/asomiyapratidin/media/media_files/2025/02/16/NkqeLz4bFtCgQ5zRIpjL.png)
শয়নে -সপোনে এলিজাবেথ
কোনোবা, কাৰোবাৰ পত্নীৰ পিছত লাগি থকাতো সঁচাকৈ বৰ দৃষ্টিকুটু হয়। অৱশ্যে সেই অনুভৱ কৰা লোকসকলে পৰিৱেশ- পৰিস্থিতিত এনে কাম কৰি থাকিলে মানুহৰো সেই বিষয়টোৰ ওপৰত দৃষ্টিনিবন্ধ হৈ ৰয়। অতি দায়িত্বশীল আৰু ক্ষমতাশালী এই লোকসকলে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰসংগ উত্থাপনেৰে অতি কৌশলগতভাৱে পাকিস্তানৰ চোৰাংচোৱাৰ সৈতে ৰাজনৈতিক শত্ৰুতা থকা কোনো সাংসদৰ বিদেশী পত্নীৰ সংযোগ থকা বুলি কৰা অভিযোগ ৰাষ্ট্ৰীয় দৃষ্টিকোণেৰে অতি গুৰুত্বপূৰ্ণ।
উমৰাংছুৰ কয়লাখনিত মৃত্যু হোৱা শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হ’লনে নাই তাক লৈ নিমাতে থকা, চোৰাং কয়লা ছিণ্ডিকেটৰ তদন্তৰ দাবীৰ প্ৰতি কোনো গুৰুত্ব নিদিয়াকে ধৰি বহুবোৰ বিষয়ত গা এৰা দিয়া এইসকলে এতিয়া অধিক সক্ৰিয়তাৰে কেবিনেট বৈঠকত কাৰোবাৰ পত্নীৰ প্ৰসংগ আলোচনা কৰাৰো পদক্ষেপ নিশ্চয় এনেয়ে লোৱা নাই !
১০/১২ বছৰ পুৰণি এই বিষয়বোৰ যদি ইমান দিনে ভাৰত ৰাষ্ট্ৰই অৱজ্ঞা কৰি আহিছিল, তেন্তে সেয়া ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দৃষ্টিৰে কম অৱহেলা কৰা নাছিল। ৰ’কে ধৰি দেশৰ আন চোৰাংচোৱা সংস্থাৰ বাবে তেওঁলোকে কৰা এই অভিযোগ সঁচা হ’লে, ই হ’ব এই সংস্থাবোৰৰ চৰম ব্যৰ্থতা।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, এনে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি দায়বদ্ধ সংস্থাবোৰৰ উদাসীনতাৰ বিপৰীতে এইসকলৰ তৎপৰতাত ৰাজনৈতিক উদ্দেশ্য নাই বুলি ক’লেও কোনো লোকে তেওঁলোকৰ এনে চতুৰ বক্তব্যক সঁচা বুলি মানি ল’ব নোৱাৰে। তথাপিও তেওঁলোকে বিশেষ তদন্ত গোট গঠন কৰাৰ কথা ঘোষণা আৰু ইয়াৰ সত্যতা নিৰূপণৰ বাবে কৰা এই প্ৰয়াস ৰাজনৈতিক প্ৰতিশোধ পূৰণৰ এক অন্যতম সুৱৰ্ণ সুযোগ হিচাপে বিবেচিত হৈছে।
আজিকালি মানুহে বহু সময়ত কৃত্ৰিম বুদ্ধিমত্তাৰ সহায় লয়। আমিও সেই কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত তেওঁলোকৰ এই অভিযোগ আৰু গৌৰৱ গগৈৰ পত্নীৰ আই এছ আইৰ সৈতে সম্পৰ্ক থকাক লৈ কিছু তথ্য আহৰণৰ চেষ্টা কৰিছিলো।
‘DEEPSEEK’ত সেই সন্দৰ্ভত অনুসন্ধান কৰোতে তাত অহা কিছু তথ্য আৰু ব্যাখ্যা আছিল এনেধৰণৰ-
“গৌৰৱ গগৈৰ পত্নী এলিজাবেথ ক’লবাৰ্ণ গগৈ সম্প্ৰতি ৰাজনৈতিক বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। তেওঁৰ সম্পৰ্কে উত্থাপিত প্ৰধান তথ্য আৰু অভিযোগসমূহ তলত উল্লেখ কৰা হ’ল :
১. ব্যক্তিগত পৰিচয় আৰু পটভূমি
এলিজাবেথ ক’লবাৰ্ণ এগৰাকী ব্ৰিটিছ নাগৰিক। গৌৰৱ গগৈৰ সৈতে বিবাহৰ পিছত তেওঁ ভাৰতলৈ স্থায়ীভাৱে বসবাস কৰি আহিছে আৰু অসমীয়া সংস্কৃতি আৰু পৰম্পৰাক আকোঁৱালি লৈছে। গৌৰৱই তেওঁক "এগৰাকী মেধাসম্পন্ন প্ৰতিভাশালী নাৰী" বুলি প্ৰশংসা কৰিছে ।
বিবাহৰ ১২ বছৰ পাৰ হৈয়ো তেওঁ ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰা নাই বুলি অভিযোগ উঠিছে। বিজেপিয়ে এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰশ্ন উত্থাপন কৰিছে ।
২. অভিযোগসমূহ
আইএছআইৰ সৈতে সম্পৰ্ক : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতে, এলিজাবেথে পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইৰ সৈতে জড়িত "লীড পাকিস্তান" নামৰ এটা এনজিঅ’ত কাম কৰিছিল। এই সংস্থাটোৱে জলবায়ু পৰিৱৰ্তনৰ নামত কৌশলগত ষড়যন্ত্ৰত লিপ্ত বুলি অভিযোগ ।
জৰ্জ ছ’ৰছৰ পুঁজি- এলিজাবেথৰ সংস্থাই আমেৰিকাৰ বিত্তকুবেৰ জৰ্জ ছ’ৰছৰ পৰা পুঁজি লাভ কৰাৰ কথাও উল্লেখ কৰা হৈছে, যিয়ে ভাৰত বিৰোধী কাৰ্যকলাপত জড়িত বুলি বিজেপিয়ে দাবী কৰিছে ।
পাকিস্তান ভ্ৰমণ : বিবাহৰ পিছতো তেওঁ পাকিস্তানলৈ ভ্ৰমণ কৰাৰ তথ্য উলিয়াই মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ভাবুকিৰ কথা কৈছে। ২০১৩-১৫ চনৰ ভিতৰত অসমৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ত অনুপ্ৰৱেশৰ চেষ্টাৰ সন্দেহও প্ৰকাশ কৰা হৈছে ।
৩. গৌৰৱ গগৈৰ প্ৰত্যুত্তৰ
-আৱেগিক পত্ৰ : গৌৰৱ গগৈয়ে সামাজিক মাধ্যমত পত্নীলৈ লিখা পত্ৰত তেওঁৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি কয় যে এলিজাবেথে নিজৰ মাতৃভূমি এৰি ভাৰতৰ সংস্কৃতি গ্ৰহণ কৰিছে। তেওঁৰ OCI কাৰ্ড নিয়মবহিৰ্ভূত নহয় বুলিও উল্লেখ কৰে ।
ৰাজনৈতিক আৰোপ : গৌৰৱই অভিযোগসমূহক "ৰাজনৈতিক ষড়যন্ত্ৰ" বুলি কৈ কয়, "মোৰ পত্নী যদি আই এছ আই এজেণ্ট, তেন্তে মই ৰ’ৰ এজেণ্ট" । তেওঁৰ মতে, বিজেপিয়ে নিৰ্বাচনৰ আগত এনে কথা উলিয়াই জনমত বিভ্ৰান্ত কৰিব বিচাৰিছে ।
৪. আইনী আৰু ৰাজনৈতিক বিকাশ
কেবিনেটৰ বৈঠক : ১৬ ফেব্ৰুৱাৰীত অসম চৰকাৰে এই বিষয়ক ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰভাৱ নিৰূপণ কৰিবলৈ কেবিনেট বৈঠক অনুষ্ঠিত কৰিছে। আইনী ব্যৱস্থা ল’বলৈও সিদ্ধান্ত হ’ব পাৰে ।
এছ আই টি গঠনৰ সম্ভাৱনা : মুখ্যমন্ত্ৰীয়ে এলিজাবেথৰ নথি-পত্ৰ পৰীক্ষা কৰিবলৈ বিশেষ তদন্ত দল (SIT) গঠনৰ কথাও উল্লেখ কৰিছে ।
বিজেপিৰ দাবী : ৰাজ্যিক বিজেপিয়ে কেন্দ্ৰীয় চৰকাৰক হস্তক্ষেপ কৰি গভীৰ তদন্ত কৰিবলৈ আহ্বান জনাইছে ।
৫. ৰাজনৈতিক প্ৰতিক্ৰিয়া
বিজেপিৰ সমালোচনা : বিজেপিৰ মতে, কংগ্ৰেছ নেতাসকলৰ বিদেশী শক্তিৰ সৈতে গোপন সম্পৰ্কৰ ইতিহাস আছে। এলিজাবেথৰ ক্ষেত্ৰটো ইয়াৰেই পৰ্যায় বুলি কৈছে ।
গৌৰৱৰ প্ৰতি সমৰ্থন : কংগ্ৰেছ সমৰ্থকসকলে এই অভিযোগক "মিছা প্ৰচাৰ" বুলি গণ্য কৰি ৰাজনৈতিক উদ্দেশ্য প্ৰধান বুলি মত পোষণ কৰিছে ।
সাৰাংশ
এলিজাবেথ ক’লবাৰ্ণ গগৈৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহ ৰাজনৈতিক আৰু ব্যক্তিগত পৰ্যায়ত উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰিছে। ইয়াৰ মাজত ৰাষ্ট্ৰীয় নিৰাপত্তা, নাগৰিকত্বৰ নীতি, আৰু ৰাজনৈতিক প্ৰতিদ্বন্দ্ব্বিতা একাকাৰ হৈ পৰিছে। আগন্তুক দিনত কেবিনেটৰ সিদ্ধান্ত আৰু তদন্তৰ ফলাফলেই এই বিতৰ্কৰ দিশ নিৰ্ধাৰণ কৰিব।“
কৃত্ৰিম বুদ্ধিমত্তাই কোৱা কথা এইবোৰ। আইনী তদন্তই এই বিতৰ্কৰ সত্যতা নিৰূপণ কৰিব। এই কথাবোৰ আলোচনা হৈ থকাৰ সমান্তৰালভাৱে এজন ভাতৃপ্ৰতীম সাংবাদিক বন্ধুৱে তেওঁৰ পুৰণি ডায়েৰী খুচৰি সামাজিক মাধ্যমত এটা কবিতা আপলোড কৰিলে।
এই বিষয়টোৰ সৈতে সেই কবিতাটোৰ প্ৰত্যক্ষ সম্পৰ্ক নাই যদিও এক পৰোক্ষ সম্পৰ্ক যেন বিচাৰি পালো। মূল কবিতাটো- “ THE MOUSE’S TALE”ৰ লিখক LEWIS CARROLL। সেই কবিতাটো প্ৰায় ২০ বছৰৰ পূৰ্বে অসমীয়ালৈ অনুবাদ কৰিছিল।
কোনোবা এখন কাকতৰ সম্ভৱতঃ শিশু পৃষ্ঠাত প্ৰকাশ পাইছিল কবিতাটো। বাতৰি কাকতৰ পৰা কবিতাটো ভালপাই নিজৰ ডায়েৰীত টুকি ৰাখিছিল সাংবাদিক ধ্ৰুৱজ্যোতি ধনন্তৰিয়ে। গুগলত চাৰ্ছ কৰি মূল কবিতাটো আৰু তেওঁ আপলোড কৰা অনুবাদ কবিতাটো পঢ়ি আজিৰ পৰিৱেশত সেই কবিতাটোৱেই বহু কথা কৈ দিয়া যেন বোধ হ’ল। আমি দুয়ো মনত পেলাবলৈ চেষ্টা কৰিছিলো- কবিতাটো কোনে অনুবাদ কৰিছিল ! কেইবাটাও নাম মনলৈ আহিছিল যদিও আমি সঠিকভাৱে নিশ্চিত হ’ব নোৱাৰিলো অনুবাদক কোন আছিল।
অনুবাদকৰ নাম মনত পেলাব নোৱাৰিলেও গৌৰৱ গগৈৰ পত্নীকেন্দ্ৰিক এই বিবাদ আৰু বিতৰ্কৰ মাজত সেই কবিতাটো পঢ়ি ভাব হ’ল- আমাৰ ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ এদিন এনে হ’ব বুলি বিদেশী কবিজনে যেন তেতিয়াই গম পাইছিল ! সেয়ে তেওঁ লিখিছিল- “ THE MOUSE’S TALE” নামৰ কবিতাটো। যিটো কবিতা আপুনিও এবাৰ পঢ়ি চাব পাৰে-
ফিউৰী নামৰ কুকুৰ এটাই/ এদিন বাটতে লগ পাই/ নিগনিটোক ক'লে,/ 'যাওঁ বলা আমি দুয়ো কাছাৰীলৈ/ গোচৰ এটা দিওঁ তোমাৰ ওপৰত।
আহা,/ নাযাও বুলিলে নহ'ব একা/ বিচাৰ এখন হ'বই লাগিব আমাৰ/ আন কাম-কাজো একো নাই/ আজি পুৱাবেলা মোৰ।'
নিগনিটোৱে ক'লে কুকুৰটোক/ 'জাজ নাই জুৰী নাই/ এনেকুৱা বিচাৰৰ কথা হায়/ শুনিলেই প্রাণবায়ু যায়।'
ক'লে দুষ্ট বুঢ়া কুকুৰে,/ 'ময়েই জাজ, ময়েই জুৰী,/ গোচৰ ময়েই বিচাৰ কৰি/ তোমাক দিম ফাঁচী।'