আকৌ পৃথক বড়োলেণ্ডৰ দাবীৰে উত্তাল কোকৰাঝাৰ...

আকৌ পৃথক বড়োলেণ্ডৰ দাবীৰে উত্তাল কোকৰাঝাৰ...
আকৌ পৃথক বড়োলেণ্ডৰ দাবীৰে উত্তাল কোকৰাঝাৰ...
  • পৃথক বড়োলেণ্ড ৰাজ্য গঠনৰ দাবীত কোকৰাঝাৰত পুনৰ উত্তাল প্ৰতিবাদ৷

  • ভূমিষ্ঠ হৈয়ে বড়োলেণ্ডৰ দাবীত আন্দোলনৰ কাৰ্যসূচী সদৌ বড়ো প্ৰাক্তন ভলন্টিয়াৰ অৰ্গেনাইজেশ্বনৰ ।

  • কোকৰাঝাৰ শিশু উদ্যানত এই ধৰ্ণা-প্ৰতিবাদী কাৰ্যসূচী ।

  • যোৱা ১৮ ডিচেম্বৰত ভূমিষ্ঠ হৈছিল সদৌ বড়ো প্ৰাক্তন ভলন্টিয়াৰ অৰ্গেনাইজেশ্বনৰ।

  • হাতে হাতে প্লেকাৰ্ড লৈ ন' বড়োলেণ্ড ন' ৰেষ্ট ,আমাক বড়োলেণ্ড লাগিবই, আমাৰ দাবী নাৰ্য দাবী, আমাক শান্তি লাগিবই আদি শ্লোগানেৰে পৰিৱেশ উত্তাল ।

  • সংগঠনটোৰ সভাপতি ডলিন কুমাৰ ব্ৰহ্মৰ মন্তব্য- পৃথক বড়োলেণ্ড অবিহনে বড়ো জনগোষ্ঠীৰ উন্নতি সম্ভৱ নহয় ৷

  • বুঢ়া বয়সত পৃথক বড়োলেণ্ডৰ বাবে কৰিব লগা হৈছে আন্দোলন ।

  • যিকোনো প্ৰকাৰে অসমৰ পৰা ফালৰি কাটি বড়োলেণ্ড গঠন কৰিব লাগিব ।

  • বি এ চি , বি টি চি , বি টি আৰ চুক্তিয়ে আশা পূৰণ কৰিব পৰা নাই বড়োসকলৰ ।

  • সোণকোষৰ পৰা শদিয়ালৈ সন্তুষ্ট নহয় বড়োসকল ।

  • বি টি আৰ চুক্তিৰ পিছত বড়োৰ অধিকাৰ খৰ্ব হৈছে ।

  • প্ৰতিবাদস্থলীত সংগঠনটোৰ কাৰ্যকাৰী সভাপতিৰ মন্তব্য- বি টি আৰ চুক্তি সন্তোষজনক নহ'ল ।

  • বড়োসকলক নি:শেষ কৰাৰ ষড়যন্ত্ৰ চলিছে ।

  • বড়োলেণ্ড গঠনৰ সপোন পূৰণ নহ'ল ।

  • সেয়ে বড়োলেণ্ড ৰাজ্য গঠন নোহোৱালৈকে প্ৰতিবাদ অব্যাহত থাকিব৷

  • ধৰ্ণা -প্ৰতিবাদী কাৰ্যসূচীৰ পিছতে জিলা উপায়ুক্তৰ যোগেদি প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ ।

  • স্মাৰকপত্ৰ যোগে পৃথক বড়োলেণ্ড গঠনৰ দাবী উত্থাপন ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in