বৈধ নে অবৈধ ? ন্যায়ালয়ে দিলে ৰায়...

বৈধ নে অবৈধ ? ন্যায়ালয়ে দিলে ৰায়...
বৈধ নে অবৈধ ? ন্যায়ালয়ে দিলে ৰায়...

তুষাৰ প্ৰতিম

৮ নৱেম্বৰ ২০১৬। প্ৰতিজন ভাৰতীয়ৰ বাবে অতি পৰিচিত এই তাৰিখ। নহ'বই বা কিয়? এই বিশেষ দিনটোতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে হঠাৎ ঘোষণা কৰা এটা সিদ্ধান্তই দেশবাসীক লৈ আহিছিল ৰাজপথলৈ।

হয়, এটা নিশাৰ ভিতৰতে দেশবাসীয়ে নিজৰ লগত ৰখা, জমা ৰখা ৫০০ আৰু ১০০০ টকীয়া নোটবোৰ অচল হৈ পৰিছিল। যাৰ বাবে ৯ নৱেম্বৰৰ পুৱাৰ পৰাই বেংকৰ সন্মুখত থিয় দিবলৈ বাধ্য হৈছিল দেশবাসী।

বাদ পৰি যোৱা নাছিল প্ৰধানমন্ত্ৰীৰ সদ্য প্ৰয়াত মাতৃও। অৱশ্যে সেয়াও আছিল হেনো এক প্ৰচাৰৰ কৌশল। ৰাজনৈতিক নেতা, বিশেষজ্ঞই তাকেই কয়।

সন্ত্ৰাসবাদ, দুৰ্নীতি নিমূল, ক'লা ধন উভতাই অনা. নগদ ধনৰ প্ৰচলন হ্ৰাস কৰা আৰু ধনৰ লেনদেনক সম্পূৰ্ণ ডিজিটেল কৰা আদিকে ধৰি কেইবাটাও উদ্দেশ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰা বিমুদ্ৰাকৰণ সফলনে? এই প্ৰশ্নৰ উত্তৰ আজিৰ তাৰিখিত চৰকাৰী ভাৱে স্পষ্টকৈ সফল বুলি দাবী কৰিব পৰা অৱস্থাত নাই।

বিজেপি দলৰ লগতে চৰকাৰৰ অনুগামীসকলে এতিয়া বিমুদ্ৰাকৰণৰ বিষয়টো এৰি চলে। অৱশ্যে তাৰ মাজতে আজি দেশৰ উচ্চতম ন্যায়ালয়ে দিয়া এক ৰায়ে বিমুদ্ৰাকৰণক লৈ বিজেপি চৰকাৰ আৰু অনুগামীসকলক মুখ খুলিব পৰাকৈ এটা বাট মুকলি কৰি দিলে।

দেশৰ মহামান্য উচ্চতম ন্যায়ালয়ে চৰকাৰে ৫০০ আৰু ১০০০ টকীয়া নোট বন্ধ কৰা সিদ্ধান্তৰ পক্ষত ৰায় প্ৰদান কৰিছে। সৰ্বোচ্চ ন্যায়ালয়ে সোমবাৰে এই গোচৰ সন্দৰ্ভত ৰায় প্ৰদান কৰি বিমুদ্ৰাকৰণৰ বিৰুদ্ধে দাখিল হোৱা সকলো আবেদন খাৰিজ কৰে।

ন্যায়ালয়ৰ পাঁচগৰাকী ন্যায়াধীশৰ সংবিধানপীঠে এই সন্দৰ্ভত কৈছে, যে ২০১৬ত কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা ৫০০ আৰু ১০০০ টকীয়া নোট নিষিদ্ধ কৰাৰ বাবে লোৱা সিদ্ধান্ত কাৰ্যপালিকাৰ আৰ্থিক নীতিৰ অংশ আছিল। ইয়াক সলনি কৰিব পৰা নাযায়।

বিমুদ্ৰাকৰণ কেন্দ্ৰৰ একপক্ষীয় সিদ্ধান্ত নাছিল বুলি উল্লেখ কৰি সংবিধানপীঠে কৈছে যে, বিমুদ্ৰাকৰণৰ পূৰ্বে ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াৰ মাজত আলাপ–আলোচনা হৈছিল। ৰিজাৰ্ভ বেংকৰ ওচৰত বিমুদ্ৰাকৰণ বা ডিমনিটাইজেশ্যনৰ দৰে ডাঙৰ বিষয়ত সিদ্ধান্ত লোৱাৰ কোনো স্বতন্ত্ৰ শক্তি নাই।

উচ্চতম ন্যায়ালয়ে ৰায় প্ৰদান কৰি কয় স্পষ্টকৈ উল্লেখ কৰিছে ১০০০ আৰু ৫০০ টকীয়া নোট বন্ধৰ নিৰ্দেশ বৈধ আছিল। চৰকাৰে ৬ মাহ ধৰি ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াক সৈতে এই বিষয়ত আলোচনা কৰিছিল।

অৱশ্যে ন্যায়ালয়ৰ সংবিধানপীঠে বিমুদ্ৰাকৰণৰ উদ্দেশ্য সফল হ'ল নে নাই সেই বিষয়টো প্ৰাসংগিক নহয় বুলিও মন্তব্য কৰিছে। সংবিধানপীঠত থকা ৫ জন ন্যায়াধীশৰ ভিতৰত ৪ জনেই বিমুদ্ৰাকৰণৰ সপক্ষে ৰায় দিছে।

বিমুদ্ৰাকৰণৰ সপক্ষে ৰায় দিয়া ন্যায়াধীশসকল এছ এ নাজিৰ, বি আৰ গৱাই, এ এছ বোপন্না, ভি ৰামসুব্ৰমণিয়ম। আনহাতে ন্যায়াধীশ বি ভি নাগৰত্নে বিমুদ্ৰাকৰণৰ সপক্ষে ৰায় দিয়াৰ পৰা বিৰত থাকে।

তেওঁৰ মতে বিমুদ্ৰাকৰণ আছিল বে–আইনী। বিমুদ্ৰাকৰণ হ'ব লাগিছিল সংসদত আইন প্ৰণয়ণৰ জৰিয়তে। কিন্তু এই সিদ্ধান্ত লোৱা হৈছিল মাত্ৰ ২৪ ঘণ্টাত।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যি উদ্দেশ্যৰে বিমুদ্ৰাকৰণ কৰিলে সেই উদ্দেশ্যত যে সফল নহ'ল সেয়া স্পষ্ট। বিমুদ্ৰাকৰণে দেশৰ অৰ্থনীতিৰ ভেঁটিহে দুৰ্বল কৰিলে। পদপথলৈ আহিবলৈ বাধ্য কৰিলে ক্ষুদ্ৰ ব্যৱসায়ীক।

এনে পৰিস্থিতিতে বিমুদ্ৰাকৰণৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত মুঠ ৫৮ খন আবেদন দাখিল হৈছিল।এই আবেদনত আবেদনকাৰীয়ে অভিযোগ কৰিছিল যে, বিমুদ্ৰাকৰণে দেশৰ নাগৰিকক হাৰাশাস্তি কৰিছে।

বিমুদ্ৰাকৰণৰ প্ৰধান উদ্দেশ্য আছিল ক'লা ধন ঘূৰাই অনা। কিন্তু এই মূল লক্ষ্যত উপনীত হোৱাত বিমুদ্ৰাকৰণ ব্যৰ্থ হৈছে। বিত্তীয় বিশেষজ্ঞৰ মতে যোৱা ছয় বছৰৰ পৰিসংখ্যা অনুসৰি বিমুদ্ৰাকৰণে ক'লা ধন হ্ৰাস কৰিব নোৱাৰিলে।

যোৱা  ২১ অক্টোবৰলৈকে জনসাধাৰণৰ হাতত থকা নগদ ধন ৩০.৮৮ লাখ কোটি টকাৰ অভিলেখ স্তৰত উপনীত হৈছিল। যিয়ে প্ৰমাণ কৰিছে বিমুদ্ৰাকৰণৰ ৬ বছৰ পিছতো দেশত বৃহৎ পৰিমাণত নগদ ধন ব্যৱহাৰ হৈ আছে। প্ৰচলিত নগদ ধনৰ এই পৰিমাণ ৪ নৱেম্বৰ, ২০১৬ ৰ নগদ ধন প্ৰচলিতৰ তুলনাত ৭১.৮৪ শতাংশতকৈ অধিক।

উল্লেখ্য যে, ২০১৬ ৰ ৪ নৱেম্বৰত জনতাৰ হাতত থকা নগদ ধনৰ পৰিমাণ আছিল ১৭.৭ লাখ কোটি টকা। অৰ্থাৎ বিমুদ্ৰাকৰণ ঘোষণাৰ পিছত  নগদ ধনৰ প্ৰচলন এতিয়া ৭২ শতাংশতকৈও অধিক বৃদ্ধি পাইছে।

যদি  ৰিজাৰ্ভ বেংকৰ এই তথ্যবোৰ বিশ্লেষণ কৰা যায় তেন্তে  দেখা যায়  যে  ৯৯ শতাংশ নগদ ধন পুনৰ ঘূৰি আহিছে। গতিকে বিমুদ্ৰাকৰণে যে ক'লা ধন ঘূৰাই আনিব পৰা নাই বা এই উদ্দেশ্যত সফল হোৱা নাই সেই বিষয়টোক নিশ্চিত কৰিছে।

বিশেষজ্ঞৰ মতে বিমুদ্ৰাকৰণৰ ফলত ক'লা ধনৰ মাত্ৰ ৫ শতাংশতহে প্ৰভাৱ পৰিছিল। বাকী এতিয়াও অলংকাৰ, ৰিয়েল ইষ্টেত আদিত বিনিয়োগৰ জৰিয়তে প্ৰচলন হৈ আছে।

বিমুদ্ৰাকৰণৰ আন এক উদ্দেশ্য আছিল নকল নোট নিয়ন্ত্ৰণ। এই উদ্দেশ্যটো বিফল বিমুদ্ৰাকৰণ। কিয়নো ৰিজাৰ্ভ বেংকৰ পৰা শেহতীয়াকৈ প্ৰকাশ পোৱা তথ্য স্পষ্ট হৈছে বজাৰত নকল নোটৰ সংখ্যা ১০.৭ শতাংশ বৃদ্ধি পাইছে।

নতুন ৫০০ আৰু ২০০০ টকাৰ নকল নোটৰ প্ৰচলন ১০১.৯৩ শতাংশ বৃদ্ধি হৈছে। একেখন প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি ১০ টকাৰ নকল নোটৰ সংখ্যা ১৬.৪৫ শতাংশ আৰু ২০ টকাৰ নকল নোটৰ সংখ্যা ১৬.৪৮ শতাংশ বৃদ্ধি পাইছে।

একেদৰে ২০০ টকাৰ নকল নোটৰ প্ৰচলন ১১.৭ শতাংশ, ১০০ টকীয়া নকল নোটৰ প্ৰচলন ১৬.৭১ শতাংশ, ৫০ টকীয়া নকল নোটৰ প্ৰচলন ২৮.৬৫ শতাংশ বৃদ্ধি পাইছে। নকল নোটৰ এনে প্ৰচলনৰ বাবে বজাৰৰ পৰা প্ৰায় নোহোৱা হ'ল ২০০০ টকীয়া নোট।

যিদৰে মোডীৰ বিমুদ্ৰাকৰণৰ প্ৰথম দুয়োটা উদ্দেশ্যই বিফল হ'ল ঠিক একেদৰে সন্ত্ৰাসবাদীৰ কাৰ্যকলাপো হ্ৰাস পোৱাৰ পৰিৱৰ্তে অবাধ হাৰত চলিয়েই থাকিল। নগদবিহীন লেনদেনৰ লক্ষ্য লৈছিল যদিও তাতো বিফল হ'ল।

মুঠতে বিমুদ্ৰাকৰণৰ এটাও লক্ষ্যত যে উপনীত নহ'ল সেয়া নিশ্চিত। যাৰ বাবে যোৱা ৬ টা বছৰ ধৰি বিজেপি আৰু চৰকাৰৰ অনুগামীসকলে বিমুদ্ৰাকৰণৰ বিষয়টোক লৈ মৌনতা অৱলম্বন কৰি আহিছিল।

এই বিষয়ত প্ৰশ্ন উত্থাপন হ'লেও কৌশলপূৰ্ণ ভাৱে আঁতৰি আহিছিল। তাৰ মাজতে উচ্চতম ন্যায়ালয়ে আজি দিয়া ৰায়ে বিজেপিক অন্ততঃ এই বিষয়ত মুখ খুলিব পৰাকৈ এটা পথ মুকলি কৰি দিলে। সেয়ে আগন্তুক সময়ত যে এই বিষয়টোক লৈ বিজেপিয়ে এডভাণ্টেজ ল'বলৈ চেষ্টা কৰিব সেয়া নিশ্চিত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in