ৰাহুল চেত্ৰী, কিয় এনে হ'ল...

ৰাহুল চেত্ৰী, কিয় এনে হ'ল...

মৃদুল কুমাৰ সন্দিকৈ

ঐ এইফালে আহ। নিউকামাৰ নেকি তই? ঘৰ ক'ত তোৰ- এনেদৰেই আৰম্ভ হৈছিল চিনাকী পৰ্ব। তাৰপাছত নৱাগত আদৰণি সভা নোযোৱালৈকে কিমান যে নীতি-নিয়ম মানি চলিব লাগে তাৰ কোনো হিচাপ নাছিল।

হাত দীঘল চোলা হাত কোচাই পিন্ধিব নোৱাৰিব।কাঢ়া ইস্ত্ৰি কৰা পেন্ট আৰু পুৱা উঠাৰ পৰা শুৱালৈকে ভৰিত পিন্ধি থাকিব লাগিছিল ক'লা চামৰাৰ জোতা। হোষ্টেলত জ্যেষ্ঠ আৱাসীকে বিভিন্ন বিষয়ৰ ওপৰত প্ৰশ্ন কৰি ব্যতিব্যস্ত কৰিছিল।

কাৰ কি প্ৰতিভা আছে সেই অনুযায়ী সেইবোৰ কাম কৰিবলৈ দিয়া হৈছিল। নিশা এটা নিৰ্দিষ্ট সময়ৰ পাছতেই বিচনাত শুবলৈ যাব পাৰিছিল। বিভিন্ন ঠাইৰ পৰা অহা নতুন আৱাসী সকলৰ একোটা উপনাম আৱাসী সকলে দি লৈছিল।

সেই দিনবোৰ নতুন ছাত্ৰ সকলৰ বাবে তেতিয়া আছিল বৰ ভয়লগা। কথাই প্ৰতি ভুল ধৰিছিল জ্যেষ্ঠ সকলে। কিন্তু এইবোৰৰ মাজত মাৰপিটৰ দৰে ঘটনা সংঘটিত হোৱা নাছিল। জ্যেষ্ঠ সকলে অনুশাসনৰ কিছু নীতি নিয়ম শিকোৱাৰ লগতে ভিন্ন প্ৰান্তৰ পৰা অহা ছাত্ৰ সকলে কেনেদৰে একেটা পৰিয়ালৰ নিচিনাকৈ বাস কৰিব পাৰে তাৰ কিছু আধাৰ গঢ়ি তুলিছিল।

হোষ্টেল এৰাৰ পাছত সেইবোৰ স্মৃতি সোঁৱৰণীত চিৰকাল ৰৈ যায়। পাছতহে গম পোৱা যায় সেই দিনকেইটাই একো একোজন ছাত্ৰক জীৱনৰ বহু শিক্ষা দিয়ে। সময় সলনি হ'ল। এটা সময়ত শিক্ষানুষ্ঠান, হোষ্টেলত ৰেগিং এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিল।

মৰম আৰু জ্যেষ্ঠ-কনিষ্ঠৰ মাজত সৌহাদ্যপূৰ্ণ চিনাকী পৰ্বই হিংসাত্মক ৰূপ ধাৰণ কৰিলে। ৰেগিঙৰ ফলত বহু ছাত্ৰই শিক্ষানুষ্ঠান ত্যাগ কৰিবলগীয়া হোৱা ঘটনা বৃদ্ধি পালে। লগতে বহু সংখ্যক ছাত্ৰই জ্যেষ্ঠজনৰ অত্যাচাৰৰ বলি হৈ প্ৰাণ হেৰুৱাব লগা হ'ল।

ৰেগিঙৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা আৰু নীতি নিয়ম গ্ৰহণ কৰিলে। তাৰ মাজতো এই ধৰণৰ অঘটন ঘটিয়েই থাকিল। শেহতীয়াকৈ ডিব্ৰুগড় বিশ্ব বিদ্যালয়ৰ পদ্মনাথ গোহাঞি বৰুৱা হোষ্টেলত এক দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হ'ল।

আৱাসীটোলৈ নতুনকৈ অহা ছাত্ৰ সকলৰ ওপৰত জ্যেষ্ঠ ছাত্ৰৰ নিৰ্যাতন চলিল। নিশা ৯-১০ বজাৰ পৰা পুৱতি নিশালৈকে শাৰীৰিক নিৰ্যাতন চলোৱাৰ ফলতেই হোষ্টেলটোৰ দ্বিতীয় মহলাৰ পৰা আনন্দ শৰ্মা নামৰ এজন ছাত্ৰই জঁপিয়াই দিলে।

আত্মৰক্ষাৰ বাবে ছাত্ৰজনে এনে কৰা বুলি প্ৰকাশ কৰাত বিশ্ববিদ্যালয় খনৰ হোষ্টেলত কি পৰ্যায়ত ৰেগিং চলিছিল তাক লৈ হাহাকাৰ লাগিল। হাত-ভৰি আৰু কঁকালত আঘাতপ্ৰাপ্ত ছাত্ৰজন চিকিৎসালয়ত।

ছাত্ৰজনে কোন কোন ছাত্ৰই নৱাগত সকলৰ ওপৰত নিৰ্যাতন চলাইছিল তাৰ বৰ্ণনাও দিলে। ধাৰাবাহিকভাৱে এইদৰে ৰেগিঙৰ নামত নিৰ্যাতন চলোৱাৰ খবৰ আনন্দ শৰ্মাই পৰিয়ালক দিছিল।

হোষ্টেলটোৰ অধীক্ষক গৰাকীকো এই সন্দৰ্ভত পূৰ্বতে জনাইছিল। পৰিয়ালৰ অভিযোগ মতে লিখিত অভিযোগ নিদিলে তেওঁ ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰো বুলি বিষয়টো এৰাই চলিছিল।

ছাত্ৰজনক ৰেগিং কৰা খবৰ বিভিন্ন মাধ্যমত সম্প্ৰচাৰ হোৱাৰ পাছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, শিক্ষা মন্ত্ৰী ৰনোজ পেগু আদিয়ে সমগ্ৰ কাণ্ডটোৰ তদন্ত কৰিবলৈ আৰক্ষী আৰু প্ৰশাসনক নিৰ্দেশ দিলে।

ইয়াৰ পাছতহে বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ গা লৰিল। ৫ জন অভিযুক্ত ছাত্ৰৰ বিৰুদ্ধে পৰিয়ালে গোচৰ তৰিলে। সেই সকলৰ ভিতৰত বিশ্ববিদ্যালয় খনৰ প্ৰাক্তন ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ৰাহুল চেত্ৰীৰ নামো আছে।

আৰক্ষীয়ে বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ পৰা সীমান্ত হাজৰিকা, নিৰঞ্জন ঠাকুৰ, গোলাপ ডেকা, প্ৰাণজিৎ বৰুৱাক গ্ৰেপ্তাৰ কৰিছে। ৰাহুল ছেত্ৰী নামৰ ছাত্ৰ মুক্তিৰ সংগ্ৰাম সমিতিৰে জড়িত বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ জনে হোষ্টেললৈ গৈ ৰেগিং কাণ্ডত জড়িত হোৱাৰ খবৰে বহুতকে ক্ষোভিত কৰি তুলিছে।

আৰক্ষীয়ে সমগ্ৰ ঘটনা তদন্ত কৰাৰ উপৰিও ডিব্ৰুগড় জিলা প্ৰশাসনক উক্ত ঘটনাক লৈ সক্ৰিয় হ'বলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে। ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ১৮ জন ছাত্ৰক পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাবাসৰ পৰা বহিষ্কাৰ কৰিছে।

তেওঁলোকে হোষ্টেলত থাকিব নোৱাৰাৰ লগতে শ্ৰেণীকোঠাতো উপস্থিত থাকিব নোৱাৰিব। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে DU/sws/h/rgging/2008(part) নিৰ্দেশ যোগে হোষ্টেলৰ পৰা বহিষ্কাৰ কৰা ছাত্ৰ কেইগৰাকী হ'ল- নিৰঞ্জন যাদৱ, গালৱ ডেকা, কল্যান দত্ত, সীমান্ত হাজৰিকা,প্ৰাণজিৎ বৰুৱা, চন্দনজ্যোতি বৰা সোণোৱাল, শিৱম শ্ৰফ,পাচাংখাম বৰুৱা, পল্লৱ বৰা, চিত্ৰৱন বৰুৱা, নাৰায়ন অধিকাৰী, নয়নজিত ঠেঙাল, মনোৰঞ্জন দাস, মৌচম ফুকন, বিশাল ডেকা,নৱদ্বীপ শৰ্মা, দেৱাসীস বৰুৱা আৰু অমৰ জ্যোতি নাথ।

প্ৰশ্ন হয়, বিশ্ববিদ্যালয় কৰ্তৃপক্ষই অভিযোগ পোৱাৰ পাছতো ৰেগিঙৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্ৰহণ নকৰিলে? এই ক্ষেত্ৰত অৱহেলা কৰা হোষ্টেলটোৰ অধীক্ষক গৰাকী আৰু আনন্দ শৰ্মাৰ মাতৃয়ে কোৱাৰ কথা যদি সঁচা, বিশ্ববিদ্যালয়ৰ উৰ্দ্ধতম যি জন কৰ্তৃপক্ষক এই অভিযোগ ফোনযোগে জনাইছিল তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব নে নহয়।

নৱাগত ছাত্ৰ আহিলে হোষ্টেলত যাতে এনে অবাঞ্চিত পৰিস্থিতিৰ সৃষ্টি নহয়,জ্যেষ্ঠ আৱাসী সকলৰ মাজত সমন্বয়ৰে তেনে ঘটনা প্ৰতিৰোধ কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰা হয়। এই সকলোবোৰ ব্যৱস্থা বিশ্ববিদ্যালয় কৰ্তৃপক্ষই কৰা নাছিল নেকি?

ৰেগিং প্ৰতিৰোধ কৰিবলৈ ল'ব লগা ব্যৱস্থা নোলোৱাৰ অপৰাধত বিশ্ববিদ্যালয়ৰ উপচাৰ্য, পঞ্জীয়কৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা প্ৰয়োজন। প্ৰয়োজনত আইনগত ভাবেও তেওঁলোকক জবাবদিহী কৰাৰ আৱশ্যক আছে।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এই ঘটনাই সভ্য সমাজত চিন্তিত কৰি তুলিছে। জীৱন-মৃত্যুৰে যুঁজি থকা ছাত্ৰ জনৰ চিকি,,সা ব্যয় আৰু ব্যৱস্থা বিশ্ববিদ্যালয় খনৰ কৰ্তৃপক্ষই গ্ৰহণ কৰাৰ আশ্বাস দিছে। প্ৰয়োজনত বাহিৰত নি হ'লেও চিকিৎসা কৰিবলৈ বিশ্ববিদ্যালয় কৰ্তৃপক্ষ সাজু আছে।

এতিয়া সেই প্ৰতিশ্ৰুতি দি হৈ যোৱা ঘটনাটোত নোহোৱা কৰিব নোৱাৰে। এনে ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ প্ৰতি বিশ্ব বিদ্যালয় কৰ্তৃপক্ষই, চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক। নিয়মাফিক কেইজনমান ছাত্ৰক হোষ্টেলৰ পৰা বহিষ্কাৰ কৰি দায় সাৰিলে এইবোৰ ঘটনা ঘটিয়েই থাকিব।

আৰু পঢ়ক: বিধ্বংসী অগ্নিকাণ্ডত ভস্মিভূত ৬ টাকৈ বাসগৃহ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in