বিধ্বংসী অগ্নিকাণ্ডত ভস্মিভূত ৬ টাকৈ বাসগৃহ...

বিধ্বংসী অগ্নিকাণ্ডত ভস্মিভূত  ৬ টাকৈ বাসগৃহ...
বিধ্বংসী অগ্নিকাণ্ডত ভস্মিভূত ৬ টাকৈ বাসগৃহ...
Published on
Updated on

ডিজিটেল সংবাদ দৰংঃ দৰঙৰ ধূলা আৰক্ষী থানাৰ অন্তৰ্গত নন-কে গৰাপৰি গাঁৱত সোমবাৰে আবেলি এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডৰ ফলত জুইত ভস্মীভূত হয় ৬ টাকৈ বাসগৃহ ।

বাসগৃহকেইটা ভস্মিভূত হোৱাৰ ফলত ঘৰ কেইটাত থকা ধান, চাউল, গুৰুত্বপূৰ্ণ নথি, ঘৰৰ সকলো সম্পদ জুইত ভস্মীভূত হয়। স্থানীয় লোকে সন্দেহ কৰা অনুসৰি এই অগ্নিকাণ্ড বিদ্যুৎ পৰিবাহী তাৰৰ পৰা সূত্ৰপাত হৈছে।

ইফালে এই অগ্নিকাণ্ডৰ পাছতে অগ্নিনিৰ্বাপক বাহিনীয়ে ঘটনাস্থলীত উপস্থিত হৈ জুই নুমোৱাবলৈ সক্ষম হয়। অগ্নিকাণ্ডত গৰাপৰি গাঁৱৰ জোলফিক্কাৰ, ফাইজোল, ফৰিদুল, বাদসা আলি, ফক্কৰ আলি, মোজামিল আলি আৰু আব্বাছ আলিৰ বাসগৃহ অগ্নিকাণ্ডত ভস্মিভূত হয়।

এই অগ্নিকাণ্ডত বহু লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত ভস্মিভূত হৈছে। ইফালে জুই নিৰ্বাপন কৰিবলৈ চেষ্টা কৰাৰ বাবেই ৩ যুৱকো আহত হৈছে।

ক্লিক কৰি পঢ়কঃ পুৰীৰ ৰথ যাত্ৰাই লাভ কৰিব ইউনেস্কোৰ স্বীকৃিত !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in