ফেচবুকৰ ভাল খবৰবোৰ...

ফেচবুকৰ ভাল খবৰবোৰ...
ফেচবুকৰ ভাল খবৰবোৰ...

মৃদুল কুমা ৰ সন্দিকৈ

শেহতীয়াকৈ মানুহৰ মাজত কিছু প্ৰৱণতাই গা কৰি উঠিছে। নিজকে প্ৰতিষ্ঠা কৰাৰ এই প্ৰৱণতাক পোনচাতেই বেয়া বুলি ক'ব নোৱাৰি। আজিৰ দিনত আত্ম প্ৰতিষ্ঠাৰ বাবে আত্মপ্ৰচাৰ অতিকৈ প্ৰয়োজন হৈছে।

ইয়াত মুখ্যতঃ ভূমিকা পালন কৰিছে সামাজিক মাধ্যম সমূহে। সেয়ে সামাজিক মাধ্যমক কোনেও নুই কৰিব নোৱাৰা পৰিৱেশ এটা সৃষ্টি হৈছে। বলিউডৰ তাৰকাৰ পৰা আৰম্ভ কৰি প্ৰায় সকলোৱে সামাজিক মাধ্যমক নিজস্ব ধৰণে ব্যৱহাৰ কৰি ইয়াৰ সুযোগ গ্ৰহণ কৰিছে।

অসমতো সামাজিক মাধ্যমৰ প্ৰভাৱ মন কৰিবলগীয়া। বিশেষকৈ গ্ৰন্থ মেলাৰ বতৰত সামাজিক মাধ্যমৰ জৰিয়তে এচাম নতুন লিখকে তেওঁলোকৰ শেহতীয়াকৈ প্ৰকাশিত গ্ৰন্থসমূহৰ এক ইতিবাচক প্ৰচাৰ চলোৱা দেখিবলৈ পোৱা গ'ল।

ইয়াৰ ফলত এই গ্ৰন্থসমূহে পাঠকৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে প্ৰকাশিত গ্ৰন্থসমূহৰ বতৰা পাঠকৰ মাজলৈ লৈ যোৱাত সফল হৈছে। গ্ৰন্থ মেলাৰ বতৰত সামাজিক মাধ্যমত বিশেষ ভাৱে চৰ্চিত এখন গ্ৰন্থই পাঠকৰ ব্যপাক সহাৰি লাভ কৰিলে।

'অসম ভৱন মুম্বাই আৰু মই' নামৰ এই গ্ৰন্থখনৰ লেখক ত্ৰিনয়ণ সন্দিকৈ। প্ৰথমখন কিতাপে পঢ়ুৱৈৰ মাজত এনে খলকনি সৃষ্টি কৰাৰ কাৰণ হ'ল লিখকে অতি সুন্দৰ ভাৱে অসম ভৱনৰ অভিজ্ঞতাসমূহ বৰ্ণনা কৰাৰ লগতে এক ইতিহাস লিপিবদ্ধ কৰিছে।

যিকোনো পাঠকে গ্ৰন্থখন হাতত লৈ শেষ নকৰাকৈ থাকিব নোৱাৰে। নিসন্দেহে এইবাৰ গ্ৰন্থমেলাত এই গ্ৰন্থখন এখন অন্যতম গ্ৰন্থৰূপে বিবেচিত হৈছে। গ্ৰন্থখনৰ বিষয়বস্তু লিখৰ প্ৰকাশ ভংগী আৰু বহু ভিতৰুৱা খবৰ লিখকে দিয়াৰ লগতে মুম্বাইলৈ কেঞ্চাৰ ৰোগৰ চিকিৎসা কৰিবলৈ যোৱা লোকসকলৰ সহায় হ'ব পৰাকৈ কিতাপখনত বহু তথ্য সন্নিৱিষ্ট কৰিছে।

সামাজিক মাধ্যমত চৰ্চিত আন এখন কিতাপ হ'ল 'জোনবিল ভেনাছ' গল্পকাৰ অংকিতা বৰুৱাৰ চুটি গল্পৰ এই সংকলনখনি প্ৰথম প্ৰকাশ ২০২২ ৰ নৱেম্বৰত আৰু দ্বিতীয় প্ৰকাশ ২০২৩ ৰ জানুৱাৰী।

পূৰ্বায়ন প্ৰকাশনে প্ৰকাশ কৰা এই গ্ৰন্থখনৰ গল্পবোৰ নতুন আংগিকেৰে গল্পকাৰে তুলি ধৰাত সফল হৈছে। নতুন প্ৰজন্মৰ গল্পকাৰসকলৰ ভিতৰত সম্ভাৱনাময় গল্পকাৰ হিচাপে 'জোনবিল ভেনাছ' পঢ়াৰ পিছত এক প্ৰত্যয় জন্ম হ'ব পাঠকৰ মনত।

বিপাশা বৰাৰ আন এখন উল্লেখযোগ্য উপন্যাস 'জাকাৰান্দা'। এই উপন্যাসখনেও পাঠকৰ সহাৰি বুটলিবলৈ সক্ষম হৈছে আৰু সামাজিক মাধ্যমতো গ্ৰন্থখনক লৈ চৰ্চা হৈছে।

গ্ৰন্থমেলাৰ কিছুদিনৰ পূৰ্বেই হাতত পৰা আন এখন কিতাপ আছিল অসমৰ প্ৰতিষ্ঠিত গল্পকাৰ, ঔপন্যাসিকা গীতালি বৰাৰ শেহতীয়া উপন্যাস 'বাসনাহীনা'। গীতালি বৰাৰ এই উপন্যাসখনত কবিতা, ছবি আৰু গানৰ সমাহাৰ ঘটিছে। ফ্ৰিজিডিটিক লৈ লিখা এই উপন্যাসখনে অসমীয়া উপন্যাসৰ এক নতুন বাট মুকলি কৰিলে।

শক্তিশালী ঔপন্যাসিকা গীতালি বৰাৰ বিষয়বস্তু সদায় ব্যতিক্ৰম। ইতিমধ্যে সমালোচকসকলে এই কথা উল্লেখ কৰিছে যে, লেখিকাই ফ্ৰিজিডিটিৰ সৈতে সম্পৰ্কিত তাত্তিক কথাখিনিক এই উপন্যাসখনত পদ্ধতিগত ভাৱে উপস্থাপন কৰাত সফল হৈছে।

বিভিন্ন বিষয়ৰ গ্ৰন্থ , গ্ৰন্থমেলাৰ বতৰত প্ৰকাশ পায়। ফণিধৰ পাঠকৰ নতুন গ্ৰন্থ ক্ষুদ্ৰ 'উদ্যোগত সফলতা লাভৰ আঁৰৰ কথা' আন এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ। নতুন উদ্যোগীসকলৰ বাবে এই গ্ৰন্থখন যথেষ্ট সহয়াক হ'ব।

স্বাতী কিৰণৰ বিশ্বৰ ২৫ টা নিৰ্বাচিত গল্পৰ সংকলন (অনুবাদ) এইবাৰ গ্ৰন্থমেলাত প্ৰকাশিত উল্লেখযোগ্য গ্ৰন্থ। গ্ৰন্থসমূহৰ বাৰ্তা দিবলৈ প্ৰাঞ্জল এ শৰ্মাৰ উদ্যোগত গ্ৰন্থ বাৰ্তা নামৰ এখন গ্ৰন্থৰ প্ৰথম সংকলন এইবাৰ গ্ৰন্থমেলাৰ বতৰতে প্ৰকাশ পালে।

পাঠকক আকৰ্ষণ কৰা গ্ৰন্থসমূহৰ ভিতৰত মনোজ কুমাৰ গোস্বামীৰ 'ৰাজনীতিৰ অলিয়ে গলিয়ে, অফ দ্য ৰেকৰ্ড', মল্লিকা হাজৰিকাৰ 'একচল্লিশ', ধ্ৰুৱজ্যোতি অৰ্জুনাৰ শেহতীয়া উপন্যাস 'বসুনন্দন' আদি অন্যতম।

বসুনন্দনত তেওঁ কৃষ্ণক মুখ্য চৰিত্ৰ ৰূপে লৈ আৰু সৌৱলপুত্ৰ শকুনিক তুলি ধৰিছে ঔপন্যাসিকগৰাকীয়ে। কিছু ব্যতিক্ৰম চিন্তা চৰ্চাৰ মাজেৰে আৰু গভাৰ অধ্যয়নৰ জৰিয়তে অসমীয়া সাহিত্যৰ বাবে এই ধৰণৰ সৃষ্টি অতি উৎসাহজনক।

কৃষ্ণ কেন্দ্ৰিক দৰ্শন ধ্ৰুৱজ্যোতি অৰ্জুনাৰ কলমৰ মাজেৰে চৰিত্ৰৰ ৰূপত পাঠকৰ হাতত পৰাৰ পাছত সেয়েহে পাঠকৰ আগ্ৰহৰ সীমা নাইকিয়া হৈছে। এইবোৰ সামাজিক মাধ্যমত প্ৰচাৰিত ভাল খবৰ।

পাঠক আৰু লিখকৰ মাজৰ এক পোনপটিয়া সম্পৰ্ক ইয়াৰ জৰিয়তে গঢ়লৈ উঠিছে। সেই প্ৰচাৰ যিমানেই বেছি হয়, সিমানেই অধ্যয়নৰ পৰিৱেশৰ প্ৰসাৰ ঘটিব। কবিতাৰ ক্ষেত্ৰতো এইবাৰ পাঠকৰ দৃষ্টি আকৰ্ষণ কৰা এখন কাব্য সংকলন ‘পঁইতাচোৰাৰ গতি-বিধি’।

অপৰাজৰ এই কবিতা কিতাপখনো পাঠকে আদৰি লৈছে। ৰাহুল গৌতম শৰ্মাৰ কাব্য সংকলন 'এতিয়ালৈ ইমানেই' প্ৰকাশ পোৱাতো সুখবৰ। এইবোৰ ভাল খবৰৰ চৰ্চা সামাজিক মাধ্যমত সদায় হ'ব লাগে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in