মন্দিৰত জ্বলোৱা বন্তিৰ পৰাই অগ্নিকাণ্ডৰ সূত্ৰপাত, ভস্মীভূত সকলো...

শনিবাৰে পুৱা মহানগৰীৰ হেঙেৰাবাৰীৰ শংকৰদেৱ নগৰত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড।

author-image
Asomiya Pratidin
New Update
মন্দিৰত জ্বলোৱা বন্তিৰ পৰাই অগ্নিকাণ্ডৰ সূত্ৰপাত, ভস্মীভূত সকলো...

ডিজিটেল ডেস্ক: শনিবাৰে পুৱা মহানগৰীৰ হেঙেৰাবাৰীৰ শংকৰদেৱ নগৰত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। মনেশ্বৰ নাৰ্জাৰী নামৰ লোকজনৰ বাসগৃহত এই ঘটনা সংঘটিত হয়।

Advertisment

মন্দিৰত জ্বলোৱা বন্তিৰ পৰাই অগ্নিকাণ্ডৰ সূত্রপাত হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে। অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে ভস্মীভূত হয় নাৰ্জাৰীৰ বাসগৃহ।

পাছত স্থানীয় লোকৰ প্রচেষ্টাত জুই নিৰ্বাপন কৰা হয়। অৱশ্যে কোনো লোক হতাহত হোৱাৰ খবৰ এতিয়ালৈকে আহি পৰা নাই।

আৰু পঢ়ক: ইটা ভাটাত বিস্ফোৰণ; নিহত সকলৰ পৰিয়াললৈ ২ লাখ টকাৰ আৰ্থিক সাহাৰ্য ঘোষণা মোডীৰ...

assam fire guwahati