যি হ'ব, ভালেই হ'ব! কুশলে থাকক....

সময়। এই শব্দটিত সোমাই আছে সমস্ত। চকুৰ পচাৰতে সময় কেনেদৰে গুচি যায় গমকে পোৱা নাযায়। যাঁও বুলিলেই গুচি যায় সময়। ধৰি ৰাখো বুলিতো আৰু হাতৰ মুঠিত ধৰি ৰাখিব নোৱাৰি।
যি হ'ব, ভালেই হ'ব! কুশলে থাকক....

বৰষা শৰ্মা

সময়। এই শব্দটিত সোমাই আছে সমস্ত। চকুৰ পচাৰতে সময় কেনেদৰে গুচি যায় গমকে পোৱা নাযায়। যাঁও বুলিলেই গুচি যায় সময়। ধৰি ৰাখো বুলিতো আৰু হাতৰ মুঠিত ধৰি ৰাখিব নোৱাৰি। বছৰটি পাৰ হ'বলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। বছৰটি কেনেদৰে পাৰ হ'ল গ'মেই নাপালো বুলি কৈ সকলোৱে প্ৰস্তুতি চলাইছে নতুনক আদৰাৰ।

বছৰ, মাহ, দিন আদি কেৱল সময়ৰ একো একোটা ক্ষুদ্ৰ অংশহে। সময়ৰ এই ভাগবোৰ আমি কৰি লৈছো নিজৰ সুবিধাৰ বাবে। অনন্ত ব্যাপ্ত সময়ৰ এটি নগন্য অংশ মানুহৰ জীৱন কালো। সীমাহীন সময়ৰ মাজত মানুহৰ আয়ুস ৰেখাৰ একেবাৰেই নগন্য। যি নহওক, পল-অনুপল, দিন -মাহ বাগৰি পাৰ হয় এটি নতুন বছৰ। সেই নতুন বছৰ এটি দুৱাৰ দলিত।

নতুন বছৰক লৈ মানুহে বহুতে সপোন দেখ। সুখ-দুখৰ সমাহাৰেৰে ভৰপুৰ এটি বছৰক বিদায় দি সকলোৱে নতুন বছৰত কিবা এটা ভাল হ'ব বুলিয়েই মনে প্ৰাণে আশা কৰে। কিছুমানৰ বাবে সুখৰ দিন, কিছুমানৰ বাবে দুখ,কিছুমানৰ বাবে কেতিয়াও পাহৰিব নোৱাৰা এটি অতীত লৈ মানুহে আশা কৰিছে নতুন বছৰটোত কিবা এটা ভাল হ'ব। ইয়াক লৈয়ে পৰিকল্পনা কৰিছে মানুহে।

মানুহে কেতিয়াও আশা কৰা ধৰণে একো নাপায়। সকলো সপোন পূৰণ নহয়। পোৱা-নোপোৱাৰ এই যুঁজ খনতেই আৱদ্ধ থাকে মানুহৰ জীৱন। গতিকে প্ৰাপ্তি- অপ্ৰাপ্তিৰ হিচাপ এৰি, ভাল খিনিক আঁকোৱালী লৈ বেয়াখিনিক এৰি অহা জনেহে এটা সফল সুখময় জীৱনৰ পিনে গতি কৰে।

অৱশ্যে এটা কথা সঁচা, আমি সকলোৱে থাকো সুখৰ সন্ধানত। কোনোবাই যদি পেটে ভাতে খাই সুখ কন বিচাৰি পাইছে, কোনোবাই ডাঙৰ অট্টালিকা, গাড়ী আদি কিনি সুখ পাইছে। সুখৰ সংজ্ঞা সকলোৰে বাবে বেলেগ বেলেগ হ'লেও ইয়াৰ আঁৰত থাকে মানসিক শান্তি।

কিছুমানে ক'ব- বছৰটি ভালদৰে পাৰ হ'ল, কিছুমানে ক'ব, ধেই ভৱা ধৰণে একোৱেই নহ'ল। এয়া হয়তো সেই সকলৰ বাবে যিয়ে বিচৰা ধৰণে একো নাপালে বা সেই লোক সকলৰ জীৱনত কোনো ধৰণৰ একো স্মৰণীয় নঘটিল। কিন্তু এনেতো নহয় যে,স্মৰণীয় একো নঘটিলে বুলিয়েই জীৱনটো অথলে গ'ল।

এটা বছৰত মানুহৰ প্ৰাপ্তি-অপ্ৰাপ্তি বহুত থাকে। কোনোবাই সফলতা লাভ কৰিছে, কোনোবাই বিফলতা, কোনোবাই যদি আপোনজনক পাইছে, কোনোবাই হেৰুৱাইছে, কাৰোবাৰ যদি অতিকে আপোন বন্ধুজন আঁতৰি গৈছে কোনোবাই আকৌ নতুন বন্ধু পাইছে। মুঠতে সুখ-সুখ দুয়োটাৰে মিশ্ৰণেৰেহে এটা জীৱন গঢ়ে। সুখৰ চাবি কাঠি আমাৰ লগতেই থাকে। তাক কেনেদৰে ব্যৱহাৰ কৰো সেয়া আমাৰ ওপৰত।

কিন্তু নতুন বছৰক আদৰাৰ সময়তে আমি ইতিবাচক কথাবোৰো আঁকোৱালী ল'ব নোৱাৰোনে? সময় সলনি হয়, মানুহ সলনি হয। এটা সময়ত যাৰ ওচৰত আপুনি সমস্ত কথা কৈছিল সেই মানুহজনক এটা মাত দিবলৈ আপুনি ৰৈ গৈছে। কিছুমান সৰু কথাত সম্পৰ্কবোৰ নষ্ট কৰি পেলাইছে।

কিন্তু সকলোৱে বিচাৰে এটা সুযোগ। হয়তো আপোনাৰ পৰা দূৰৈত থকা সেই আপোন জনেই বিচাৰিছে তেনে এটা সুযোগ। সেই সুযোগটো যদি আপুনিয়ে দিয়ে তেন্তেনো আপোনাৰ ক্ষতি ক'ত? যদি কিবা কথা বেয়া পাইছে সেই অভিমান খং আঁতৰত ৰাখি আপোনজনক আঁকোৱালী লোৱাত আপোনাৰতো একো নাযায়। খং, অভিমানৰ ওচৰত ভাৰাক্ৰান্ত সম্পৰ্ক এটা ৰক্ষা পৰিব। যাৰ ওচৰত কোনো নাই, যিয়ে এটা ভুলৰ বাবে সম্পৰ্ক হেৰুৱাইছে সেইজনে জানিব সম্পৰ্কৰ মূল্য।

আজি এই যান্ত্ৰিক-ব্যস্ত দুনিয়াত সম্পৰ্ক এটাৰ মূল্য অধিক। সেয়া লাগিলে আপোনাৰ পৰিয়ালৰ লগত সম্পৰ্ক, বন্ধু বান্ধৱ অথবা প্ৰেমৰ সম্পৰ্ক নহওক কিয়। গতিকে এই নতুন বছৰটোত এবাৰ চিন্তা কৰিব নোৱাৰোনে হেৰাই যোৱা সম্পৰ্কবোৰ পুনৰ সতেজ কৰি তুলিবলৈ।

সময় কাৰো বাবে ৰৈ নাথাকে। আমাৰ জীৱনত পৰিয়াল, কেৰিয়াৰ, বন্ধু-বান্ধৱ সকলোবোৰেই অতি প্ৰয়োজনীয়। সকলোতে প্ৰয়োজন কেৱল সন্তুলন বজাই ৰখাৰ। লাখ টকা ঘটিও যদি আপুনি নিজৰ পৰিয়ালটোৰ লগত বহি এসাঁজ খাবলৈ সময় নাপায় তেন্তে সেই প্ৰাপ্তিৰ অৰ্থ ক'ত? সেয়া জানো প্ৰাপ্তি? গতিকে ব্যস্ত সময়ৰ মাজতো পৰিয়াল বা আপোনজনক সময় দিয়াতো আপোনাৰ বাবেই আৱশ্যক।

সময় গতিশীল। সময় গুচি যাব, ৰৈ যাব কেৱল স্মৃতি। সেয়া লাগিলে ভালেই হওক বা বেয়াই হওক। চকুৰ পচাৰতে হাতৰ আঙুলিত ধৰি ঘূৰি ফুৰা ভাইটিয়ে এতিয়া বায়েকজনীকেই কোচত তুলি ল'ব পৰা হ'ল। কনমানিটিক কান্ধত উঠাই সকলোফালে ফুৰাবলৈ নিয়া দেউতাৰ কঁকাল খন লাহে লাহে হাউলি যোৱাৰ উপক্ৰম, ভাত এগৰাহ খুৱাই দিও বুলি আপোনাৰ পিছে পিছে ঘূৰা মা জনী এতিয়া একে ঠাইতে বহি থকা হ'ল। জিলিকি থকা মা-দেউতাৰ ছালখনো এতিয়া শোতৰিবলৈ আৰম্ভ হ'ল।

সময় সঁচাকৈয়ে নিষ্ঠুৰ নহয়নে? আপুনিতো ঘূৰি যাব নোৱাৰে অতীতলৈ। কিন্তু এতিয়াও সময় আছে, পৰিয়ালটোৰ ওচৰত এবাৰ বহি কথা পাতিবলৈ, লগৰজনক কেনে আছা বুলি সুধিবলৈ। আপোনাৰনো কি যাব? আপোনজনে সুখ পাব। হতাশাত ভুগি বন্ধ কোঠাত নিজকে আৱদ্ধ কৰি ৰখা আপোনাৰ আপোন জনে সাহস পাব যে 'মোৰো আপোন আছে'।

আমাৰ সুখ আমাৰ হাততেই আছে। মানুহ হিচাপে জীয়াই থকাৰ সংগ্ৰাম খনত ভাল বেয়া, দোষ গুণ থাকিবই। কিন্তু আপুনি কেনেদৰে জীৱনটো আগুৱাই নিব সেয়া হ'ব গুৰুত্বপূৰ্ণ। কোনটো পথ গ্ৰহণ কৰিব, কোনটো পথ বৰ্জন কৰিব সেয়া সিদ্ধান্ত কেৱল আপোনাৰ।

গতিকে সুখেৰে থাকিম বুলি আমি নতুন বছৰত প্ৰতিশ্ৰুতি ল'ব নোৱাৰোনে? দুখ-বেদনা আদিবোৰতকৈ যিখিনি আমাৰ আছে সেই খিনিকেই আমি আঁকোৱালী ল'ব নোৱাৰোনে? জীৱনত আগুৱাই যাবলৈ, সফলতা লাভ কৰিবলৈ আমি সুখ-দুখ, প্ৰাপ্তি-অপ্ৰাপ্তি সকলোবোৰকেই আঁকোৱালী লোৱাৰ মানসিকতা গঢ়ি তুলিব নোৱাৰোনে?

নতুন বছৰলৈ মাত্ৰ কেইটামান দিন বাকী। এই নতুন বছৰত আমি সংকল্প ল'ব পাৰো এটা সুন্দৰ ভৱিষ্যতৰ। প্ৰাপ্তি অপ্ৰাপ্তিৰ হিচাপ নকৰি জীৱন যুঁজত শক্তিশালীভাৱে আগবাঢ়ি যোৱাৰ সময় এতিয়া। হাতৰ মুঠিত থকা সময়খিনি সঠিকভাৱে ব্যৱহাৰ কৰাৰ সময় এয়া।যি নহওক, এয়া নতুনক আদৰাৰ সময়। সুখত থাকক, কুশলে থাকক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in