গুলী ফুটিছে, কিন্তু ভুল জেগাত লাগিছে...

আৰক্ষীৰ গুলী ফুটিছে। অপৰাধীক লক্ষ্য কৰিয়েই আৰক্ষীয়ে গুলীয়াইছে। চফট টাৰ্গেটত গুলী লগাই আৰক্ষীয়ে অপৰাধীৰ বিৰুদ্ধে কিবা এটা কৰিছো বুলি নিজেই সান্তনা লভিছে যদিও অপৰাধ নিয়ন্ত্ৰণ কৰিব পৰা নাই।
 গুলী ফুটিছে, কিন্তু ভুল জেগাত  লাগিছে...

মৃদুল কুমাৰ সন্দিকৈ

আৰক্ষীৰ গুলী ফুটিছে। অপৰাধীক লক্ষ্য কৰিয়েই আৰক্ষীয়ে গুলীয়াইছে। চফট টাৰ্গেটত গুলী লগাই আৰক্ষীয়ে অপৰাধীৰ বিৰুদ্ধে কিবা এটা কৰিছো বুলি নিজেই সান্তনা লভিছে যদিও অপৰাধ নিয়ন্ত্ৰণ কৰিব পৰা নাই।

বৰ বেছি দিনৰ ঘটনাৰাজিলৈ নাযাঁও। ২২ নৱেম্বৰৰ পৰা ডিচেম্বৰৰ ২৪ তাৰিখলৈকে গুৱাহাটীত সংঘটিত কেইটামান ঘটনা আৰক্ষীক মনত পেলাই দিওঁ। একেদৰে মনত পেলাই দিও অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক।

আৰক্ষী বা চৰকাৰক সমালোচনা কৰাৰ ধৃষ্ঠতা, দক্ষতা আমাৰ নাই। কেৱল তথ্যগত ভাৱে সেই ঘটনা প্ৰৱাহক তুলি ধৰি সুধিব খুজিছো আজিৰ দিনত এই অপৰাধ সংঘটিত কৰা প্ৰকৃত অপৰাধীক আৰক্ষীয়ে ধৰিব পাৰিলেনে?

২২ নৱেম্বৰ ২০২২। স্থান মহানগৰী-পাঞ্জাৱাৰী। সময়- ঠিক দুপৰীয়া। মানুহে গিজ গিজাই থকা ৰাজপথত কেইটামান টকাৰ বাবে ৰঞ্জিত বৰা নামৰ এগৰাকী ব্যৱসায়ীক হত্যা কৰি থৈ গুচি গ'ল দুৰ্বৃত্তই।

তাৰপাছত বহু ঘটনা ঘটিল। ১০ ডিচেম্বৰ ২০২২। স্থান-ৰাজগড়। এগৰাকী মহিলাৰ পৰা সোণৰ চেইন কাঢ়ি উধাও হ'ল দুৰ্বৃত্ত। পিষ্টল দেখুৱাই দুৰ্বৃত্তই সোণৰ চেইন খুলি দিবলৈ মহিলা গৰাকীক বাধ্য কৰালে।

১৯ ডিচেম্বৰ ২০২২। স্থান-সাতগাঁও। টুটুমণি ৰাভা নামৰ মহিলা গৰাকীৰ পৰা একেই ষ্টাইলতেই পিষ্টল দেখুৱাই সোণৰ চেইন কাঢ়ি নিলে। একে দিনাই গান্ধীবস্তিৰ পৰা গুলতাজ বেগম নামৰ মহিলা গৰাকীৰ পৰাও পিষ্টল প্ৰদৰ্শন কৰি দুৰ্বৃত্তই লৈ গ'ল সোণৰ চেইন।

তাৰ এদিনৰ পাছত দিছপুৰৰ পৰাও কাঢ়ি নিলে সোণৰ চেইন। সৰু সৰু চোৰ-ডকাইতবোৰ আছেই। নিয়মিতভাৱে সোণৰ চেইন পিষ্টল দেখুৱাই দিন দুপৰতে দুৰ্বৃত্তই কাঢ়ি নিয়া ঘটনাই মহিলা সকলক শংকিত কৰি তুলিছে।

তাৰ মানে এতিয়া ৰাজপথত সোণৰ চেইন পিন্ধি মানুহে খোজ কাঢ়ি যাব পৰা পৰিৱেশো নাই। খোদ মুখ্যমন্ত্ৰীয়ে স্বীকাৰ কৰিলে এইবোৰ ঘটনা ঘটি আছে, আৰক্ষীক কাঢ়া নিৰ্দেশ দিয়া হৈছে। অলিয়ে-গলিয়ে পুলিচ মেলি দিছে। আনকি অসন্তুষ্ট মুখ্যমন্ত্ৰীয়ে গুৱাহাটী আৰক্ষী আয়ুক্ত জনকেই বদলি কৰি দিলে।

তাৰ পাছতো অপৰাধ কমা নাই গুৱাহাটীত। ৰঞ্জিত বৰাৰ হত্যাকাৰী নোলাল। আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই নীৰৱ দৰ্শক হৈ পৰিছে। ক'বলৈ বাধ্য হৈছে বহিঃৰাজ্যৰ পৰা ৰেলযোগে অপৰাধী আহি এইবোৰ দুষ্কাৰ্য কৰি আছে।

তাৰমাজতে মহানগৰীত আৰক্ষীৰ গুলী ফুটিল। ২২ ডিচেম্বৰৰ মাজনিশা মহানগৰ আৰক্ষীয়ে দুটা চোৰক গুলীয়ালে। মুকেশ সাহ আৰু গৌৰৱ পাল নামৰ চোৰ দুটাক গুলীয়াই আৰক্ষীয়ে অপৰাধীৰ বিৰুদ্ধে কিবা এটা কৰিছো বুলি মহানগৰ বাসীক সান্তনা দিছে।

চিলনী চোৰ, দিন ডকাইতি এইবোৰ ঘটনা প্ৰতিৰোধ কৰিব নোৱাৰা আৰক্ষীয়ে তৎপৰতা দেখুৱালেও অপৰাধ দমনত চূড়ান্ত বিফল হৈছে। ঘৰচীয়া প্ৰাণী চিকাৰ কৰাৰ দৰেই ঘৰৰ পৰা ধৰি আনি দুই ড্ৰাগছ আসক্তক মাজনিশা বামুনীমৈদামলৈ নি গুলীয়াইছে বুলি অভিযোগ উঠিছে।

আৰক্ষীৰ সেই পুৰণি কাহিনীৰ নাট্যৰূপ। গীতানগৰ থানাই গ্ৰেপ্তাৰ কৰা অপৰাধী দুজনক হেনো অনুসন্ধানৰ বাবে লৈ যাঁওতে আৰক্ষীৰ বাহনৰ পৰা পলাবলৈ চেষ্টা কৰিছিল। জঁপিয়াই পলাবলৈ চেষ্টা কৰোতেই আৰক্ষীৰ গুলী ফুটিল।

পৰিয়ালৰ দাবী ঘৰৰ পৰাই গৌৰৱ পালক তুলি নিছিল আৰক্ষীয়ে। নৱেম্বৰতে গীতানগৰত এই দুই যুৱকৰ বিৰুদ্ধে মোবাইল চুৰিৰ গোচৰ ৰুজু হৈছিল। এমাহৰ পাছত সাৰ পালে আৰক্ষী।

মহিলাৰ ডিঙিৰ পৰা চেইন কাঢ়ি নিয়া কোনো অপৰাধীক যদি আৰক্ষীয়ে খেদি খেদি গুলীয়ালে হেতেন তেনেহ'লে সেয়া সুকীয়া আছিল। সেই কাম এতিয়ালৈকে আৰক্ষীয়ে কৰিব পৰা নাই।

চিলনী চোৰ ধৰিব নোৱাৰা, পিষ্টল লৈ মহানগৰীত পিট পিটাই ফুৰা অপৰাধীক কৰায়ত্ব কৰিবলৈ সক্ষম নোহোৱা আৰক্ষীয়ে ঘৰৰ পৰা উঠাই অনা সাধাৰণ দুই যুৱকক গুলীয়াই দিলেই এইবোৰ ঘটনা জানো প্ৰতিৰোধ হ'ব।

অপৰাধীক কৰায়ত্ব কৰিব নোৱাৰাত মুখ্যমন্ত্ৰীয়ে ৰঙা চকু দেখুৱাইছিল। তাৰ পাছত আৰক্ষীয়ে যাকে তাকে এনকাউন্টাৰ কৰি হয়তো মুখ্যমন্ত্ৰীক সন্তুষ্ট কৰিব পাৰিব। অপৰাধ প্ৰতিৰোধ কৰিব নোৱাৰে। এদিনৰ ব্যৱধানত গুৱাহাটীৰ পৰাই দুখনকৈ বলেৰো চুৰি হৈ গ'ল।

বাইক চুৰি ঘটনা সাধাৰণ ঘটনা বুলিয়েই আৰক্ষীয়ে গণ্য কৰা হ'ল। এনেবোৰ ঘটনা প্ৰতিৰোধ কৰিব নোৱাৰা অসম আৰক্ষীক কেনেদৰে বাৰু মানি ল'ম স্মাৰ্ট পুলিচ বুলি? কাৰ্যত এতিয়া আৰক্ষী থাকিও নথকাৰ দৰে হৈছে গুৱাহাটীত।

ৰাজপথত নিশা সুৰাপায়ী চালকক চিনাক্ত কৰাতেই যেন আৰক্ষীৰ দায়িত্ব শেষ । আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰ পত্নীৰ বেগেই থাপ মাৰি চিলনী চোৰে কাঢ়ি নিয়াৰ ঘটনাও ঘটিছে এইখন গুৱাহাটীত।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰু বুজিছেনে নে নাই।আৰক্ষীৰ গুলী ফুটিছে ঠিকেই আছে, কিন্তু সেই গুলী সঠিক লক্ষ্যত লগা নাই। কেৱল কটা ঘাত অলপ মলম দিয়াৰ দৰে কিবা এটা কৰিছো বুলি দেখুৱাবলৈ আৰক্ষীয়ে এইবোৰ নাটক কৰিছে। আচল অপৰাধী কিন্তু আৰক্ষীৰ নাকৰ তলেৰে ঘূৰা ফুৰা কৰি অপৰাধ সংঘটিত কৰিয়েই আছে।

আৰু পঢ়ক: মন্দিৰত জ্বলোৱা বন্তিৰ পৰাই অগ্নিকাণ্ডৰ সূত্ৰপাত, ভস্মীভূত সকলো...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in