/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/cd1ed127-22e9-46f6-868f-91b9f800d0fb/hima.jpg)
ডিজিটেল ডেস্ক: মুখ্যমন্ত্রী ডo হিমন্ত বিশ্ব শৰ্মাই ''বিকাশৰ বাবে এটা পষেক'' কাৰ্যসূচীৰ অধীনত দেওবাৰে মাজুলী জিলাত প্রায় ৮৯৪ কোটি টকাৰ প্ৰকল্পৰ শুভ উদ্বোধন কৰে। এই উপলক্ষে মুখ্যমন্ত্রীয়ে সোৱণশিৰি আৰু লুইত নদীৰ ওপৰত দুখন দলংসহ মাজুলীৰ বালিচাপৰিৰ পৰা লক্ষীমপুৰৰ বঙালমাৰা সংযোগী পথ নিৰ্মাণৰ অৰ্থে ভূমি পূজাত অংশগ্ৰহণ কৰে।
অসম চৰকাৰৰ ধ্বজাবাহী আঁচনি অসম মালাৰ অধীনত ৰূপায়ণ কৰিবলগীয়া এই প্ৰকল্পৰ প্ৰকল্প ব্যয় হৈছে ৬৯৪ কোটি টকা। মুখ্যমন্ত্রীয়ে এই প্ৰকল্পৰ বাবে যিবোৰ পৰিয়ালৰ পৰা ভূমি অধিগ্ৰহণ কৰা হৈছে তেনে পৰিয়ালসমূহক আনুষ্ঠানিকভাৱে ক্ষতিপূৰণ ধনৰাশিৰো চেক প্ৰদান কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/2ca76517-6a8d-48bc-9e85-1b344d1b008e/WhatsApp_Image_2022_12_11_at_7_39_42_PM.jpeg)
"বিকাশৰ বাবে এটা পষেক কাৰ্যসূচীৰ অধীনত মুখ্যমন্ত্ৰী ড° শৰ্মাই আজি ৫১ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ কৰিবলৈ লোৱা মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়, ৫ কোটি টকা ব্যয় সাপেক্ষে বনগাঁৱত চৰকাৰী কাৰিকৰী শিক্ষা প্রতিষ্ঠানক উৎকর্ষতা কেন্দ্র হিচাপে উন্নীতকৰণ প্রকল্প, ১৪ কোটি টকা ব্যয় সাপেক্ষে কেন্দ্রীয় মধ্যাহ্ন ভোজন বন্ধ গৃহৰ আধাৰশিলা স্থাপন কৰে। উল্লেখ্য যে, অক্ষয় পাত্র ফাউণ্ডেশ্যনৰ সহযোগত স্থাপন হ'বলগীয়া এই কেন্দ্রীয় মধ্যাহ্ন ভোজন বন্ধন গৃহৰ জৰিয়তে মাজুলী জিলাৰ শিক্ষার্থীসকলৰ পুষ্টিদায়ক খাদ্য প্ৰদানৰ পৰিকল্পনা লোৱা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/f954c083-506f-452e-8620-0d14b8227510/WhatsApp_Image_2022_12_11_at_7_39_41_PM.jpeg)
আনহাতে মুখ্যমন্ত্রী ড° শৰ্মাই আজি জিলাখনৰ বানপানী সমস্যা দূৰীকৰণৰ উদ্দেশ্যে ২৯.৮৭ কোটি টকা ব্যয় সাপেক্ষে ব্রহ্মাপুত্ৰৰ পাৰত পৰা হালধিবাৰীলৈ ৰিং বান্ধ নির্মাণৰো আধাৰশিলা স্থাপন কৰে। তেওঁ লগতে ৩.৫ কোটি টকা বায় সাপেক্ষে ব্ৰহ্মপুত্ৰৰ ওপৰত পৰা আলিমূৰলৈ, ১.৯৬ কোটি টকা ব্যয় আদি বায় সাপেক্ষে ব্ৰহ্মপুত্ৰৰ ওপৰত পোহাৰদিয়াৰ পৰা আলিমূৰলৈ, ১.৯৬ কোটি টকা ব্যয় সাপেক্ষে আদি এলেডীৰ পৰা পহুমৰালৈ, ৭.৬৬ কোটি টকা ব্যয় সাপেক্ষে টেকেলিফুটাৰ পৰা পতিয়া তিনিআলিলৈ, ৪.০৪ কোটি টকা ব্যয় সাপেক্ষে আলিমূৰ ভকতচাপৰিৰ পৰা জামুগুৰি তিনিআলিলৈ, ১.১৪ কোটি টকা বায় সাপেক্ষে বাঁহগুৰিৰ পৰা মহৰিচুকলৈ আৰু ১.২০ কোটি টকা ব্যয় সাপেক্ষে গড়মূৰ ওখচুক পথৰ পৰা অসম আৰক্ষী অনাতাঁৰ বিভাগৰ প্ৰস্তাৱিত কার্যালয়লৈ পথ নির্মাণকে ধৰি মুঠ ৬ টা পথ প্রকল্প আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰীয়ে লগতে কেইবাটাও ৩৩x১১ কেভি বিদ্যুৎ উপকেন্দ্ৰৰো আধাৰশিলা স্থাপন কৰে।
আজি মাজুলী ভ্রমণ কালতে মুখ্যমন্ত্রীয়ে স্বদেশ দর্শন' আঁচনিৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা ৬০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা কলাবাৰী ঘাট উন্নয়ন প্রকল্প, জনজাতীয় 'থীম ভিলেজ', জেংৰাইমুখ আৰু চামগুৰি সত্ৰৰ ভৱন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।
বানপানীৰ সময়ত নামনি মাজুলীবাসী ৰাইজৰ সুবিধার্থে কৰতিপাৰত অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা কর্তৃপক্ষৰ দ্বাৰা ২.৫১ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এটা বহুমুখী বান আশ্ৰয়গৃহও উদ্বোধন কৰে মুখ্যমন্ত্ৰীয়ে। তদুপৰি তেওঁ ফুলনিৰ পৰা বনগাঁও হৈ অফলামুখ ঘাটলৈ ৰাইজৰ যাতায়াত সূচল কৰাৰ উদ্দেশ্যে নাবার্ড আৰু ৰাজ্যিক স্ব-অগ্ৰাধিকাৰ উন্নয়ন পুঁজি (গ্রামীণ)ৰ শিতানৰ ধনেৰে ১৯.৯৫ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা পথটোও আনুষ্ঠানিকভাবে উদ্বোধন কৰে।
এই উপলক্ষে প্ৰদান কৰা ভাষণত মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে লুইতৰ ওপৰত প্ৰস্তাৱিত দলংখন দুই বছৰৰ ভিতৰত আৰু সোৱণশিৰিৰ ওপৰত প্ৰস্তাৱিত দলংখন নির্মাণকার্য ও বছৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ বাবে ৰাজ্য চৰকাৰে লক্ষ্য লৈছে। তেওঁ লগতে সদৰি কৰে যে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়খন ৰাজ্যিক বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হ'ব আৰু ৩ টা পৰ্যায়ত এই বিশ্ববিদ্যালয়খনৰ বাবে সৰ্বমুঠ ২০০ কোটি টকা ৰাজ্য চৰকাৰে ব্যয় কৰিব।
অৰুণোদয় আঁচনিৰ অধীনত অহা ১৪ ডিচেম্বৰৰ পৰা ৰাজ্য চৰকাৰে নতুন হিতাধিকাৰী অন্তৰ্ভুক্তিৰ কাম আৰম্ভ কৰিব বুলি প্ৰকাশ কৰি তেওঁ কয় যে মাজুলী জিলাত এই আঁচনিখনৰ অধীনত নতুনকৈ ৫ হাজাৰ হিতাধিকাৰীক অন্তর্ভুক্ত কৰা হ'ব। তেওঁ লগতে কয় যে জিলাখনত নতুন ৫ হাজাৰ হিতাধিকাৰীয়ে ৰেচন কার্ড লাভ কৰিব ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/cd414bfc-e2fe-4c05-b82f-289606bcd9ca/WhatsApp_Image_2022_12_11_at_7_39_39_PM__1_.jpeg)
অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কয় যে আধ্যাত্মিকতা, পৰম্পৰা আৰু বৰ্ণাঢ্য সংস্কৃতিৰে সমৃদ্ধ মাজুলী সম্প্রতি বিকাশৰ দিশত দ্রুত গতিত অগ্ৰসৰ হৈছে। ইয়ে একে সময়তে অঞ্চলটোৰ স্বকীয়তা সুৰক্ষিত কৰি ৰখাৰ দিশত অঞ্চলবাসীলৈ এক নতুন প্রত্যাহ্বানো আনি দিছে। উন্নয়নৰ সুফলসমূহ লাভ কৰাৰ সমান্তৰালকৈ নদী দ্বীপটোৰ আধ্যাত্মিক আৰু সাংস্কৃতিক জীৱনশৈলী সুৰক্ষাৰ দিশত মাজুলীবাসীয়ে ব্ৰতী হৈ থাকি বুলিও তেওঁ দৃঢ় মত প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে চৰকাৰী কাৰ্যালয়ত শাৰীৰিক উপস্থিতি অবিহনে জনসাধাৰণে যাতে চৰকাৰী সেৱাসমূহ লাভ কৰিব পাৰে তাৰ বাবে ৰাজ্য চৰকাৰে প্ৰযুক্তিৰ উপযুক্ত ব্যৱহাৰৰ দিশত বিশেষ গুৰুত্ব আৰোপ কৰিছে।
শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু আৰু সাংসদ প্ৰদান বৰুৱাই ভাষণ প্ৰদান কৰা অনুষ্ঠানটোত মাজুলীৰ বিধায়ক ভূবন গামে শলাগৰ শৰাই আগবঢ়ায়। অনুষ্ঠানত জনস্বাস্থ্য কাৰিকৰী আদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, শক্তি আদি বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোচা, বিধায়ক অমিয় কুমাৰ ভূঞা, নৱ কুমাৰ দলে আৰু মানৱ ডেকা, মিচিং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েংগাঁয়া, অসম পর্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, জিলা পৰিষদৰ অধ্যক্ষ পাপু হাজৰিকা দত্ত আৰু মাজুলী জিলাৰ উপায়ুক্ত পুলক মহস্তকে ধৰি বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী ড° শৰ্মাই 'আমাৰ মাজুলী' শীৰ্ষক পদক্ষেপৰ অধীনত গড়মূৰৰ শ্ৰীশ্ৰী শংকৰদেৱ কৃষ্টি সংঘত অনুষ্ঠিত এখন কৃষক গাঁও সভাতো অংশগ্ৰহণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/e399cea5-f0f8-43ea-9d61-6e7165fd6a30/WhatsApp_Image_2022_12_11_at_7_39_39_PM.jpeg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/d84308c8-2f00-439f-815a-b45f050aba55/WhatsApp_Image_2022_12_11_at_7_39_38_PM.jpeg)
এই উপলক্ষে প্ৰদান কৰা ভাষণত তেওঁ জিলাখনত স্থাপন কৰা ধান ক্রয় কেন্দ্ৰটোত ২০৪০ টাকা ন্যূনতম সমর্থিত মূল্যত ধান বিক্ৰী কৰিবলৈ কৃষক সমাজক আহ্বান জনায়। তেওঁ কয় যে বিগত বৰ্ষত জিলাখনৰ কৃষক সকলে চৰকাৰী ধান ক্রয় কেন্দ্ৰত ১৩৬০ মেট্রিকটন ধান বিক্ৰী কৰিছিল। বিক্ৰীৰ এই পৰিমান দুগুণ কৰিবলৈ তেওঁ কৃষকসকলক আহ্বান জনায়।
মুখ্যমন্ত্রীয়ে লগতে প্রধানমন্ত্রী ফচল বীমা যোজনা, পি এম কিষাণ আৰু মিছন বসুন্ধৰা ২.০ আদিৰ দৰে আঁচনিসমূহৰ সুবিধা গ্ৰহণ কৰিবলৈও কৃষকসকলক আহ্বান জনায়। অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে মাজুলীক বাণিজ্যিক চাহিদা সম্পন্ন বৃক্ষৰ এক হাব' হিচাপে গঢ়ি তুলিবলৈও কৃষকসকলক আহ্বান জনায়।
এই অনুষ্ঠানত শিক্ষামন্ত্রী ডাঃ ৰাণোজ পেগু, জনস্বাস্থ্য কাৰিকৰী আদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, শক্তি আদি বিভাগৰ মন্ত্রী নন্দিতা গালোচা, সাংসদ প্রদান বৰুৱা, বিধায়ক মানৱ ডেকা আৰু ভূৱন গাম, মাজুলী জিলাৰ উপায়ুক্ত পুলক মহস্তকে ধৰি বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।