বছৰৰ শেষত লখিমপুৰলৈ ভাল খবৰ...

বছৰৰ শেষত লখিমপুৰলৈ ভাল খবৰ...

author-image
Asomiya Pratidin
New Update
বছৰৰ শেষত লখিমপুৰলৈ ভাল খবৰ...

বছৰৰ শেষত লখিমপুৰলৈ ভাল খবৰ...

ডিজিটেল ডেস্কঃ বছৰৰ শেষত লখিমপুৰৰ বাবে আহিল এক ভাল খবৰ। লখিমপুৰৰ চকুলীভৰীয়াত নিৰ্মাণ হ'ব অত্যাধুনিক প্ৰেক্ষাগৃহ আৰু আলোচনাগৃহ।

লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ আবেদনৰ ওপৰত ভিত্তি কৰি নগৰ উন্নয়ন বিভাগে অত্যাধুনিক প্ৰেক্ষাগৃহ আৰু আলোচনাগৃহ নিৰ্মাণৰ বাবে অনুমোদন জনাইছে। উল্লেখ্য যে, লখিমপুৰৰ চকুলীভৰীয়াত নিৰ্মাণ কৰিবলগীয়ৈ অত্যাধুনিক প্ৰেক্ষাগৃহটো হ’ব ৮০০ আসন যুক্ত। আনহাতে নিৰ্মাণ কৰিবলগীয়া অত্যাধুনিক আলোচনাগৃহ হ'ব ২০০ আসন যুক্ত।

প্ৰেক্ষাগৃহটো নিৰ্মাণৰ বাবে নিৰ্ধাৰণ কৰা হৈছে ২৫ কোটি টকা। আনহাতে আলোচনা গৃহটো নিৰ্মাণৰ বাবে নিৰ্মাণ ব্যয় নিৰ্ধাৰণ কৰা হৈছে ১৫ কোটি টকা।

ক্লিক কৰি পঢ়কঃ কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামৰ উদ্যোগত ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস উদযাপন

মানৱ ডেকা লখিমপুৰ