আমিও ব্ৰইলাৰ! গল ঠিকেই কাটে, দামহে নাবাঢ়ে...

আমিও ব্ৰইলাৰ! গল ঠিকেই কাটে, দামহে নাবাঢ়ে...

চিনাকি মাংসৰ দোকানীজনে অচিনাকীৰ দৰে আচৰণ কৰিছে নেকি? তেওঁৰ পৰা সদায়ে মাংস কিনা এজন নিয়মীয়া গ্ৰাহক হিচাপে মাংসখিনি লৈ ওজন অনুপাতে দামটো আগবঢ়াই দিওতে কৈছে নেকি- আৰু ৪০টকা দিয়ক।

এই অভিজ্ঞতা আপোনাৰ নিশ্চয় যোৱা দুদিনত মাংস কিনিবলৈ যাওতে হৈছে। ব্ৰয়লাৰ মাংসৰ দাম এনেকৈয়ে হঠাৎ ৪০-৫০টকা বৃদ্ধি পাব বুলি আপুনি হয়তো ভৱা নাছিল। কিন্তু বাস্তৱত সেয়া হৈছে। ব্ৰইলাৰ মুৰ্গী মাংসৰ দাম মাংস বিক্ৰেতাই বৃদ্ধি কৰিছে। 

৭মে’ ২০২৪ত তিনিটা পৰ্যায়ত অসমত অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ অন্ত পৰিছে। তাৰ পাছতেই ব্ৰইলাৰকে ধৰি বজাৰত বহু সামগ্ৰীৰ মূল্য বৃদ্ধি পাইছে। আলুৰ দামো প্ৰতিকেজিত ১০টকা পৰ্যন্ত বাঢ়িছে।

এতিয়া মূল্যবৃদ্ধিৰ প্ৰতি মানুহে কাণসাৰ দিবলৈ এৰিছে। পৰাজনে খাইছে আৰু নোৱাৰাজনে হাত দাঙি দিছে। আন প্ৰয়োজনীয় সা-সামগ্ৰীৰ লগতে ব্ৰইলাৰৰ মূল্যবৃদ্ধি কিয় হৈছে আৰু কোনে কৰিছে সেই উত্তৰ কাৰোৰে হাতত নাই। উত্তৰ কেৱল এটাই- ইলেকশ্যন হৈ গ’ল যেতিয়া বয়-বস্তুৰ দাম বাঢ়িবই।

ইলেকশ্যনৰ পাছত সা-সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱাতো এটা সৰ্বগ্ৰহণযোগ্য ল’জিক হৈ পৰিছে। নিৰ্বাচনত পানীৰ দৰে টকা ব্যয় কৰে প্ৰাৰ্থী আৰু ৰাজনৈতিক দলসমূহে। ভোটৰ আশাত নগদ ধনো বিলোৱা ঘটনাবোৰ এতিয়া লুকাই থকা নাই। নিৰ্বাচনী সভালৈ মানুহ নিয়াও এতিয়া ঠিকা দিয়া হয়।

এইবোৰ নিৰ্বাচনী ব্যয়ৰ প্ৰভাৱ কোনোবা প্ৰকাৰে গৈ সাধাৰণ মানুহৰ মুৰতে পৰেগৈ। যেনেকৈ ইলেক্টৰেল বণ্ডৰ জৰিয়তে ৰাজনৈতিক দলক টকা দিয়া ঔষধ কোম্পানীবোৰে ঔষধৰ মূল্যবৃদ্ধি কৰি দান দিয়া ধন সাধাৰণ জনতাৰ মুৰত মাৰিয়েই আকৌ ঘূৰাই নিয়ে।

কৰ্পাৰেট গোষ্ঠীসমূহে জানে কাক সন্তুষ্ট কৰিব লাগে আৰু কাৰ পৰা কেতিয়া লুটিব লাগে। ব্ৰয়লাৰ মূল্যবৃদ্ধি হয়তো তেনে সমীকৰণেৰে অংশ বিশেষ হ’ব পাৰে। অসমৰ বজাৰত উপলদ্ধ ব্ৰয়লাৰ সমূহ পশ্চিম বংগকে ধৰি আন চুবুৰীয়া ৰাজ্যৰ পৰা আহে।

মাংস উৎপাদনত অসম আজিও চাহিদা অনুসৰি স্বাৱলম্বী হব পৰা নাই। দৈনিক হাজাৰ হাজাৰ টন ব্ৰয়লাৰ শিলিগুৰিয়েদি অসমলৈ আমদানি হয়। কিয়নো খুচুৰা ব্ৰইলাৰ বেপাৰীয়ে দাম বঢ়ালে সেই কথা জানিবলৈ বিচৰাত ইয়াৰ ওৰ ওলাল।

সৰু-ডাঙৰ আকৃতি অনুপাতে পাইকাৰী বেপাৰীসকলে ব্ৰয়লাৰৰ দাম প্ৰতি কেজিত নিৰ্ধাৰণ কৰে। সেই পাইকাৰী বেপাৰীৰ পৰা আনি খুচুৰাকৈ মাংস বেপাৰীসকলে ব্ৰইলাৰ মাংস আপোনাক-মোক দিয়ে।

অসমৰ অন্তিম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ পাছত সেই পাইকাৰী ব্ৰইলাৰ বেপাৰীসকলে প্ৰতি কেজি ব্ৰয়লাৰ মূল্য ২০টকাকৈ বৃদ্ধি কৰিলে। পূৰ্বতে প্ৰতিকেজিত ১৩২টকা মূল্যত তেওঁলোকে ব্ৰইলাৰ কিনি আনিছিল। এতিয়া সেই পাইকাৰী বজাৰৰ মূল্যই  ১৫২টকা হ’ল। সেয়েহে ব্ৰইলাৰৰ মূল্য খুচুৰা বেপাৰীসকলে বৃদ্ধি কৰিছে।

নিয়মীয়াকৈ যিবোৰ হোটেলত তেওঁলোকে ব্ৰয়লাৰ মাংস যোগান ধৰে সেই হোটেলবোৰক প্ৰতিকেজিত ২৫০-২৬০টকাৰ দৰত ব্ৰইলাৰ বিক্ৰী কৰিব লগা হৈছে। পৰিবহন ব্যয়, তেওঁলোকৰ দোকানৰ ব্যয়, ব্ৰইলাৰ সমূহ অনা-নিয়া সময়ত হোৱা মৃত্যু আদি সকলো ব্যয় মিলাই এতিয়া তেওঁলোকে ২৮০ বা ৩০০টকা মূল্যত ব্ৰইলাৰ বিক্ৰী নকৰিলে চলাই হেনো টান হৈছে। 

বৰ বেছি দিনৰ কথা নহয়। ১কেজি ব্ৰয়লাৰৰ মূল্য আছিল পাইকাৰী দোকানত ৬৭টকা। সেই মূল্য এতিয়া দুগুণৰো অধিক হল। চকুৰ সন্মুখতে কেনেকৈ মূল্যবৃদ্ধি হৈছে সেই ছবিখন চাবলৈ আপুনি এটা কাম কৰিব পাৰে।

ডায়েৰী লিখাৰ দৰে প্ৰতিদিনে বজাৰৰ পৰা উভতি অহাৰ পাছত কোনো এখন বহীত সেইদিনা কি সামগ্ৰী কি দামত কিনিলে সেয়া লিখি গলেই এই ছবিখন ওলাই পৰিব। মাত্ৰ এটা মাহ এনে কৰিলে দেখিব কি হাৰত এই মূল্যবৃদ্ধি হৈছে আৰু সেই মূল্যবৃদ্ধিৰ মাজতেই আপুনি মই সাধাৰণ লোকসকলে ককবকাই জীৱন অতিবাহিত কৰিব লগা হৈছে।

ইমান ডাঙৰ নিৰ্বাচন এটা হৈ গ’ল। ক’লে জানো আপোনাক কোনোবাই, আপোনাৰ এই সমস্যাবোৰ সমাধান কৰি দিয়াৰ কথা। বিৰোধীৰ মুখতো এইবাৰ শুনিবলৈ পোৱা নগ’ল মূল্যবৃদ্ধি প্ৰতিৰোধৰ বিশ্বাসযোগ্য প্ৰতিশ্ৰুতি।

আজি ব্ৰইলাৰৰ দাম বাঢ়িছে। কাইলৈ আৰু কিছু সামগ্ৰীৰ দাম বাঢ়িব। কোনেও কতোৱে প্ৰতিবাদ কৰা পৰিৱেশ আজি নাই। বজাৰলৈ যোৱাৰ সময়ত জেপবোৰ গধুৰ কৰি লৈ যোৱা মানুহবোৰে বজাৰৰ মোনাবোৰ পাতল কৰি আনিবলৈ বাধ্য হোৱা সময় এয়া...

আমিও ব্ৰইলাৰ! গল ঠিকেই কাটে, দামহে নাবাঢ়ে...
সুৰা বিপ্লৱ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in