গণেশগুৰিত আৰক্ষীৰ বাহন দুৰ্ঘটনাগ্ৰস্তঃ চালকৰ বিৰুদ্ধে সুৰা সেৱনৰ গুৰুতৰ অভিযোগ...

গণেশগুৰিত আৰক্ষীৰ বাহন দুৰ্ঘটনাগ্ৰস্তঃ চালকৰ বিৰুদ্ধে সুৰা সেৱনৰ গুৰুতৰ অভিযোগ...
গণেশগুৰিত আৰক্ষীৰ বাহন দুৰ্ঘটনাগ্ৰস্তঃ চালকৰ বিৰুদ্ধে সুৰা সেৱনৰ গুৰুতৰ অভিযোগ...

ডিজিটেল ডেস্কঃ উৰুকাৰ নিশা মহানগৰীৰ ৰাজপথত সংঘটিত হ'ল এক ভয়ংকৰ পথ দুৰ্ঘটনা। গণেশগুৰি উৰণীয়া সেতুৰ ওপৰত সংঘটিত হৈছিল এই পথ দুৰ্ঘটনা।

এই দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত হয় লতাশিল আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিতুল দাস আৰু বাহনখনৰ চালকগৰাকী। মহানগৰীৰ সুৰক্ষা আৰু নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষীয়ে উৰুকা উপলক্ষে মহানগৰীৰ ৰাজপথৰ বিভিন্ন স্থানত সুৰা সেৱনকাৰী চালকৰ বিৰুদ্ধে চলাইছিল অভিযান।

তাৰ মাজতে সংঘটিত হোৱা এই পথ দুৰ্ঘটনাই এতিয়া ব্যাপক চাঞ্চল্য সৃষ্টি কৰিছে। কিয়নো দুৰ্ঘটনাত পতিত হোৱা আৰক্ষীৰ ব'লেৰো বাহখনৰ চালকজনে সুৰা সেৱন কৰি বাহন চলোৱাৰ সন্দেহ কৰা হৈছে।

উল্লেখ্য যে দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে ব'লেৰো বাহনখনৰ সন্মুখ ভাগ সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰিছে। বাহনখনৰ নম্বৰ AS 30 9253। এই দুৰ্ঘটনাৰ পিছতে এতিয়া প্ৰশ্ন উত্থাপন হৈছে, কেনেকৈ নিশাৰ মুকলি ৰাজপথত এইদৰে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হ'বলৈ পালে? কিয় ইমান তীব্ৰ বেগেৰে চলিছিল বাহনখন?

যদি চালকজনে সুৰা সেৱন কৰি আছিল তেন্তে কিয় চালকজনক বাহনখন চলাবলৈ অনুমতি দিছিল? সুৰা সেৱন কৰা চালকৰ বিৰুদ্ধে অভিযান চলোৱা আৰক্ষীয়ে কিয় নিজেই সেই নিয়ম পালন নকৰে? এনেদৰেই এতিয়া ভিন্নজনে ভিন্ন প্ৰশ্ন উত্থাপন কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in