কংগ্ৰেছ শংকিত! মহাৰাষ্ট্ৰৰ দৰে হ'ব নেকি হিমাচলত?

১১ ডিচেম্বৰত হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে সুখবিন্দ সিং সুখুৱে। বহু প্ৰতীক্ষা আৰু চেষ্টাৰ অন্তত কংগ্ৰেছে হিমাচল প্ৰদেশত চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়।
কংগ্ৰেছ শংকিত! মহাৰাষ্ট্ৰৰ দৰে হ'ব নেকি হিমাচলত?

বৰষা শৰ্মা

১১ ডিচেম্বৰত হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে সুখবিন্দ সিং সুখুৱে। বহু প্ৰতীক্ষা আৰু চেষ্টাৰ অন্তত কংগ্ৰেছে হিমাচল প্ৰদেশত চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়। কংগ্ৰেছত বিগত কেইবাবছৰ ধৰি চলি থকা অভ্যান্তৰীণ কন্দল অথবা জনতাৰ বিশ্বাস ঘূৰাই আনিবৰ বাবে এই জয় আছিল অত্যন্ত গুৰুত্বপূৰ্ণ।

কংগ্ৰেছৰ এই জয়ৰ আঁৰত বহু কাৰণ আছে। ১৯৮৫ চনৰ পৰা হিমাচলত একেৰাহে দুটা বিধানসভা নিৰ্বাচনত কোনো দলে জয়লাভ কৰা নাই। হিমাচলত ক্ষমতাৰ সাল-সলনি হৈয়ে থাকে। এইবাৰো পূৰ্বৰ বিজেপি চৰকাৰক আঁতৰাই কংগ্ৰেছে চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়।

অন্যহাতে কংগ্ৰেছৰ জয়ৰ কাৰণ দলটোৰ কিছুমান সিদ্ধান্তও হ'ব পাৰে। বিগত কেইবাবছৰ ধৰি কংগ্ৰেছত অভ্যান্তৰীণ কন্দল চলিয়েই আছে। তদুপৰি কংগ্ৰেছ দলটোৰ বাঘজৰী গান্ধী পৰিয়ালৰ হাতত থকাৰ বাবে বহুতে প্ৰশ্ন তুলি আহিছিল।

কংগ্ৰেছৰ উচ্চস্তৰীয় নেতৃত্বৰ ওপৰত আনকি প্ৰশ্ন উত্থাপন কৰিছিল দলটোৰেই জ্যেষ্ঠ নেতা কৰ্মীয়ে। যাৰ বাবে বহুতে দলত্যাগো কৰিছিল। বিৰোধী বাদেই কংগ্ৰেছৰ নিজৰ মানুহেই বিচাৰিছিল দলটোৰ নেতৃত্বৰ ওপৰত।

এই সমালোচনাৰ অৱকাশ ঘটাই প্ৰায় ২৪ বছৰ পাছত কংগ্ৰেছে অনুষ্ঠিত কৰিছিল দলটোৰ সভাপতি পদৰ নিৰ্বাচন। এই নিৰ্বাচনত গান্ধী পৰিয়ালৰ কোনো লোকেই অংশ লোৱা নাছিল। আৰু কংগ্ৰেছৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল মালিকাৰ্জুন খাৰ্গে।

Sukhwinder Singh Sukhu takes
Sukhwinder Singh Sukhu takes
congress win himachal
congress win himachal

যদিও কংগ্ৰেছ দলটোৰ বাঘজৰী গান্ধী পৰিয়ালৰ হাততেই আছে তথাপিও কিন্তু জনতাৰ আগত এনে নহয়। জনতাই দেখিছে যে কংগ্ৰেছ দলটোৱে নিজৰ ভুল বুলি পাইছে। আৰু জনতাৰ ইচ্ছাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি দলৰ নেতৃত্বৰ সাল সলনি কৰাৰ চেষ্টা চলাইছে। কংগ্ৰেছে পুনৰ ঘূৰি আহিবলৈ চেষ্টা কৰিছে। কংগ্ৰেছৰ সভাপতি সলনি হোৱাৰ পাছত প্ৰথম বাৰৰ বাবে দলটোৱে জয়ৰ সোৱাদ লাভ কৰিছে।

কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাইও দলটোত যথেষ্ঠ সহায় কৰিছিল। হিমাচল প্ৰদেশত এই যাত্ৰাই বিশেষ জনপ্ৰিয়তা লাভ কৰিছিল।

যি নহওক কংগ্ৰেছে হিমাচল প্ৰদেশত ৬৮ খন আসনৰ ৪০ খন আসন লাভ কৰিবলৈ সক্ষম হয়। তাৰ পাছতেই আহিল দলটোৰ সন্মুখত আন এক প্ৰত্যাহ্বান। হিমাচলৰ মুখ্যমন্ত্ৰীৰ দৌৰত আছিল ৩ জনকৈ প্ৰাৰ্থী। ইয়াৰ ভিতৰত প্ৰাক্তন মুখ্যমন্ত্ৰী বীৰভদ্ৰ সিঙৰ পত্নী প্ৰতিভা সিং, সুখ বিন্দৰ সিং আদি।

দলৰ জ্যেষ্ঠ নেতা সকলে বিচাৰিছিল প্ৰতিভা সিঙক মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰাতো। কিয়নো তেওঁৰ স্বামী এগৰাকী জ্যোষ্ঠ নেতাৰ লগতে মুখ্যমন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। কিন্তু দলটোৰ যুৱ কৰ্মী সকলে সুখ বিন্দৰ সিঙৰ নাম উল্লেখ কৰিছিল। তাৰ পাছতেই কংগ্ৰেছে সুখ বিন্দৰ সিঙৰ নাম মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰিছিল।

প্ৰতিভা সিঙৰ সমৰ্থক সকলে সুখবিন্দৰ সিং সুখুক পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে উন্নীত কৰাৰ বাবে দলৰ হাইকমাণ্ডে সন্মতি দিয়াৰ বাতৰি পোৱাৰ পিছতে তেওঁৰ সপক্ষে শ্ল'গান দিছিল।

ইয়াৰ পৰা এটাই কব পাৰি যে দলটোৱে নিজকে উন্নীত কৰাৰ চেষ্টা কৰিছে আৰু দলৰ প্ৰতি গৰাকী নেতা কৰ্মীৰ সিদ্ধান্তক সন্মান দিয়া হৈছে। কিন্তু কোনোবাখিনিত দলটোৱে হৰ্ছ ট্ৰেডিঙৰ ভয় খাইছিল।

অৱশেষত আজি কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী, ৰাহুল গান্ধীকে ধৰি বহু জ্যেষ্ঠ নেতা কৰ্মীৰ উপস্থিতিত হিমাচলত নতুন চৰকাৰ গঠন হ'ল।

বহু চেষ্টা কৰিও হিমাচলত বিজেপিও মাত্ৰ ২৫ খন আসনহে ৰক্ষা কৰিবলৈ সক্ষম হয়। পূৰ্বতে বিজেপিয়ে প্ৰায় ৪৫ খন আসন লাভ কৰি হিমাচলত চৰকাৰ গঠন কৰিছিল। এইবাৰো হয়তো বিজেপিয়ে হিমাচলক নিজৰ হাতলৈ অনাৰ চেষ্টা কৰিব আৰু যাৰ ভয় কংগ্ৰেছৰ থাকিব।

কংগ্ৰেছৰ অভ্যান্তৰীণ কন্দল যে শাম কাটিছে তেনে নহয়। হয়তো ভিতৰি ভিতৰি জুই জ্বলিয়েই থাকিব। কিয়নো ৰাজনীতিত ক্ষমতাই সকলো। ক্ষমতাৰ লোভত অন্ধ হৈ একাংশ নেতা কৰ্মীয়ে কি কৰে তাৰ উদাহৰণ বহুত আছে।

ইয়াৰ লাভালাভ উঠাব বিজেপিয়ে। দলটোৱে চেষ্টা কৰিব কংগ্ৰেছত খহনীয়া কৰাৰ। কংগ্ৰেছৰ ওপৰত বিজেপিৰ দৃষ্টি সদায় থাকিব। আগত লোকসভা নিৰ্বাচন।

নিশাৰ ভিতৰতে শাসন সলনি হৈ যোৱা উদাহৰণ বহুত আছে। মহাৰাষ্ট্ৰৰ কথাকে আমি ক'ব পাৰো। এবছৰৰ ভিতৰত বিজেপিয়ে মহাৰাষ্ট্ৰত আও পকীয়াকৈ শিৱসেনাৰ চৰকাৰ উফৰাই পেলালে।

গতিকে বিজেপিৰ বাবে এয়া কোনো ডাঙৰ কাম নহয়। হয়তো মহাৰাষ্ট্ৰৰ দকে এবছৰৰ ভিতৰত হিমাচলৰ ৰাজনীতিতো পৰিৱৰ্তন দেখা যাব। ক্ষমতাৰ খক সকলোৰেই থাকে।গতিকে বিজেপিক প্ৰত্যাহ্বান জনাবলৈ কংগ্ৰেছে নতুন ৰণনীতি প্ৰস্তুত কৰিব লাগিব।

congress win himachal
congress win himachal

পূৰ্বৰ ঘটনাক্ৰম লক্ষ্য কৰিলে দেখা যায় যে বিৰোধী সকলে সদায় অজুহাত দেখুৱাই আহিছে। কেতিয়াবা বিজেপিৰ জয়ৰ কাৰণ হিন্দুত্ববাদ, কেতিয়াবা ই ভি এমৰ বিসংগতি বুলি কয়। সমস্যাটো এটাই যে বিজেপিৰ জয়ৰ মূল কাৰণ পৰ্যালোচনা কৰাৰ বিপৰীতে বিৰোধিয়ে কেৱল বাস্তৱৰ সন্মুখীন হ'বলৈ অস্বীকাৰ কৰি আহিছে।

গতিকে বিৰোধিয়ে এয়া বুজি উঠিব লাগিব যে বিজেপিক প্ৰতিহত কৰিবলৈ অজুহাতৰ বিপৰীতে সঠিক ৰণনীতিৰ প্ৰয়োজন। ইতিমধ্যে বিজেপিয়ে ২০২৪ ৰ নিৰ্বাচনৰ বাবে আৰম্ভ কৰি দিছে ৰণকৌশল।

ভাৰতীয় ৰাজনীতি ৰাজ্যিক পৰ্যায়ত প্ৰতিযোগিতামূলক হৈ আছে। এফালে যদি গুজৰাটত বিজেপিয়ে আধিপত্য বিস্তাৰ কৰিছে আনফালে হিমাচলত মুখ ঠেকেচা খাইছে। হিমাচলৰ ওপৰত বিজেপিৰ দৃষ্টি সদায় থাকিব। ইয়াৰ বাবে কংগ্ৰেছে বিজেপিক কেনেদৰে প্ৰত্যাহ্বান জনাব সেয়া হ'ব লক্ষণীয়...

আৰু পঢ়ক: ৮৯৪ কোটি টকা ব্যয় সাপেক্ষে মাজুলীত কেইবাটাও প্ৰকল্পৰ উদ্বোধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in