এইবাৰো মাঘ বিহুত মাছ ধৰিব নোৱাৰিব কাজিৰঙাত : ১৪৪ ধাৰা জাৰি...

এইবাৰো মাঘ বিহুত মাছ ধৰিব নোৱাৰিব কাজিৰঙাত : ১৪৪ ধাৰা জাৰি...
এইবাৰো মাঘ বিহুত মাছ ধৰিব নোৱাৰিব কাজিৰঙাত : ১৪৪ ধাৰা জাৰি...

ডিজিটেল সংবাদ বোকাখাতঃ প্রতি বছৰৰ দৰে এইবাৰো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া ৰাইজে মাছ ধৰিব নোৱাৰিব। ৰাষ্ট্ৰীয় উদ্যানখনৰ কাষৰীয়া অৰ্থাৎ মাছ ধৰা এলেকাত প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰি কেইবাটাও বাধ্যবাধকতা জাৰি কৰিছে।

উল্লেখযোগ্য যে, ৰাজ্যখনৰ প্ৰয়াত, মুখ্যমন্ত্ৰী শৰৎ সিংহৰ দিনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া লোকে মাঘ বিহুৰ উৰুকাৰ দিনা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰধানকৈ সীমান্ত এলেকাত থকা কিছু বিলত মাছ ধৰাৰ অনুমতি প্ৰদান কৰিছিল।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া ৰাইজৰ কাৰণেই এক প্ৰথা হিচাপে পৰিণত হৈ পৰিছিল। কিন্তু এইবাৰ এই অঘোষিত প্রথা বা পৰম্পৰাৰ পৰা ৰাইজ বঞ্চিত হ'ব লাগিব। কাৰণ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ এক পত্ৰৰ ওপৰত ভিত্তি কৰি কলিয়াবৰ মহকুমা প্রশাসনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সীমান্ত এলেকাত থকা বিলৰ কাষৰীয়া এলেকাত ১৪৪ ধাৰা জাৰি কৰি ৰাইজৰ সমাগম নিষিদ্ধ কৰিছে।

উল্লেখযোগ্য যে, বিগত বৰ্ষত বিশেষকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলৰ অধীনত থকা বিলত মাঘ বিহুৰ আগদিনা মাছ ধৰিবলৈ কেইবা সহস্রাধিক লোক সমৱেত হৈছিল। স্থানীয় ৰাইজৰ উপৰিও ৰাজ্যখনৰ বিভিন্ন ঠাইৰ পৰা গাড়ী-মটৰ লৈ বহুসংখ্যক লোকে নাও, জাল, মাছধৰা বিভিন্ন সামগ্ৰীলৈ উক্ত স্থানত উপস্থিত হোৱাৰ পিছত বন বিভাগৰ লোকে বাধা প্ৰদান কৰিছিল।

যাৰ ফলত বন বিভাগৰ লোক আৰু মাছ ধৰিবলৈ অহা লোকৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল। গুলী ফুটুৱাৰ লগতে লাঠী চার্জ কৰিবলগীয়া পৰিস্থিতিৰো সৃষ্টি হৈছিল। এনে পৰিস্থিতি যাতে এইবাৰো নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই আগন্তুক মাঘ বিহুৰ পূৰ্বে অর্থাৎ ১২, ১৩ আৰু ১৪ জানুৱাৰীত ৰাষ্ট্ৰীয় উদ্যানৰ উক্ত এলেকাত ৰাইজৰ সমাগম নিষিদ্ধ কৰিবলৈ কলিয়াবৰ মহকুমা প্রশাসনলৈ এখন পত্র লিখিছিল।

এই পত্ৰৰ ওপৰত ভিত্তি কৰি কলিয়াবৰ মহকুমা প্রশাসনে উক্ত কেইদিন ৰাষ্ট্ৰীয় উদ্যানৰ সীমান্ত এলেকাত অর্থাৎ পৰম্পৰাগতভাৱে মাছ ধৰি থকা বিলৰ কাষৰীয়া অঞ্চলত ১৪৪ ধাৰা জাৰি কৰাৰ লগতে পাঁচজনতকৈ অধিক লোকৰ সমাগম নিষিদ্ধ কৰিছে।

উপৰিও উক্ত এলেকাত অনুমতি অবিহনে সমৱেত নোহোৱা, মাছ ধৰা সামগ্ৰী লৈ খাল- বিলত মাছ ধৰা নিষিদ্ধ কৰাৰ লগতে কোনোধৰণৰ আগ্নেয়াস্ত্র, ধেনু-কাঁড় আদি অস্ত্ৰ অনাৰো নিষেধাজ্ঞা জাৰি কৰিছে। এই নিৰ্দেশনা ভংগ কৰা লোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জাননীত উল্লেখ কৰিছে কলিয়াবৰ মহকুমা প্রশাসনে।

অন্যহাতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অৰ্থাৎ কঁহৰা বনাঞ্চলৰ অধীনত কালমুখ বিলতো বোকাখাত মহকুমা প্রশাসনে ১৪৪ ধাৰা জাৰি কৰি মাঘ বিহুত মাছ ধৰা নিষিদ্ধ কৰে। উল্লেখযোগ্য যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সুৰক্ষাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া ৰাইজে বন বিভাগৰ লোকক সহযোগ কৰি আহিছে।

উদ্যানৰ কাষৰীয়া ৰাইজৰ সহযোগৰ অবিহনে বিশ্ব ঐতিহ্য ক্ষেত্ৰখন সফলতাৰে সুৰক্ষিত কৰাটো অসম্ভৱ। গতিকে ৰাইজ আৰু বন বিভাগৰ সৈতে সম্পৰ্ক সুদৃঢ় কৰি ৰখা, বন আৰু বন্যপ্ৰাণী সুৰক্ষা কৰাত অধিক উৎসাহেৰে আগবাঢ়ি অহা আদি উদ্দেশ্যৰে প্ৰয়াত মুখ্যমন্ত্ৰী শৰৎ সিংহই মাঘ বিহুৰ উৰুকাত ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া ৰাইজক এই সুবিধা প্ৰদান কৰাৰ অনুমতি দিছিল যদিও বর্তমান উদ্দেশ্য বিফল হোৱাৰ দিশে গতি কৰিছে।

কাজিৰঙাৰ এই পৰম্পৰাৰ নামত এতিয়া বেপাৰ আৰম্ভ হৈছে। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লোকে বৃহৎ জালেৰে মাছ ধৰাৰ ফলত স্থানীয় ৰাইজ প্রকৃত উদ্দেশ্যৰ পৰা বঞ্চিত হ'বলগা পৰিস্থিতিৰ সৃষ্টি হৈ পৰিছে।

ইফালে বন্যপ্ৰাণী প্ৰতিৰোধ আইন ভংগ কৰি এচাম লোকে পৰম্পৰাৰ নামত ৰাষ্ট্ৰীয় উদ্যানৰ নিষিদ্ধ এলেকাত প্ৰৱেশ কৰে। বন বিভাগৰ লোকৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ বাবে উদ্যান কর্তৃপক্ষ‍ই বাধ্য হৈ প্ৰশাসনৰ সহযোগ ল'বলগা হৈছে বুলি বন বিষয়াই জানিবলৈ দিয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in