নধৰে কিয় গৌৰৱ গগৈক...

দেশৰ নিৰাপত্তাৰ স্বাৰ্থত আপোচ কৰাৰ প্ৰশ্নই থাকিব নোৱাৰে। দেশৰ নিৰাপত্তাৰ স্বাৰ্থত ৰাজনীতি কৰাৰ যুক্তি নাই। যদি কোনোবাই দেশৰ নিৰাপত্তাৰ প্ৰতি প্ৰত্যাহ্বান সৃষ্টি কৰিছে, তেনে সেই ব্যক্তিৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহাৰ ব্যৱস্থা চৰকাৰে কৰিব লাগে।

author-image
মৃদুল কুমাৰ সন্দিকৈ
আপডেট কৰা হৈছে
New Update
নধৰে কিয় গৌৰৱ গগৈক...

দেশৰ নিৰাপত্তাৰ স্বাৰ্থত আপোচ কৰাৰ প্ৰশ্নই থাকিব নোৱাৰে। দেশৰ নিৰাপত্তাৰ স্বাৰ্থত ৰাজনীতি কৰাৰ যুক্তি নাই। যদি কোনোবাই দেশৰ নিৰাপত্তাৰ প্ৰতি প্ৰত্যাহ্বান সৃষ্টি কৰিছে, তেনে সেই ব্যক্তিৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহাৰ ব্যৱস্থা চৰকাৰে কৰিব লাগে।

Advertisment

পেহেলগাম কাণ্ডৰ পাছত আকৌ এবাৰ অসমৰ এগৰাকী সাংসদ আৰু পাকিস্তানৰ সৈতে থকা তেওঁৰ সম্পৰ্কৰ প্ৰসংগই ৰাজ্যৰ ৰাজনীতিত চৰ্চা লাভ কৰিছে। ইয়াৰ পূৰ্বেও বিৰোধী দলৰ সেই সাংসদগৰাকীৰ বিদেশী পত্নীৰ সৈতে শত্ৰু ৰাষ্ট্ৰখনৰ সম্পৰ্কক লৈ অসমৰ ৰাজনীতি গৰম হৈছিল।

তাৰ পাছতেই বিভিন্ন পক্ষই এই বিষয়কলৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল। অসমৰ মুখ্যমন্ত্ৰী তথা চৰকাৰী পক্ষই উত্থাপন কৰা অভিযোগৰ সন্দৰ্ভত গঠন কৰা হৈছিল বিশেষ তদন্তকাৰী গোট। সেই তদন্ত প্ৰক্ৰিয়া চলি থকাৰ মাজতে সংবাদমেল সম্বোধন কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ প্ৰসংগটো পেহেলগাম কাণ্ডৰ সমান্তৰালভাৱে উত্থাপন কৰিলে।

২৪ এপ্ৰিল ২০২৫ত দিশপুৰত সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে ক’লে যে, অসমৰ এজন সাংসদে ১৫দিন ইছলামাবাদত থাকি অহা তথ্য অসম চৰকাৰৰ হাতত আছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কাৰো নাম নোলোৱাকৈয়ে ইয়াকো ক’লে যে, ৰাইজৰ চকুৰ পৰা আঁতৰি পাঞ্জাৱৰ আট্টাৰী সীমান্তয়েদি তেওঁ পাকিস্তানলৈ গৈছিল।

মুখ্যমন্ত্ৰীয়ে ইয়াৰ ইংগিতো দিলে যে, সীমান্ত পাৰ হৈ পাকিস্তানত প্ৰৱেশ কৰা অসমৰ এই সাংসদগৰাকীক কোনে আদৰি নিছিল, সেই কথা জানিবলৈ তদন্ত অৱ্যাহত ৰাখিছে। মুখ্যমন্ত্ৰীৰ মতে- একে সময়তে তেওঁ নেপাল লৈও গৈছিল। যি সময়ত নেপালত পাক চোৰাংচোৱা আই এছ আইৰ গতিবিধি যথেষ্ট আছিল।

এই দুই ভ্ৰমণৰ সৈতে কি সম্পৰ্ক আছে তাৰ তথ্য উলিয়াবলৈ চেষ্টা কৰি থকা হৈছে। আনকি এই সাংসদগৰাকীৰ পত্নীয়ে পাকিস্তানত কাম কৰিছিল আৰু নতুন দিল্লীলৈ তেওঁ অহাৰ পাছত আন এটা অনুষ্ঠানত যোগ দিছিল। সেই অনুষ্ঠানলৈ পাকিস্তানৰ পৰা ধন আহিছিল। 

মুখ্যমন্ত্ৰীৰ মতে- সাংসদগৰাকীৰ পত্নীয়ে পাকিস্তানৰ টকাৰে দৰমহা লৈছিল। ইয়াৰ সমস্ত তথ্য অসম আৰক্ষীৰ হাতত মজুত আছে বুলিও মুখ্যমন্ত্ৰীয়ে সদৰী কৰিছে। মুখ্যমন্ত্ৰীয়ে এই অতি স্পৰ্শকাতৰ বিষয়টোৰ সন্দৰ্ভত অসমৰ সাংসদ আৰু তেওঁৰ পত্নীক জুন- জুলাইৰ ভিতৰত জেৰা চলোৱা হ’ব বুলিও জানিব দিয়ে।

ছেপ্তেম্বৰত বহু কথা পোহৰলৈ আহিব বুলি ইংগিত দি মুখ্যমন্ত্ৰীয়ে এছ আই টিৰ প্ৰতিবেদন বিধানসভাত দাখিল কৰিব বুলি ঘোষণা কৰে। অসম আৰক্ষীয়ে যিমান দূৰলৈ পাৰে তদন্ত কৰিব বুলি উল্লেখ কৰি প্ৰয়োজনত দেশৰ কোনো অনুসন্ধানকাৰী সংস্থাক তাৰ তদন্তৰ দায়িত্ব দিব পাৰে বুলিও কয়।

প্ৰশ্ন হয়- মুখ্যমন্ত্ৰীয়ে দেশৰ নিৰাপত্তাৰ সন্দৰ্ভত এগৰাকী সাংসদৰ সন্দেহজনক ভূমিকাক লৈ যি গুৰুত্ব অভিযোগ উত্থাপন কৰিছে, সেই অভিযুক্তক কিয় এতিয়ালৈকে জেৰা কৰা হোৱা নাই ? মুখ্যমন্ত্ৰীৰ মতে, তদন্তকাৰী এছ আই টিৰ হাতত ইমানবোৰ তথ্য থকাৰ পাছতো তেওঁক কিয় গ্ৰেপ্তাৰ কৰিবলৈ এটা নিৰ্দিষ্ট সময়লৈ আৰক্ষীক অপেক্ষা কৰিবলৈ দিয়া হৈছে ?

পাকিস্তানৰ সৈতে এই সাংসদজনৰ বা তেওঁৰ পত্নীৰ আইনী দৃষ্টিৰে এনে দেশদ্ৰোহী সম্পৰ্ক থকা বুলি চৰকাৰী পক্ষই প্ৰচাৰ চলাই ৰাজনৈতিক মুনাফা লাভৰ চেষ্টা কৰিছে নেকি ? আমিনুল ইছলাম নামৰ জনপ্ৰতিনিধিগৰাকীক যদি পেহেলগাম কাণ্ড সন্দৰ্ভত কৰা মন্তব্যৰ বাবে ২৪ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিব পাৰে, এই গুৰু অভিযোগত অভিযুক্ত সাংসদগৰাকীৰ ক্ষেত্ৰত কিয় একেই কঠোৰ ব্যৱস্থা লোৱা হোৱা নাই ?

পাকিস্তান ভ্ৰমণ, নেপাল ভ্ৰমণৰ যোগসূত্ৰ আৰু পত্নীৰ চাকৰিৰ দৰমহা পাকিস্তানৰ পৰা অহা তথ্য আৰক্ষীৰ হাতত থকাৰ পাছতো সাংসদগৰাকী আৰু তেওঁৰ পত্নীক ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই জেৰা চলোৱাৰ প্ৰয়োজন নাছিল নে? এই স্পৰ্শকাতৰ বিষয়টোক লৈ অসম আৰক্ষীয়ে বিশেষ তদন্তকাৰী গোট গঠন কৰিলে। তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ নৌহওতেই মুখ্যমন্ত্ৰীৰ দৰে দায়িত্বশীল লোকে তদন্তৰ মাজতে তদন্ত সন্দৰ্ভত কৰা আনুষ্ঠানিক মন্তব্যৰ প্ৰয়োজন আছিল নে?

পাক সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰসংগক লৈ সৰৱ চৰ্চা আৰু ধিক্কাৰ দিছে সকলোৱে। তাৰ মাজতে এই সাংসদজনৰ প্ৰসংগৰ সৈতে পাকিস্তানৰ প্ৰসংগক একাকাৰ কৰি মুখ্যমন্ত্ৰীয়ে এফালে পঞ্চায়ত নিৰ্বাচনৰ সময়ত আবেগৰ এক ৰাজনৈতিক কাঁড় নিক্ষেপ কৰিলে নেকি ? 

সমান্তৰালভাৱে ২০২৬ চনত কংগ্ৰেছ শিবিৰে এই সাংসদজনক মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী কৰা আগতীয়া অনুমান পাই তাৰ বাবেও এক ৰাজনৈতিক অস্ত্ৰ এইদৰে সাজু কৰা হৈছে নেকি ? য’ত পাকিস্তান হ’বগৈ অসম বিধানসভাৰ ৰাজনীতিৰো ইচ্ছু। এতিয়াই সেই অস্ত্ৰ প্ৰক্ষেপ কৰি ২৬ৰ নিৰ্বাচনলৈ তাৰ চোক নাথাকিব বুলিয়েই ছেপ্তেম্বৰলৈ ইয়াক পৰিকল্পিতভাৱে সাজু কৰি ৰখা হৈছে নেকি ?

এই সাংসদগৰাকীক মুক্ত বিচৰণ কৰিবলৈ এনে তথ্য- প্ৰমাণ থকাৰ পাছতো সুযোগ দিয়াৰ যুক্তি থাকিব নোৱাৰে। পেহেলগামৰ এই নাৰকীয় কাণ্ডৰ সৈতে ৰাজনীতিক সংমিশ্ৰণ কৰি অসমৰ প্ৰেক্ষাপটতো চলা এই কুচকাৱাজ কোনো কাৰণতে গ্ৰহণযোগ্য হ’ব নোৱাৰে। 

এইটো সত্য যে, যিমান ডাঙৰ পদবীতে নাথাকক দেশৰ নিৰাপত্তাক লৈ আপোচ কৰা সকেল শাস্তি পাব লাগে। তেনে শাস্তি দিব পৰা তথ্য আৰু প্ৰমাণ থকাৰ পাছতো চৰকাৰে যদি ইয়াক ৰাজনৈতিক পাশুপাত অস্ত্ৰহে তৈয়াৰ কৰাত ব্যস্ত হয়, তেন্তে সন্দেহ হয় সকলো নিজৰ স্বাৰ্থ সিদ্ধিতহে ব্যস্ত !

gaurab gogoi Dr. Himanta Biswa Sarma