এনে মন্ত্ৰীনো আমাক কিয় লাগে ?

মন্ত্ৰী ! শুনিবলৈ ভাল লগা এটা শব্দ। কিমান যে ক্ষমতাশালী এক পদবী। মানুহে সমীহ কৰে মন্ত্ৰীক, মানুহৰ বাবে কাম কৰিব পৰা শক্তি আৰু ক্ষমতা থাকে মন্ত্ৰীৰ...

New Update
dry

মন্ত্ৰী ! শুনিবলৈ ভাল লগা এটা শব্দ। কিমান যে ক্ষমতাশালী এক পদবী। মানুহে সমীহ কৰে মন্ত্ৰীক, মানুহৰ বাবে কাম কৰিব পৰা শক্তি আৰু ক্ষমতা থাকে মন্ত্ৰীৰ। প্ৰত্যক্ষ ৰাজনীতিৰে জড়িত নেতাবোৰৰ সেয়ে সপোন থাকে মন্ত্ৰী হোৱাৰ।

Advertisment

সেই সপোন বহুতৰে পূৰণ হয়, বহুতৰে পূৰণ নহয়। মন্ত্ৰী হ’বলৈ ভাগ্য লাগে। মন্ত্ৰী হ’বলৈ আশীৰ্বাদ লাগে। কেতিয়াবা কোনো কোনো নেতাৰ মন্ত্ৰী হোৱাৰ সৌভাগ্য হয়, কিন্তু মন্ত্ৰী হৈও মন্ত্ৰীৰ দৰে ক্ষমতা নাপাই নামত মন্ত্ৰী হৈ বহি থাকিব লগা হয়।

এনেদৰে মন্ত্ৰিত্ব লাভ কৰি তেওঁলোকে ৰাজনৈতিক সংস্থাপন লাভ কৰে। লাভ কৰে এজন মন্ত্ৰীয়ে লাভ কৰিব লগা চৰকাৰী সা- সুবিধা। আশে- পাশে থাকে নিৰাপত্তাৰক্ষী, ব্যক্তিগত সচিব, ৰঙা লাইট জ্বলোৱা গাড়ী। সেই ষ্টেটাছতে তেওঁলোকৰ মন্ত্ৰিত্ব সীমাবদ্ধ হৈ ৰয়।

অলপতে ড০ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ সাল- সলনি কৰা হ’ল। ৪জন নতুন মন্ত্ৰী অন্তৰ্ভূক্তিৰে সম্প্ৰসাৰিত কৰা হ’ল এই মন্ত্ৰীসভা। কিন্তু সেই সকল নতুন মন্ত্ৰীৰো অৱস্থা পূৰ্বৰ মন্ত্ৰীসকলৰ দৰেই ঢাল- তৰোৱাল নথকা নিধিৰাম চৰ্দাৰৰ দৰে হ’ল।

মন্ত্ৰীৰ পদমৰ্যদা তেওঁলোকে পালে, কিন্তু ক্ষমতা নাপালে। কিয়নো তেওঁলোকক দিয়া বিভাগবোৰৰ ওপৰতে তেওঁলোকৰ কোনো কৰ্তৃত্ব নাথাকিব বুলি চৰকাৰী অধিসূচনা জাৰি কৰা হ’ল। বিভাগৰ কাম- কাজৰ ওপৰত কোনো সিদ্ধান্ত ল’ব নোৱাৰে তেওঁলোকে। তেন্তে তেওঁলোক মন্ত্ৰী হৈ কি লাভ হ’ল ?

ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ১২ ডিচেম্বৰ ২০২৪ত এখন অধিসূচনা জাৰি কৰা হৈছিল। সেই অধিসূচনাতে নতুন মন্ত্ৰীসকলৰ কাম- কাজ সীমিত কৰি দিয়া হ’ল। ৰাজ্যৰ মুখ্য সচিব ৰবি কোটাই স্বাক্ষৰ কৰা এই অধিসূচনাত ৪জন মন্ত্ৰীৰ কথা বিশেষভাৱে উল্লেখ কৰা হৈছে। 

লোক নিৰ্মাণ( গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ)ৰ দায়িত্বত থকা মন্ত্ৰী নন্দিতা গাৰ্লোচা, চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ দায়িত্ব পোৱা মন্ত্ৰী প্ৰশান্ত ফুকন, লোক নিৰ্মাণ বিভাগৰে দায়িত্বপ্ৰাপ্ত নতুন মন্ত্ৰী কৃষ্ণেন্দু পাল আৰু গৃহ বিভাগৰ মন্ত্ৰী ৰূপেশ গোৱালাই তেওঁলোকৰ দায়িত্বপ্ৰাপ্ত বিভাগৰ কোনো সিদ্ধান্ত নিজেই ল’ব নোৱাৰিব। ইয়াৰ বাবে তেওঁলোকে মুখ্যমন্ত্ৰীৰ অনুমোদন ল’ব লাগিব।

তেওঁলোকে বিভিন্ন আঁচনিৰ কাম- কাজ পৰ্যালোচনা, পৰ্যবেক্ষণ, পৰিদৰ্শন কৰিবহে পাৰিব মাত্ৰ। এনেকৈয়ে মন্ত্ৰী হৈ থাকিব লাগিব এই চাৰিগৰাকী মন্ত্ৰী। অৱশ্যে বাকীসকলৰ ভিতৰত দুই- এজনক বাদ দি গৰিষ্ঠসংখ্যকে এতিয়া নামতহে মন্ত্ৰী, কামত নহয়।

সকলোবোৰ তদাৰক কৰে মুখ্যমন্ত্ৰীয়ে। সৰু- ডাঙৰ ঘোষণা কৰে খোদ মুখ্যমন্ত্ৰীয়ে নিজেই। মন্ত্ৰী হৈ থকা সকলে চৰকাৰখনত কি চলি আছে, কি ঘটি আছে সেয়া একোৱেই নাজানে। আগৰ দৰে কেবিনেট বৈঠকত কোনো সিদ্ধান্ত ল’বলৈ হেনো বিভাগীয় বিচাৰ- বিশ্লেষণৰো প্ৰয়োজন নহয় এতিয়া।

যি ভাবে মুখ্যমন্ত্ৰীয়ে, সেয়াই কেবিনেটৰ সিদ্ধান্ত হ’ব পাৰে। এতিয়া মন্ত্ৰীসকল ক্ষমতাশালী লোক হৈ থকা নাই। ইচ্ছা কৰিলেও মন্ত্ৰীয়ে নিজৰ বিভাগত কিবা এটা কাম কৰাৰ সাহস গোটাব নোৱাৰে। সকলোবোৰ নিৰ্ভৰ কৰে মুখ্যমন্ত্ৰীৰ কৃপা আৰু ইচাৰাৰ ওপৰত।

মন্ত্ৰিত্ব এতিয়া ৰাজনৈতিক সংস্থাপন হৈ পৰিছে। আগৰ দৰে মন্ত্ৰীসকল ক্ষমতাশালী হৈ থকা নাই। সেয়া ৰাইজে চকুৰ আগত ইমান দিনে দেখি আহিছিল। অধিসূচনা জাৰি কৰি মন্ত্ৰীসকলক ক্ষমতাহীন কৰাৰ পাছত প্ৰশ্ন হয় এনে মন্ত্ৰী আমাক কিয় লাগে ? কি কৰিব পাৰিবনো এই সকল মন্ত্ৰীয়ে ?

তেওঁলোক তেওঁলোকৰ বাবে মন্ত্ৰী হৈ থাকিব পাৰে। ৰাইজৰ বাবে মন্ত্ৰী হৈ একো কৰিব নোৱাৰে। যি কৰিব লাগে, মুখ্যমন্ত্ৰীয়ে কৰি আছে, কৰিব। তেওঁলোকে পুতলা মন্ত্ৰী হৈ দিশপুৰৰ মন্ত্ৰীৰ কেবিনত চাহ- মিঠাই খাই সময় অতিবাহিত কৰিব লাগিব। পথেৰেদি চাইৰেন বজাই কনভয় লৈ অহা- যোৱা কৰোতেহে তেওঁলোকৰ অস্তিত্ব ৰাইজে অনুভৱ কৰিব ।

Dr. Himanta Biswa Sarma ASSAM CABINET