হিম্মত আছে যদি হিমন্তৰ...

মুখ্যমন্ত্ৰী ড০ শৰ্মাই দেখোন এটা গোচৰ ৰুজু কৰি এলিজাবেথক আইনী তদন্তৰ মাজলৈ আনিব পাৰে। গ্ৰেপ্তাৰ কৰোৱাব পাৰে গৌৰৱ গগৈৰ পত্নীক। সেই হিম্মত আছেনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ? নহ’লে ৰাইজে বুজিব- এইবোৰ তেওঁ আৰু বিজেপিৰ সামাজিক মাধ্যমৰ ৰাজনৈতিক চুপতি

New Update
গৌৰৱ গগৈৰ পত্নি আই এছ আই এজেণ্ট ?

গৌৰৱ গগৈৰ পত্নি আই এছ আই এজেণ্ট ?

এটা গুৰুতৰ অভিযোগ। দেশৰ নিৰাপত্তাৰ প্ৰতি এই অভিযোগ যদি সঁচা হয়, তেন্তে সেয়া চৰম ভাবুকি। কোৱাৰ দৰে যদি তেওঁলোকৰ হাতত তথ্য প্ৰমাণেই আছে তেন্তে কিয় তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰা নাই ? ফেচবুক- টুইটাৰত এইবোৰ কথা লিখি মুখ চুপতি মাৰি থকাৰ উদ্দেশ্যেই বা কি?

Advertisment

প্ৰসংগ যোৰহাট সমষ্টিৰ সাংসদ গৌৰৱ গগৈৰ পত্নী। বিৰোধী দলৰ উপ দলপতি গগৈৰ পত্নী এলিজাবেথ ক’লবাৰ্ন গগৈ হেনো আই এছ আই এজেণ্ট। এই অভিযোগ শাসকীয় দলৰ। ইতিমধ্যে চৰ্চিত হৈ পৰা এই বিষয়টোক লৈ বিভিন্ন জনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। 

সামাজিক মাধ্যমত প্ৰকাশ পোৱা কথাবোৰৰ মতে আই এছ আইৰ ঘনিষ্ঠ হৈ কাম কৰিছিল গৌৰৱ গগৈৰ পত্নীয়ে। দীপছ ষ্টেটৰ প্ৰবক্তা জৰ্জ ছৰঁছেৰেৰ সৈতে এলিজাবেথৰ কি সম্পৰ্ক আছিল বুলি বিজেপি নেতা আৰু আৰ এছ এছৰ মঞ্চৰ পৰা প্ৰশ্ন তোলা হৈছে। একাধিক ব্যক্তিয়ে এই অভিযোগ আনিছে। আনকি আৰ এছ এছৰ মুখপত্ৰ 'অৰ্গেনাইজাৰ'তো এই সন্দৰ্ভত খবৰ প্ৰকাশ কৰা হৈছে। 

সেই খবৰ অনুসৰি পাকিস্তানৰ ৰাজধানী ইছলামাবাদত পাকিস্তানী চোৰাংচোৱা সংস্থা আই এছ আইৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি চলিছিল গৌৰৱ গগৈৰ পত্নী এলিজাবেথে। তাৰ প্ৰমাণ হিচাপে কোৱা হৈছে- গৌৰৱ গগৈৰ পত্নীয়ে 'লিড' নামৰ পাকিস্তানৰ সংস্থাত কাম কৰিছিল। তাৰ পাছত পাকিস্তানী পৰিকল্পনা আয়োগৰ উপদেষ্টা আলী টাকিৰ শ্বেখৰ তত্বাৱধানত 'বতৰ বিকাশ' নামৰ প্ৰকল্প এটাত যোগদান কৰিছিল। 

সেই প্ৰকল্পটোৰ সমন্বয়ক আছিল গৌৰৱ গগৈৰ পত্নী। সেই তথ্যৰ আধাৰতে এনে গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছেনে নে আন কিবা তথ্য প্ৰমাণ ভাৰতীয় নিৰাপত্তা আৰু চোৰাংচোৱা সংস্থাৰ হাতত মজুত আছে ? কিয়নো এইবোৰ অভিযোগ কেৱল ৰাজনীতিৰ উদ্দেশ্যত উত্থাপিত অভিযোগ নহয়, ইয়াৰ সত্যাতা থাকিলে শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰাতো অতি প্ৰয়োজনীয়।

গৌৰৱ গগৈ দেশৰ এজন প্ৰতিষ্ঠিত ৰাজনীতিবিদ। ৰাজনীতিৰ সৈতে গৌৰৱ গগৈয়ে কেতিয়াও পত্নীক একাকাৰ কৰা নাই। যিটো কাম তৰুণ গগৈয়ে কৰিছিল। বহু ৰাজনীতিবিদে পত্নীক ৰাজনীতিৰ সৈতে একাকাৰ কৰাই নহয়, সেই ক্ষমতাৰ জৰিয়তে ধন- সম্পত্তি আহৰণৰ সুবিধা কৰি দিয়ে।

কেৱল গৌৰৱ গগৈৰ পত্নী হোৱা বাবেই এনে লক্ষ্যৰ বলি হৈছে নেকি এলিজাবেথ ? সেয়াও কিন্তু চাবলগীয়া। বৰ্তমানৰ ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰেও বিদেশী মহিলাক বিয়া কৰাইছিল। জয়শংকৰৰ প্ৰথমা পত্নীৰ মৃত্যুৰ পাছত ২০০০ চনত সম্ভৱতঃ এগৰাকী জাপানী কূটনীতিবিদ কয়কোৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। সেই সূত্ৰৰ আঁত ধৰি আমি ক’ব পাৰিম নেকি যে খোদ বিদেশ মন্ত্ৰী জয়শংকৰৰ পত্নী জাপানী চোৰাংচোৱাৰ এজেণ্ট বুলি ?

বিষয়টোক লৈ অধিক সক্ৰিয় হৈছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন তুলিছে- কিয় বিয়াৰ ১২ বছৰৰ পাছতো গৌৰৱ গগৈৰ পত্নীয়ে ভাৰতীয় নাগৰিকত্ব লোৱা নাই ? পত্নীৰ সন্দৰ্ভত উত্থাপিত প্ৰশ্নৰ উত্তৰত গৌৰৱ গগৈয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছে- মোৰ পত্নী যদি আই এছ আই এজেণ্ট, ময়ো ৰ’ৰ এজেণ্ট। 

সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই একাধিক প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। শেহতীয়াকৈ ড০ শৰ্মাই তেওঁৰ ফেচবুক পোষ্টত লিখিছে- “২০১৫ চনৰ কথা৷ ভাৰতত থকা পাকিস্তানৰ উচ্চায়ুক্ত আব্দুল বাছিতে নতুন দিল্লীত পাকিস্তানৰ উচ্চায়ুক্তক ভাৰত-পাকিস্তানৰ সম্পৰ্কৰ বিষয়ে আলোচনা কৰিবলৈ প্ৰথমটো কাৰ্যকাল আৰম্ভ কৰা এগৰাকী সাংসদ আৰু তেওঁৰ ষ্টাৰ্টআপ ‘পলিচী ফৰ ইউথ’ক আমন্ত্ৰণ জনাইছিল।  

উল্লেখযোগ্য যে সেই সময়ত এই সাংসদজন বৈদেশিক পৰিক্ৰমাৰ সংসদীয় সমিতিৰো সদস্য নাছিল, সেয়ে এই বিশেষ আমন্ত্ৰণৰ আঁৰৰ উদ্দেশ্যক লৈ প্ৰশ্ন উত্থাপন হৈছিল। বিশেষকৈ হুৰ্ৰিয়ৎ কনফাৰেন্সৰ সৈতে সম্পৃক্ত বিষয় হিচাপে অভ্যন্তৰীণ বিষয়ত পাকিস্তানী উচ্চায়ুক্তৰ হস্তক্ষেপৰ বিৰুদ্ধে ভাৰতে আনুষ্ঠানিকভাৱে প্ৰতিবাদ কৰাৰ পাছতো এই ভ্ৰমণ নিশ্চিত হৈছিল। 

এই উদ্বেগক আওকাণ কৰিও সাংসদগৰাকীয়ে পাকিস্তানী বিষয়াৰ সৈতে সাক্ষাৎ কৰাবলৈ ৫০-৬০জন ভাৰতীয় যুৱকক লৈ গৈছিল। এই কথাৰ কিছু সময়ৰ পাছতে তেওঁৰ ষ্টাৰ্টআপে 'দ্য হিন্দু'ত এটা প্ৰবন্ধ প্ৰকাশ কৰি বাংলাদেশী অনুপ্ৰৱেশকাৰীক নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সীমান্ত সুৰক্ষা বাহিনীৰ ভূমিকাক সমালোচনা কৰে। 

তেওঁৰ সংসদীয় প্ৰশ্নসমূহ অধিক পুংখানুপুংখভাৱে পৰীক্ষা কৰিলে ক’ষ্ট গাৰ্ডৰ ৰাডাৰ স্থাপন, ভাৰতৰ অস্ত্ৰ কাৰখানা, বিমান প্ৰতিৰক্ষা, ইৰানৰ সৈতে বাণিজ্যৰ বাবে ট্ৰেনজিট পথ, কাশ্মীৰী ছাত্ৰ-ছাত্ৰী আৰু গিৰ্জাত আক্ৰমণৰ অভিযোগ আদিৰ বিষয়ে অনুসন্ধানকে ধৰি স্পৰ্শকাতৰ প্ৰতিৰক্ষা বিষয়সমূহে গুৰুত্ব বেছিকৈ পোৱাতো পৰিলক্ষিত হয়৷ এই কথাবোৰে আচলতে তেওঁৰ আগ্ৰহযুক্ত বিষয়ৰ লক্ষণীয় পৰিৱৰ্তনক চিহ্নিত কৰিছে।

আমোদজনকভাৱে এই সকলোবোৰ তেখেতৰ 'প্ৰফেচনেল বেকগ্ৰাউণ্ড' থকা ব্ৰিটিছ নাগৰিকগৰাকীৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ লগে লগে ঘটিছিল আৰু সেয়ে ই অধিক প্ৰশ্নৰ অৱতাৰণা কৰিছে। বিবাহৰ পূৰ্বে তেওঁৰ পত্নীয়ে পাকিস্তানী প্ৰতিষ্ঠানৰ সৈতে ঘনিষ্ঠ সম্পৰ্কৰ বাবে পৰিচিত এজন আমেৰিকান চিনেটৰৰ বাবে কাম কৰিছিল আৰু পাছলৈ পাকিস্তানতে সময় কটাইছিল৷ 

আই এছ আইৰ ফ্ৰণ্ট বুলি বহুলভাৱে বিশ্বাস কৰা এটা সংস্থাত কৰ্মৰত আছিল। এই ঘটনাসমূহ আৰু সংঘটিত হোৱাৰ সময়সূচীয়ে সাংসদগৰাকীৰ ৰাজনৈতিক স্থিতি আৰু কাৰ্যাৱলীত আন এক কুটিল স্তৰৰ সংযোজন কৰিছে।“ 

মুখ্যমন্ত্ৰীয়ে যদি ইমানবোৰ কথা জানেই, তেন্তে ৰৈ আছে কিয় ? ইমানবোৰ তথ্য যদি ভাৰত চৰকাৰৰ হাতত আছেই দিল্লী- দিশপুৰত শাসনত থকাৰ পাছতো কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ কিয় সাহস কৰা নাই ? হ’ব পাৰে; ২০১০ত ৰাষ্ট্ৰ সংঘৰ এক কাৰ্যসূচীত ইণ্টাৰশ্বিপ হিচাপে গৌৰৱ গগৈয়ে এলিজাবেথ ক’লবাৰ্নক লগ পাইছিল।

সেই সান্নিধ্যই ব্ৰিটীছ মূলৰ এলিজাবেথৰ সৈতে গৌৰৱ গগৈৰ সুসম্পৰ্ক গঢ় লৈ উঠিছিল আৰু ২০১৩ত তেওঁলোক বিবাহপাশত আবদ্ধ হৈছিল নতুন দিল্লীত। বৰ্তমান দুই সন্তানৰ মাতৃ এলিজাবেথ। লণ্ডন স্কুল অৱ ইকন’মিকছৰ স্নাতকোত্তৰ গৌৰৱ গগৈৰ পত্নী।

অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ ক্লাইমেট বিষয়ক প্লেনিং আৰু মেনেজমেণ্টৰ অন্যতম অংশীদাৰৰূপে সদ্যহতে কৰ্মৰত এলিজাবেথ। বাটে- ঘাটে মাটি দেখিলেই কিনা বা সম্পত্তিৰ পাহাৰ গঢ়াৰ মানসিকতাৰ পৰা তেওঁ বহু দূৰৈত। সাধাৰণ মানুহে তেওঁকলৈ নেতিবাচক চৰ্চা নকৰে।

আন কিছু ক্ষমতাশালী ৰাজনীতিক নেতাৰ পত্নীৰ দৰে তেওঁ নহয়। সেই ধাৰণাৰ বিপৰীতে তেওঁ যদি এইসকলে কোৱাৰ দৰে পাক চোৰাংচোৱা সংস্থাৰ আই এছ আই এজেণ্ট, তেন্তে কিয় চাই আছে চৰকাৰে ? কিয় এলিজাবেথক গ্ৰেপ্তাৰ কৰি তদন্তৰ ব্যৱস্থা কৰা নাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ?

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হাততো দেখোন তেওঁ লিখাৰ দৰে অলেখ তথ্য আছে এলিজাবেথৰ বিৰুদ্ধে। মুখ্যমন্ত্ৰীৰ কথা সঁচা বুলিয়েই ধৰা যায়। মুখ্যমন্ত্ৰী ড০ শৰ্মাই দেখোন এটা গোচৰ ৰুজু কৰি এলিজাবেথক আইনী তদন্তৰ মাজলৈ আনিব পাৰে। গ্ৰেপ্তাৰ কৰোৱাব পাৰে গৌৰৱ গগৈৰ পত্নীক। সেই হিম্মত আছেনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ? নহ’লে ৰাইজে বুজিব- এইবোৰ তেওঁ আৰু বিজেপিৰ সামাজিক মাধ্যমৰ ৰাজনৈতিক চুপতি...।

Dr. Himanta Biswa Sarma gaurav gogoi