/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/b05c5a77-9fe8-49b3-93a7-dabf7db78239/chirang_14.jpg)
ভূমেশ্বৰ পাহাৰৰ নামনিত দ্বিতীয় সংখ্যক পাঁচদিনীয়া দোমাহী ফৌৰ্ব মেলা...
ডিজিটেল সংবাদ চিৰাং: ভোগৰ উৎসৱ ভোগালী বিহুৰ লগত সঙ্গতি ৰাখি বিটিচি প্ৰশাসনৰ পৰ্য্যটন বিভাগৰ উদ্যোগত আৰু ভূমেশ্বৰ পাহাৰ ইকো টুৰিজিমৰ সহযোগত চিৰাং জিলাৰ ভূমেশ্বৰ পাহাৰৰ নামনিত দ্বিতীয় সংখ্যক দোমাহী ফৌৰ্ব মেলা অনুষ্ঠিত হয় । চিৰাং জিলাৰ ডাংতলৰ সমীপৰ ভূমেশ্বৰ পাহাৰৰ নামনিত এক দৃষ্টিনন্দন প্ৰাকৃতিক পৰিৱেশৰ মাজত আজিৰ পৰা ১৮ জানুৱাৰীলৈকে ৫ দিনীয়া দোমাহী ফৌৰ্ব মেলাৰ আনুষ্ঠানিক ভাবে উদ্বোধন কৰে ৰাজ্যসভাৰ সাংসদ ৰৌণগৌৰা নাৰ্জাৰীয়ে।
বিভিন্ন জাতি জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্য সম্ভাৰ আৰু নৃত্য-গীতৰ প্ৰদৰ্শনৰ লগতে পৰম্পৰাগত খেল-ধেমালী প্ৰতিযোগিতাৰে এক উখলমাখল পৰিৱেশ বিৰাজ কৰে । দোমাহী ফৌৰ্ব উদ্বোধন কৰি ৰাজ্যসভাৰ সাংসদ ৰৌণগৌৰা নাৰ্জাৰীয়ে কয় যে, বি টি চিৰ পৰ্য্যটনৰ বিভাগৰ উদ্যোগত আয়োজন কৰা এই দোমাহী ফৌৰ্ব মেলাৰ জৰিয়তে দেশৰ বিভিন্ন প্ৰান্তৰ পৰ্য্যটকৰ উপৰি স্থানীয় পৰ্য্যটকসকলক আকৰ্ষিত কৰাৰ চেষ্টা কৰা হৈছে ।
য'ত পৰ্য্যটক বিভিন্ন জাতি জনগোষ্ঠীৰ থলুৱা খাদ্য সম্ভাৰৰ বিপনীত গৈ থলুৱা খাদ্যৰ স্বাদ ল'ব পাৰিব। বিভিন্ন জনগোষ্ঠীয় শিপিনীসকলৰ পৰম্পৰাগত তাঁতশালত উৎপাদিত বস্ত্ৰৰ ক্ৰয় কৰাৰ সুবিধা লাভ কৰিব পাৰিব।
তদুপৰি এই দোমাহী ফৌৰ্ব মেলাস্থলীত আয়োজকসকলৰ দ্বাৰা বিভিন্ন পৰম্পৰাগত তথা মনোৰঞ্জনমূলক খেল ধেমালীত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব । তদুপৰি প্ৰতিদিনে আমন্ত্ৰিত শিল্পীৰ দ্বাৰা পৰিৱেশন কৰা সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত কৰা হ'ব।
এনেধৰনৰ অনুষ্ঠানে স্থানীয় লোকসকলৰ উপাৰ্জনৰ পথ মুকলি কৰাৰ লগতে ভাতৃত্ববোধ সম্পৰ্ক গঢ়ি তোলাত সহায় কৰে বুলি মন্তব্য কৰে । এইবেলি দোমাহী ফৌৰ্বৰ মেলা স্থলীত স্থানীয় বিভিন্ন বিপনীৰ উপৰিও চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ পৰা ইন্দো - ভুটান ফ্ৰেইণ্ডশ্বীপ এচোছিয়েচনৰ প্ৰতিনিধি দলেও ভুটানী খাদ্য সম্ভাৰৰ বিপনী খোলা পৰিলক্ষিত হৈছে ।
ক্লিক কৰি পঢ়কঃ মালিগাওঁ উৰণীয়া সেতুত বৃহৎ অঘটন...