হায় অসমীয়া ! সুৰাৰ বটল আৰু ডেৰ ফুটিয়া খেৰৰ জুমুঠিও হ'ল 'মেজি'

হায় অসমীয়া ! সুৰাৰ বটল আৰু ডেৰ ফুটিয়া খেৰৰ জুমুঠিও হ'ল 'মেজি'
হায় অসমীয়া ! সুৰাৰ বটল আৰু ডেৰ ফুটিয়া খেৰৰ জুমুঠিও হ'ল 'মেজি'

তুষাৰ প্ৰতিম

কৃষিজীৱি অসমীয়াই বছৰজোৰা পৰিশ্ৰমৰ অনন্তত অৱসাদ দূৰ কৰিবলৈ পালন কৰি আহিছে ভোগৰ উৎসৱ ভোগালী। অসমীয়া কেলেণ্ডাৰৰ পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিত পালন কৰা হয় ভোগালী বিহু।

এই সময়ছোৱাত কৃষিজীৱি অসমীয়াৰ ঘৰ শস্য়, মৎস্যৰে নদন-বদন হৈ থাকে। পুহ মাহত শালি ধান, মাহ, তিল, মগু আদিৰ শস্য় চপাই ভঁৰাল চহকী কৰে। সেয়ে এই সময়খিনি ভোগৰ সময়।

ঘৰে ঘৰে মাছ, মাংসৰ লগতে বিভিন্ন পিঠা, লাড়ু, জলপান, দৈ, কোমল চাউল আদিৰ আয়োজন কৰা হয়। আজি উৰুকা। সমগ্ৰ অসমতে আজি উৰুকাৰ ভোজ-ভাতৰ আয়োজন কৰা হৈছে।

নদী, বিল, ঘাট আৰু বজাৰৰ পৰা অসমীয়াই ডাঙৰতকৈ ডাঙৰ মাছ ক্ৰয় কৰি অনাৰ দৃশ্য ইতিমধ্য়ে সংবাদ মাধ্যম, সামাজিক মাধ্যমৰ জৰিয়তে বহুল প্ৰচাৰ হৈছে। বজাৰত দেখা ভিৰৰ পৰা উৰুকাৰ ভোজ-ভাত যে অসমীয়াই অতি তৃপ্তীদায়ক ভাৱে গ্ৰহণ কৰিব সেয়া নিশ্চিত।

ঠায়ে ঠায়ে বহুতেই আকৌ ৰাজহুৱাকৈ বিলত মাছ ধৰাৰ পৰম্পৰাও ৰক্ষা কৰিছে। অৱশ্যে কাজিৰঙাত পূৰ্বে সমূহীয়া মাছ ধৰাৰ যি পৰম্পৰা সেয়া যোৱা কেইবাটাও বছৰৰ দৰেই এইবাৰো পালন কৰিব নোৱাৰিলে।

কাজিৰঙাত সমূহীয়া মৎস্য চিকাৰত প্ৰশাসনে আগতীয়াকৈ বাধা প্ৰদান কৰি ১৪৪ ধাৰা জাৰি কৰিছে। টেলিভিশ্যন চেনেলৰ বিহু উদযাপনৰ ধামখুমিয়াত যোৱা কেইবছৰৰ দৰে এইবাৰো প্ৰচাৰৰ বাবেই বহু ঠাইত ভিন্ন আকৃতিৰ ভেলাঘৰ, মেজি আদি নিৰ্মাণ কৰা দৃশ্য দেখিবলৈ পোৱা গৈছে।

ঐতিহাসিক কৃৰ্তীচিহ্নৰ লগতে বিভিন্ন আকৃতিৰ ভেলাঘৰে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে বিতৰ্কৰো সূচনা কৰিছে। বিশেষকৈ নগাওঁ আৰু আন প্ৰান্তত নিৰ্মাণ কৰা বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ লীংগাকাৰ আকৃতিৰ শিৱ মন্দিৰ মহা মৃত্যুঞ্জয় মন্দিৰৰ আকৃতিৰে ভেলাঘৰ নিৰ্মাণ কাৰ্যই বিতৰ্কৰ সূচনা কৰিছিল।

কিয়নো মন্দিৰৰ আকৃতিত নিৰ্মাণ কৰা এই ভেলাঘৰত কিদৰে মাছ, মাংসৰ ভোজ-ভাতৰ আয়োজন হ'ব? অৱশ্যে এনে বিতৰ্কৰ পৰিপ্ৰেক্ষিততে নগাঁৱত নিৰ্মাণ কৰা মহা মৃত্যুঞ্জয় মন্দিৰৰ আৰ্হিৰ ভেলাঘৰত এইবাৰ উৰুকাৰ ভোজ-ভাত খোৱাৰ পৰা বিৰত থকাৰ সিদ্ধান্ত লোৱা হৈছে।

ইফালে গুৱাহাটীৰ ৰাজপথত এই কেইদিন দেখিবলৈ পোৱা গৈছে আন এক দৃশ্য। একাংশ লোকে খেৰ আৰু বাঁহ লৈ ডেৰ, দুই ফুট উচ্চতাৰ মেজি নিৰ্মাণ কৰি বিক্ৰী কৰিছে।

বহুতেই সেই মেজি ৬০০ ৰ পৰা ১০০০ টকাত ক্ৰয় কৰিছে। গুৱাহাটীৰ বিভিন্ন স্থানত সুলভ এই দৃশ্য। বৰপেটা, বঙাইগাওঁ আদিৰ পৰা একাংশ লুঙি, টুপী পৰিহিত লোকে এইদৰে গাড়ীত খেৰ আৰু বাঁহ কঢ়িয়াই আনি গুৱাহাটীত অসমীয়া সংস্কৃতিৰ অভিন্ন অংগ 'মেজি' মুহূৰ্ততে তৈয়াৰ কৰি বিক্ৰী কৰিছে।

মাত্ৰ এডাল ডেৰ, দুই ফুট উচ্চতাৰ বাঁহৰ টুকুৰাত কেইডালমান খেৰ মেৰিয়াই বান্ধি তাকেই মেজি হিচাপে বিক্ৰী কৰাৰ এই দৃশ্যই বহু স্বাভিমানী অসমীয়াৰ বুকুত খেলে বিন্ধাদি বিন্ধিছে।

আনহাতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে আন এখন ফটো। অসমৰে কোনোবা এটা স্থানৰ ফটো এইখন। সুৰাৰ বটলৰ আৰ্হিত মেজি নিৰ্মাণ কৰাই নহয়, মেজিত লিখি দিয়া হৈছে সুৰাৰ নাম।

প্ৰচাৰ লাভৰ আশাত বিভিন্ন ঐতিহাসিক স্থানৰ আকৃতিৰে আৰু বিভিন্ন জনপ্ৰিয় বিষয়বস্তুৰে ভেলাঘৰ নিৰ্মাণ কৰাৰ যি নতুন পৰম্পৰা সৃষ্টি হৈছে, সেই পৰম্পৰাৰ ঋণাত্মক প্ৰভাৱৰ বাবেই এইদৰে অসমীয়াৰ সংস্কৃতিক ধ্বংস কৰাত হাত উজান দিছে আজিৰ একাংশ অসমীয়াই।

কৃষি কৰ্মৰ প্ৰতি মোহভংগ হোৱা আজিৰ অসমীয়াৰ ঘৰত নাই ভঁৰাল। নাই ঢেঁকী আৰু বিহুৰ জলপান খাব পৰাকৈ প্ৰয়োজনীয় ধান, চাউল। বজাৰৰ পৰা ক্ৰয় কৰি অনা চাউলেৰে একাংশই তৈয়াৰ কৰিছে বিহুৰ পিঠা।

চহৰাঞ্চলত আকৌ নতুনকৈ আৰম্ভ হোৱা 'ভোগালী মেলা' জাতীয় বজাৰৰ পৰা পিঠা, লাড়ু, দৈ, ক্ৰীম ক্ৰয় কৰি ভোগালীক আদৰিছে অসমীয়াই। মেজিঘৰ, ভেলাঘৰ নিৰ্মাণৰ বাবে নাই খেৰ, নৰা, বাঁহ। উদং খেতি পথাৰ।

এইদৰেই এতিয়া আনৰ ওপৰত নিৰ্ভৰ কৰি অসমীয়াই ভোগালীক আদৰাৰ লগতে উৰুকাৰ নিশাৰ ভোজৰ আয়োজন কৰিছে। জাতি ৰক্ষাৰ শ্লোগান দিয়া দল, সংগঠনেই হওক বা চৰকাৰেই হওক অথবা নিজকে চিন্তাশীল নাগৰিক হিচাৰে চিনাকী দি কাকত, আলোচনীত স্তম্ভ লিখা তথাকথিতসকলেই হওক; কথাবোৰ নতুনকৈ চিন্তা কৰাৰ প্ৰয়োজন।

সংস্কৃতি এটা জাতিৰ অভিন্ন অংগ। বিজতৰীয়া সংস্কৃতিয়ে এটা জাতিক ধ্বংসৰ মুখলৈ ঠেলি দিয়ে। জাতিৰ পৰিচয় বহন কৰে সংস্কৃতিয়ে।

অসমীয়া জাতিৰ প্ৰাণ বিহু। তিনিওটা বিহুৰ ভিতৰত ভোগালী বিহুৰ ঐতিহ্য আৰু পৰম্পৰাৰো আছে নিৰ্দিষ্ট বৈশিষ্ট্য। কৃষিৰ লগত জড়িত ভোগালী বিহু এইদৰে আৰু কিমানদিন জীয়াই থাকিব?

টেলিভিশ্যন চেনেলৰ কেমেৰাৰ সন্মুখত বিহুৰ পৰম্পৰা, ঐতিহ্য তিল তিলকৈ ধ্বংস হৈছে। অসমীয়া জাতিয়ে উপলব্ধি কৰিব পাৰিব লাগিব। কৃত্ৰিমতাৰ মাজেৰে অনুষ্ঠিত হোৱা সাংস্কৃতিক কাৰ্যসূচী অথবা উৎসৱে বিহুক জীয়াই নাৰাখে।

বিহু জীয়াই থাকিবলৈ লাগিব কৃষি। যদি কৃষি পথাৰেই নাথাকে, কৃষি কৰ্ম নকৰে তেন্তে কিহৰ ভিত্তিত পাতিব অসমীয়াই ভোগালী বিহু? সময় থাকোতেই কথাবোৰ নতুনকৈ ভাবিবৰ হ'ল।

ভোগালী বিহুৰ উৰুকা নিশাৰ এই চিন্তাই প্ৰসাৰ লাভ কৰক। বিজতৰীয়া হৈ পৰা আমাৰ সংস্কৃতিয়ে আকৌ স্বমহিমাৰে গা কৰি উঠক। সংস্কৃতিত ধৰা এলান্ধুবোৰ কালিলৈ মেজিৰ জুইত জাহ যাওঁক।

মেজিৰ উত্তাপে সকলোৰে দেহত নতুন প্ৰাণৰ সঞ্চাৰ কৰক। শস্য়ৰে ভৰা পথাৰ, ধান, চাউলেৰে পূৰ্ণ ভঁৰালেৰে চহকী হওক অসমীয়া। আনৰ ওপৰত ভৰসা নকৰাকৈয়ে অসমীয়াই পালন কৰক ভোগালী। সকলোকৈ ভোগালী বিহুৰ শুভেচ্ছা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in