ভাৰতৰ বাবে শুভ হওঁক শুভাংশু!

যেতিয়া মই মহাকাশলৈ যাম তেতিয়া মই কেৱল মহাকাশৰ সামগ্ৰী-সঁজুলিয়ে নহয়, বৰঞ্চ এক বিলিয়ন ভাৰতীয়ৰ অন্তৰৰ আশা আৰু সপোনকো কঢ়িয়াই লৈ যাত্ৰা কৰিম- শুভাংশ শুক্লা

author-image
চয়নিকা শইকীয়া
আপডেট কৰা হৈছে
New Update
১১

চয়নিকা শইকীয়া

Advertisment

দেশৰ প্ৰথমগৰাকী মহাকাশচাৰী ৰাকেশ শৰ্মাৰ কাহিনী শুনি ডাঙৰ হৈছিল উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌৰ নিৱাসী শুভাংশু শুক্লা। শৈশৱত তেওঁ প্ৰায়ে অভিভাৱকক কৈছিল যে এদিন তেওঁও মহাকাশলৈ যাব। সেই সপোনকে দিঠকত পৰিণত কৰাৰ মানসেৰে নিজকে সাজু কৰি তুলিছে শুভাংশুৱে। ৪০ বছৰৰ পাছত মহাকাশলৈ যাত্ৰা কৰা দ্বিতীয় ব্যক্তিৰূপে পৰিগণিত হ'ব শুভাংশু।

৫ বছৰ ধৰি কম্বেট পাইলট হিচাপে কৰ্মৰত শুভাংশু শুক্লাই ২০০২ চনত আলিগঞ্জ-আই কেম্পাছৰ চিটি মণ্টেছৰী স্কুলৰ পৰা ১২ নম্বৰ স্থানত উত্তীৰ্ণ হয়। তেওঁ নিজৰ শিক্ষা সম্পূৰ্ণ কৰি ২০০৬ চনত ভাৰতীয় বায়ুসেনাত যোগদান কৰে। ইয়াৰ পাছত ২০১৯ চনত গগনযান অভিযানৰ বাবে মহাকাশচাৰী হিচাপে নিৰ্বাচিত হয়।

২০১৯ চনৰ পৰা ২০২১ চনলৈকে ৰাছিয়াৰ ইউৰি গাগাৰিন মহাকাশচাৰী প্ৰশিক্ষণ কেন্দ্ৰত মহাকাশচাৰীৰ মৌলিক প্ৰশিক্ষণ সম্পূৰ্ণ কৰিছিল শুভাংশুৱে। পৰৱৰ্তী সময়ত ২০২২ চনত বেংগালুৰুৰ মহাকাশচাৰী প্ৰশিক্ষণ সুবিধা কেন্দ্ৰত প্ৰশিক্ষণ অব্যাহত ৰাখিছিল। তেওঁৰ কৰ্ত্তব্যনিষ্ঠাৰ ফলস্বৰূপে অৱশেষত ২০২৫ চনত স্পেচএক্সত প্ৰশিক্ষণ সম্পূৰ্ণ কৰি স্পেচএক্সৰ পৰাই আই এছ এছ ভ্ৰমণৰ বাবে নিৰ্বাচিত হয়।

আগন্তুক এক্সিয়াম-৪ অভিযানত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ ভ্ৰমণ কৰা প্ৰথমজন ভাৰতীয় মহাকাশচাৰী হিচাপে পৰিগণিত হ’ব শুভাংশু। ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা আৰু আন তিনিগৰাকীয়ে ১০ জুনত নাছাৰ ফ্ল’ৰিডাৰ কেনেডি মহাকাশ কেন্দ্ৰৰ পৰা এক্সিয়াম স্পেচৰ চতুৰ্থ মহাকাশ অভিযানৰ বাবে উৰা মাৰিব।

প্ৰায় ২৮ ঘণ্টাৰ যাত্ৰাৰ অন্তত ১১ জুনত ভাৰতৰ সময় অনুসৰি নিশা প্ৰায় ১০ বজাত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)ত উপস্থিত হোৱাৰ সম্ভাৱনা আছে। এক্সিয়াম-৪ মিছনৰ পাইলট শুক্লাৰ উপৰিও দলটোত আছে পোলেণ্ডৰ স্লাভোছ উজনানস্কি-উইছনিউস্কি,হাংগেৰীৰ টিবৰ কাপু আৰু আমেৰিকাৰ মহাকাশচাৰী পেগি হুইটছন।

১০ জুনত উৎক্ষেপণৰ পূৰ্বে ২৫ মে’ৰ পৰা পৃথকে পৃথকে প্ৰশিক্ষণ লৈ আছে মহাকাশচাৰীসকলে। এক্সিয়াম স্পেছে ‘এক্স’ত প্ৰকাশ কৰা এটা পোষ্টত কয় যে, এক্স ৪ ক্ৰুৱে পানীৰ তলত পলায়ন কৰা অনুশীলনৰ দৰে বিভিন্ন ব্যায়ামকে ধৰি বিস্তৃত প্ৰশিক্ষণ লাভ কৰে। এক্সিয়াম স্পেছে প্ৰশিক্ষণ কাৰ্যসূচীৰ এটা ভিডিঅ’ও শ্বেয়াৰ কৰিছে।

১৪ দিনীয়া আই এছ এছত থকাৰ সময়ছোৱাত এক্স-৪ ক্ৰুৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, স্কুলীয়া ছাত্ৰ-ছাত্ৰী আৰু মহাকাশ উদ্যোগৰ নেতাসকলৰ সৈতে মত বিনিময় কৰাৰ সম্ভাৱনা আছে। চলিত সপ্তাহৰ আৰম্ভণিতে ক্ৰুৱে এখন সংবাদমেল সম্বোধন কৰি মুকলিৰ পূৰ্বে প্ৰশিক্ষণৰ বিষয়ে এক আপডেট প্ৰদান কৰিছিল।

মঙলবাৰে হুইটছনে কয় যে, আমি উৰণৰ বাবে সম্পূৰ্ণৰূপে সাজু, আমি সকলো প্ৰশিক্ষণ সম্পূৰ্ণ কৰিছো আৰু আমাৰ দলটোৰ মাজত একাত্মবোধ যথেষ্ট আছে। মহাকাশ উৰণৰ বাবে বছৰজোৰা প্ৰশিক্ষণক শুক্লাই এক “পৰিৱৰ্তনমূলক পদক্ষেপ” বুলি অভিহিত কৰিছে। 

সমগ্ৰ পৰিকল্পনা সন্দৰ্ভত শুভাংশ শুক্লাই কয়, যেতিয়া মই মহাকাশলৈ যাম তেতিয়া মই কেৱল মহাকাশৰ সামগ্ৰী-সঁজুলিয়ে নহয়, বৰঞ্চ এক বিলিয়ন ভাৰতীয়ৰ অন্তৰৰ আশা আৰু সপোনকো কঢ়িয়াই লৈ যাত্ৰা কৰিম। শুক্লাই বৰ্তমান নাছা, ভাৰতীয় মহাকাশ গৱেষণা সংস্থা আৰু জৈৱ প্ৰযুক্তি বিভাগৰ সহযোগত সাজু কৰি তোলা বিশেষ খাদ্যৰ পুষ্টি আৰু পৰীক্ষাসমূহ কৰিব।

এই পৰীক্ষাসমূহৰ লক্ষ্য হৈছে ভৱিষ্যতে দীৰ্ঘকালীন মহাকাশ ভ্ৰমণৰ বাবে প্ৰয়োজনীয় মহাকাশ পুষ্টি আৰু স্বাৱলম্বী জীৱন সহায়ক ব্যৱস্থা গঢ়ি তোলা। ইছৰ’ই শুক্লাৰ বাবে ৭টা পৰীক্ষাৰ শৃংখলা ডিজাইন কৰিছে, যি নাছাৰ মানৱ গৱেষণা কাৰ্যসূচীৰ বাবে পৰিকল্পনা কৰা পাঁচটা যৌথ অধ্যয়নৰো অংশ হ'ব।

শেহতীয়াকৈ স্পেচএক্সৰ প্ৰতিষ্ঠাপক ইলন মাস্ক আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ মাজত বিবাদৰ সৃষ্টি হৈছিল। কিন্তু নাছা আৰু এক্সিয়ামে স্পষ্ট কৰি দিয়ে যে ইয়াৰ ফলত এই অভিযানত কোনো প্ৰভাৱ নপৰে। দুয়োপক্ষই ৰাজহুৱাভাৱে টাইমলাইনক লৈ দায়বদ্ধতা প্ৰকাশ কৰিছে। গতিকে এই অভিযান সুচাৰুৰূপে চলিব।

উল্লেখযোগ্য যে, এক্স-৪ মিছন হ’ব স্পেচএক্সৰ ৫৩ সংখ্যক ড্ৰেগন মিছন। ইয়াৰোপৰি এই অভিযান ১৫ সংখ্যক মানৱ মহাকাশ অভিযান আৰু ৪৮ সংখ্যক আই এছ এছ ভ্ৰমণ। শুভাংশ শুক্লাৰ এই অভিযান ভাৰতৰ মহাকাশ কাৰ্যসূচীত এক ডাঙৰ পদক্ষেপ। তেওঁৰ অভিজ্ঞতা গগনযান মিছনৰ প্ৰস্তুতিৰ বাবে অতি উপযোগী হ’ব। এই অভিযানে কেৱল বৈজ্ঞানিক অগ্ৰগতিয়ে নহয়, মহাকাশত ভাৰতক সুউচ্চ পৰ্যায়লৈ লৈ যাব।

লক্ষ্যণীয় যে, এই উৎক্ষেপণৰ জৰিয়তে শুভাংশু শুক্লা প্ৰায় চাৰি দশকৰ পাছত মহাকাশ ভ্ৰমণ কৰা দ্বিতীয় ভাৰতীয় হিচাপে পৰিগণিত হ’ব। ৰাকেশ শৰ্মাই ১৯৮৪ চনত ৰাছিয়াৰ ছয়ুজ মহাকাশযানেৰে মহাকাশ ভ্ৰমণ কৰিছিল। নাছাই এক বিবৃতিত কয় যে, কোম্পানীটোৰ ফেলকন ৯ ৰকেটৰ জৰিয়তে উৎক্ষেপণৰ পিছত ক্ৰুৱে নতুন স্পেচএক্স ড্ৰেগন মহাকাশযানখনৰ কক্ষপথত চলা পৰীক্ষাগাৰলৈ যাত্ৰা কৰিব। মাত্ৰ দুদিনৰ পাছতে ভাৰতে মহাকাশলৈ যাত্ৰা আৰম্ভ কৰিব। 

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, শুভংশ শুক্লাৰ এই যাত্ৰাক লৈ পিতৃ শম্ভুদয়াল শুক্লা আৰু মাতৃ আশা শুক্লা আৰু দুই ভগ্নী অতি আশাবাদী। পুত্ৰৰ যাত্ৰা সন্দৰ্ভত শুভাংশুৰ মাতৃয়ে কয়, "শুভাংশু তেওঁৰ নামৰ দৰেই শুভ। আমি নিশ্চিত যে আমাৰ সন্তানে যিদৰে সকলো কামতে সফল হৈছে, ঠিক তেনেদৰে তেওঁ এই অভিযানতো সফল হ’ব। এতিয়া আমি মাত্ৰ কামনা কৰো যে এই মিছনটো সফল হওঁক...

নাছা মহাকাশ ইছৰোৰ অন্তৰীক্ষ যান ইছৰো