BTC ৰ স্বাস্থ্য সঞ্চালকৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদঃ নৱজাতকৰ অস্বাভাৱিক মৃত্যু আৰু ধনদাবীৰ তদন্তৰ দাবী...

BTC ৰ স্বাস্থ্য সঞ্চালকৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদঃ নৱজাতকৰ অস্বাভাৱিক মৃত্যু আৰু ধনদাবীৰ তদন্তৰ দাবী...

ডিজিটেল সংবাদ চিৰাং: চিৰাং জিলাৰ কাজলগাঁৱৰ জে এছ বি অসামৰিক চিকিৎসালয়ত তিনিমাহৰ ভিতৰত ২১টি কৈ নৱজাতকৰ মৃত্যু আৰু প্ৰসূতিৰ অভিভাৱক পৰা ধনদাবী ঘটনাত আশা কৰ্মীসকল জড়িত থকাৰ যি অভিযোগ উত্থাপন হৈছিল সেই অভিযোগৰ বিৰুদ্ধে আজিও প্ৰতিবাদ অব্যাহত আছে। উল্লেখ্য যে চিকিৎসালয়খনত মাত্ৰ ৩ মাহৰ ভিতৰতে ২১ টি শিশুৰ মৃত্যু আৰু ধনদাবী ঘটনাৰ সৈতে চিকিৎসালয়খনৰ চিকিৎসক,নাৰ্ছ, স্বাস্থ্যকৰ্মী জড়িত নহয় বুলি যোৱা ৩০ ডিচেম্বৰত একপ্ৰকাৰে ক্লিনশ্বিট দিছিল বি টি চিৰ স্বাস্থ্য বিভাগৰ সঞ্চালক ডাঃ উমেশ ফাংছুই।

স্বাস্থ্য সঞ্চালকগৰাকীয়ে কৰা সেই মন্তব্যৰ বিৰুদ্ধে আজি দুপৰীয়া ১২ বজাত জিলাখনৰ বিভিন্ন এলেকাৰ পৰা অহা শতাধিক আশাকৰ্মী একত্ৰিত হৈ কাজলগাঁৱৰ জে এছ বি অসামৰিক চিকিৎসালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে। আশাকৰ্মীসকলে তেওঁলোকক অন্যায় ভাৱে দোষী সাব্যস্ত কৰা বি টি চিৰ স্বাস্থ্য সঞ্চালক মুৰ্দাবাদ, সঠিক তদন্ত নকৰাকৈ একপক্ষীয় ভাবে আশাকৰ্মীক দোষী সাব্যস্ত কৰা মন্তব্য উঠাই লওঁক, জে এছ বি অসামৰিক চিকিৎসালয়ৰ নৱজাতকৰ মৃত্যু আৰু ধনদাবীৰ বিষয়টোৰ উপযুক্ত তদন্ত কৰক , আশাকৰ্মীসকলক ন্যায় প্ৰদান কৰক আদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

আজিৰ আশাকৰ্মীসকলৰ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি আশাকৰ্মী সন্থাৰ নেত্ৰী ৰেখা চৌধুৰীয়ে কয় যে, কাজলগাঁৱৰ এই জে এছ বি অসামৰিক চিকিৎসালয়ত বিগত তিনিমাহৰ ভিতৰত ২১ টি কৈ নৱজাতকৰ মৃত্যুৰ ঘটনা অতি স্পৰ্শকাতৰ বিষয়। তেওঁ প্ৰসূতিৰ অভিভাৱকৰ পৰা কৰ্তব্যৰত নাৰ্ছ তথা স্বাস্থ্যকৰ্মীয়ে ধনদাবী কৰাৰ দৰে গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ পিছতো বিভাগীয় ভাবে কোনো তথ্য ভিত্তিক তদন্ত বা অনুসন্ধান নকৰাকৈয়ে আশা কৰ্মীসকলক দোষী বুলি প্ৰমাণ কৰিবলৈ অপচেষ্টা কৰা বিষটোৰ তীব্ৰ প্ৰতিবাদ কৰে। বি টি চিৰ স্বাস্থ্য বিভাগৰ সঞ্চালক ডাঃ উমেশ ফাংছুয়ে চিকিৎসালয়খনৰ চিকিৎসক, নাৰ্ছ আৰু স্বাস্থ্যকৰ্মীসকলক ধোৱা তুলসীৰ পাত সজাবলৈ কৰা অপচেষ্টাক তীব্ৰ নিন্দা আৰ বিৰোধিতা কৰে।

তেওঁ কয়, আজি আমি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছো । স্বাস্থ্য সঞ্চালকগৰাকীয়ে সম্পূৰ্ণ অন্যায় ভাবে নূন্যতম মাননিৰে দিনে নিশাই কাম কৰা আশাকৰ্মীসকলক বদনাম জাপি দি মন্তব্য কৰিছে আৰু সেই মন্তব্য যেতিয়ালৈকে উঠাই নলয় আৰু ঘটনাৰ উপযুক্ত তদন্ত ঘোষণা নকৰে তেতিয়ালৈকে আশাকৰ্মী সকলে প্ৰতিবাদ কৰি থাকিব।

ইফালে প্ৰতিবাদী কাৰ্য্যসূচী চলি থকাৰ মাজতে চিৰাঙৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ ৰেহেনা বেগম প্ৰতিবাদস্থলীত উপস্থিত হয়। তেওঁ এই সমগ্ৰ বিষয়টো তদন্তৰ আশ্বাস দিয়ে।

অৱশ্যে তেওঁ বিটিচিৰ স্বাস্থ্য বিভাগৰ সঞ্চালকগৰাকীয়ে কিহৰ ভিত্তিত আশাকৰ্মীসকলক দোষী সাব্যস্ত কৰি মন্তব্য কৰিলে বুলি কৰা প্ৰশ্নৰ উত্তৰত যুটীয়া স্বাস্থ্য সঞ্চালকগৰাকীয়ে কয় যে, তেখেতে কিহৰ ভিত্তিত এই মন্তব্য কৰিছে তেওঁ সেই বিষয়ে নাজানে। লগতে তেওঁ তিনিমাহৰ ভিতৰত ২১ টি কৈ নৱজাতকৰ মৃত্যু সাধাৰণ ঘটনা নহয় বুলি উল্লেখ কৰি, ৰোগীৰ আত্মীয়ৰ পৰা ধনদাবীৰ দৰে ঘটনাক সহজ ভাবে নলৈ তদন্তৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰে।

ইয়াৰ পিছতে পিছত আশাকৰ্মী সন্থাৰ বিষয়ববীয়াৰ সৈতে আলোচনাত মিলিত হয় । আলোচনাত যুটীয়া স্বাস্থ্য সঞ্চালকগৰাকীয়ে তদন্তৰ আশ্বাস প্ৰদান কৰাত প্ৰতিবাদী কাৰ্যসূচী উঠাই লয় ।

আশাকৰ্মী সন্থাৰ পৰা সমগ্ৰ ঘটনা এক উচ্চ পৰ্য্যায়ৰ তদন্ত বিচাৰি জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ জৰিয়তে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে । আজি আশাকৰ্মীসকলৰ এই আকস্মিক প্ৰতিবাদী কাৰ্যসূচীৰ তথ্য আগতীয়াকৈ লাভ কৰি আৰক্ষী প্ৰশাসনৰ পৰা কটকটীয়া নিৰাপত্তা ব্যবস্থা গঢ়ি তুলিছিল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in