অসমতো বিশ্বকাপৰ মেচ ! তাৰ পূৰ্বে সফল কৰক ১০ জানুৱাৰীৰ ভাৰত-শ্ৰীলংকাৰ এদিনীয়া মেচ

অসমতো বিশ্বকাপৰ মেচ ! তাৰ পূৰ্বে সফল কৰক ১০ জানুৱাৰীৰ ভাৰত-শ্ৰীলংকাৰ এদিনীয়া মেচ
অসমতো বিশ্বকাপৰ মেচ ! তাৰ পূৰ্বে সফল কৰক ১০ জানুৱাৰীৰ ভাৰত-শ্ৰীলংকাৰ এদিনীয়া মেচ

ডিজিটেল ডেস্কঃ পুনৰ ক্ৰিকেট জ্বৰত আক্ৰান্ত হোৱাৰ দিশে অসম। গুৱাহাটীত ভাৰত-শ্ৰীলংকাৰ এদিনীয়া মেচ। এই এদিনীয়া মেচৰ সফলতাই নিৰ্ণয় কৰিব ভাৰতত অনুষ্ঠিত হ'বলগীয়া এদিনীয়া বিশ্বকাপৰ মেচ অনুষ্ঠিত কৰাৰ সুযোগ লাভৰ ভৱিষ্যত।

মাত্ৰ দুমাহ পূৰ্বে অসমত অনুষ্ঠিত হৈছিল ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজত টি-২০ মেচ। মেচখনত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল ৰোহিত বাহিনী। ২ মাহ পিছত আকৌ গুৱাহাটীত মেন ইন ব্লু।

আকৌ গুৱাহাটীত চলিব  কিং কোহলি, কেপ্টেইন ৰোহিত, কে এল ৰাহুল, পাণ্ডিয়াৰ বেটিং বিক্ৰম। সূৰ্য কুমাৰ যাদৱ আছেই। আহিব শুভমন গিল, শ্ৰেয়াস আয়াৰ, ঈষাণ কিষাণ। দীৰ্ঘদিন ধৰি আঘাতৰ বাবে দলৰ পৰা বাহিৰত থকা বুমৰাহেও গুৱাহাটীতেই পুনৰ কৰিব দললৈ প্ৰত্যাৱৰ্তন।

মাজত মাত্ৰ ২ টা দিন। অহা ১০ জানুৱাৰীত শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতীয় দলটোৱে গুৱাহাটীত প্ৰথমখন এদিনীয়া শৃংখলাত অংশগ্ৰহণ কৰিব। এই এদিনীয়া শৃংখলাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে অসম ক্ৰিকেট সন্থাই।

ইতিমধ্যে মেচখনৰ বাবে মুকলি কৰি দিয়া ৪০ হাজাৰ টিকটৰ প্ৰায় ২৫ হাজাৰ বিক্ৰী হৈছে। বুক মাই শ্বৰ জৰিয়তে অনলাই মাধ্যমেৰে আৰু নেহেৰু ষ্টেডিয়ামতো বিক্ৰী কৰি থকা হৈছে মেচৰ টিকট।

মেচখন উপভোগ কৰাৰ ক্ষেত্ৰত প্ৰশাসনে নিৰ্ধাৰণ কৰি দিছে কিছু নীতি নিয়ম। দিনৰ ১-৩০ বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া মেচখনৰ ৩ ঘণ্টাৰ পূৰ্বেই খুলি দিয়া হ'ব ষ্টেডিয়ামৰ গেট।

ষ্টেডিয়ামৰ ভিতৰলৈ দৰ্শকে নিব পাৰিব কেৱল মোবাইল ফোন, মানিবেগ আৰু পতাকা। পতাকাৰ লগত আকৌ থাকিব নোৱাৰিব ষ্টিক। কোনো দৰ্শকে ষ্টেডিয়ামৰ ভিতৰলৈ নিব নোৱাৰিব বাহিৰৰ খাদ্য বস্তু।

ষ্টেডিয়ামৰ ভিতৰতেই উপলব্ধ হ’ব খাদ্যৰ বিপণী। আনহাতে এদিনীয়া মেচখনক কেন্দ্ৰ কৰি গুৱাহাটীৰ যানবাহন আৰক্ষীয়েও জাৰি কৰিছে কিছু নীতি- নিৰ্দেশনা। সেই অনুসৰি ১০ জানুৱাৰীত বৰ্ষাপাৰা ষ্টেডিয়ামলৈ যাব পাৰিব বৰ্ষাপাৰা তিনিআলি হৈ এ কে আজাদ পথৰে, ২নং গেটলৈ যাব পাৰিব এ কে আজাদ পথৰে বৰ্ষাপাৰা তিনিআলি হৈ।

৩নং গেটলৈ যাব পাৰিব এ কে আজাদ পথৰ গ’ড্রেজ গলিয়েদি। ৪নং গেটলৈ যাব পাৰিব এ কে আজাদ পথৰ ৰ’লিং মিল তিনিআলি হৈ। আনহাতে ড০ ভূপেন হাজৰিকা পথৰ ৫নং আৰু ৬নং গেটলৈ যাব পাৰিব ৰঘুনাথ পথৰে। ৭নং গেটলৈ যাব পাৰিব বৰ্ষাপাৰা তিনিআলি হৈ।

যানবাহন আৰক্ষীৰ নিৰ্দেশনা অনুসৰি খেল উপভোগ কৰিবলৈ যিসকল দৰ্শকে এ কে দেৱ ৰোড হৈ যাব তেওঁলোকে ৬টা স্থানত বাহন পাৰ্কিং কৰিব পাৰিব।  চম্পাৱতী খেলপথাৰ, গণেশপাৰা খেলপথাৰ, দাতালপাৰ খেলপথাৰ, চম্পাৱতী খেলপথাৰৰ পৰা গড়চুক তিনিআলি পথত আৰু আমবাৰী ৰংপথাৰ ফিল্ড, PWD ফিল্ডত।

এ কে আজাদ ৰোড পথেৰে অহা দৰ্শকসকলৰ বাবে পাৰ্কিংৰ ৭ টা স্থান নিৰ্ধাৰণ কৰা হৈছে। সেই অনুসৰি লুটুমা ফিল্ড, চাইকেল ফেক্টৰী ফিল্ড, ৰ’লিং মিল পাৰ্কিং ফিল্ড ছানৰাইজ ক্লাৱ, কলনি বজাৰৰ পৰা বৰ্ষাপাৰা BSNL কাৰ্যালয় পথৰ এটা অংশ, কালী মন্দিৰ স্প্রিং ক্লাৱ ফিল্ড আৰু কলনি বজাৰ। ইয়াৰোপৰি নতুন পদ্মশ্রী ক্লাৱ ফিল্ডটো পাৰ্কিং কৰিব পাৰিব যানবাহন।

ইফালে ১০ জানুৱাৰীৰ এদিনীয়া মেচখনৰ বাবে আজিৰে পৰা গুৱাহাটীলৈ ভাগ ভাগ হৈ আহিব ভাৰতীয় দলটোৰ খেলুৱৈসকল। আজি নিশা ৩ জন খেলুৱৈৰ সৈতে আহিব ৩ ৰ পৰা ৪ জন চাপৰ্টিং ষ্টাফ।

মেচখন যাতে সকলো দিশৰ পৰাই সাফল্যমণ্ডিত হৈ উঠে তাৰ বাবে ব্যৱস্থাপনাত কোনো ত্ৰুতি ৰাখিব বিচৰা নাই অসম ক্ৰিকেট সন্থাই। কিয়নো সন্মুখত আছে এদিনীয়া বিশ্বকাপ।

বৰ্ষাপাৰাত এদিনীয়া বিশ্বকাপৰ মেচ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত ভাৰত-শ্ৰীলংকাৰ এইখন এদিনীয়া মেচ হ'ব পাৰে অগ্নি পৰীক্ষা।সফলতাৰে এই এদিনীয়া মেচ সম্পন্ন হ'লেই হয়তো অসমে প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ মেচ অনুষ্ঠিত কৰাৰ সুযোগ লাভ কৰিব।

সেয়ে অসম ক্ৰিকেট সন্থাই বিচাৰিছে এতিয়া অসম তথা উত্তৰ পূ্ৰ্বাঞ্চলৰ ক্ৰিকেট প্ৰেমীৰ উপস্থিতি আৰু সহযোগিতা। দৰ্শকসকলে যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবেও কৰিছে বিশেষ ব্যৱস্থা। ষ্টেডিয়ামত মহৰ প্ৰকোপ নহ'বলৈ কৰিছে ফগিং, সাপ নোলাবলৈ কৰিছে স্প্রে। পোহৰৰ বাবেও কৰিছে সু-ব্যৱস্থা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in