে দুখ দি যায়।

অত্যাধিক আত্মবিশ্বাস, অহংকাৰ আৰু নিজকে তাৰকাৰ শাৰীত ৰখোৱাৰ প্ৰৱণতা কেতিয়াও সুখকৰ নহয়। এই আত্ম অহংকাৰে বহু প্ৰতিভাক ধ্বংস কৰি পেলায়। জুবিন গাৰ্গ নতুন প্ৰজন্মৰ আইকন।

তেওঁৰ সানিধ্য পোৱা এচামে নিজকে জুবিনৰ সমকক্ষত ৰাখি কৰা আচৰণবোৰ মানুহৰ চকুত ধৰা পৰে। সেই বিনম্ৰতাৰ অবিহনে পৰিস্ফুত হোৱা সৰ্বজন্তা আৰু গুৰু গোসাঁই নমনা চিন্তাধাৰাই আন যুৱক-যুৱতীসকলকো বিপথে যাবলৈ উৎসাহিত কৰে।

এই যুৱকজনে সুৰা সেৱন কৰি কি কৰে, সেয়া আলোচনাৰ বিষয় নহ'ল হেতেন। যদিহে তেওঁ যুৱ প্ৰজন্মক সন্মুখৰ পৰা নেতৃত্ব দিব পৰা অধিকাৰৰ গৰাকী নহ'লহেতেন। আমি বিভিন্ন সময়ত যুৱ উশৃংখলতাৰ কথা আলোচনা কৰো। এতিয়াও যেন সেই যুৱ উশৃংখলতাকে এই ধৰণে আমি বিভিন্ন ক্ষেত্ৰত দেখা পাইছো।

সুৰাৰ ৰাগীত বাগৰি পৰা যুৱকজনৰ সন্দৰ্ভত বিভিন্নজনে বিভিন্ন মন্তব্য কৰিছে। কাৰোবাৰ মতে গুৰুক অনুকৰণ কৰিছে তেওঁ। আন একাংশই মন্তব্য কৰিছে- এইসকল লোকক গেলা কণীহে উপহাৰ দিয়াৰ প্ৰয়োজন। আন এচামে সম্ভাৱনাময় যুৱকজনৰ পৰা এনে অসুস্থ আচৰণ আশা কৰা নাছিল বুলি মন্তব্য কৰিছে।

জুবিন গাৰ্গে এদিন এজন সৰু কিশোৰক এটা চৰ মাৰিছিল। চিগাৰেট খোৱাৰ বাবে কিশোৰটিক চৰিওৱা বুলি জুবিনে নিজেই ৰাজহুৱাকৈ কৈছিল। কিশোৰটিৰ পিতৃ ৰাজ্যৰ এজন জ্যেষ্ঠ অধিবক্তা হোৱাৰ সূত্ৰে জুবিন গাৰ্গৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল।

মানুহে জুবিন গাৰ্গকে সমৰ্থন কৰিছিল। কৈছিল- জুবিনে বেয়া কৰা নাছিল। সেইজন জুবিন গাৰ্গৰ কাষত থাকি এইজন যুৱকে কৰা কাম-কাজবোৰো শিল্পীজনে নিশ্চয় প্ৰত্যক্ষ কৰিছে। চিগাৰেট খোৱা কিশোৰ আৰু সুৰা সেৱন কৰি মঞ্চত ঢলি পৰা যুৱকজনৰ ক্ষেত্ৰত জুবিনৰ নীতি শিক্ষা পৃথক হৈছে নেকি?

কথাবোৰ ক'বলৈ ভাষা নাই। উশৃংখল আচৰণক প্ৰগতিশীল আৰু মুক্ত চিন্তাৰ আধাৰ বুলি ভবাসকলক হয়তো সংশোধন কৰিবলৈ কাৰো সাধ্য নাই। এদিন এনেকৈয়ে এই কথাবোৰে আন ১০ জন যুৱক-যুৱতীক এনেবোৰ কাম কৰিবলৈ উৎসাহিত কৰিব।

আশা কৰা যায়, কোৱা কথাবোৰৰ দৰেই তেওঁলোকৰ আচৰণ কাম-কাজ প্ৰগতিশীল ভাৱনাৰে আৰু এক সুস্থ বাতাবৰণ সৃষ্টিত সহায়ক হ'ব লাগে। নহ'লে এই প্ৰতিভাবোৰ অপচয় হৈ আন বহুতকো নষ্ট কৰিব।

বাতৰি কাকতত বাতৰি হ'ল। বাতৰিৰ শিৰোনাম হ'ল 'ডিগবৈ পদধ্বনি যুৱ মহোৎসৱত সুৰাৰ ৰাগীত মাতাল গায়ক ৰাহুল গৌতম'। এইবোৰ দেখি, পঢ়ি মানুহে লজ্জাবোধ কৰিছে। কিয়নো তেওঁৰ পৰা এনে আচৰণ কোনেও আশা নকৰে। তেওঁ জুবিন হোৱাটো কামনা নকৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in