''গুজৰাটত আপ আৰু বিজেপিৰ মাজত হৈছে নীৰৱ চুক্তি'' বৃহৎ জয়ৰ দিশে গেৰুৱা বাহিনী

বৃহস্পতিবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে গুজৰাট বিধানসভা নিৰ্বাচনৰ ভোট গণনা। দিনৰ ২ বজালৈ ৰাজ্যখনত বিজেপিয়ে প্ৰায় ১৫৬ খন আসনত অগ্ৰগতি লাভ কৰি আছে

author-image
Asomiya Pratidin
New Update
''গুজৰাটত আপ আৰু বিজেপিৰ মাজত হৈছে নীৰৱ চুক্তি'' বৃহৎ জয়ৰ দিশে গেৰুৱা বাহিনী

ডিজিটেল ডেস্ক: বৃহস্পতিবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে গুজৰাট বিধানসভা নিৰ্বাচনৰ ভোট গণনা। দিনৰ ২ বজালৈ ৰাজ্যখনত বিজেপিয়ে প্ৰায় ১৫৬ খন আসনত অগ্ৰগতি লাভ কৰি আছে। ২০১৭ চনত বিজেপিয়ে ৯৯ খন আসন লাভ কৰাৰ বিপৰীতে এইবাৰৰ ফলাফলে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰাৰ দিশে গতি কৰিছে।

এইবাৰ গুজৰাটত আপেও চলাইছিল নিৰ্বাচনী প্ৰচাৰ। কিন্তু আপে ৬ খন আসনত অগ্ৰগতি লাভ কৰি থকাৰ বিপৰীতে কংগ্ৰেছে লাভ কৰিছে ১৬ খন আসনক অগ্ৰগতি। এই সন্দৰ্ভত শিৱসেনাৰ জ্যেষ্ঠ নেতা সঞ্জয় ৰাউতে কয় যে গুজৰাট বিধানসভা নিৰ্বাচনৰ ফলাফল আশাৰ সৈতে সামঞ্জস্যপূৰ্ণ।

লগতে তেওঁ কয় যে বিজেপি আৰু আপৰ মাজত কোনো নীৰৱ চুক্তি হৈছে বুলি জনতাই সন্দেহ কৰে।

নতুন দিল্লীত সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি ৰাউতে কয় যে যদি আপ আৰু অন্যান্য দল একত্ৰিত হ'লহেঁতেন তেন্তে এই নিৰ্বাচন বিজেপিৰ বাবে এক কঠিন প্ৰতিযোগিতা হ'লহেঁতেন। ৰাউতে কয় যে , "ৰাইজৰ মাজত সন্দেহ আছে যে আপে দিল্লী লৈ গুজৰাট বিজেপিৰ বাবে এৰি দিছে।

উল্লেখ্য যে, বিজেপিয়ে বৃহত জয়ৰ পিনে আগবাঢ়ি আছে। বিজেপিয়ে ১৯৯৫ চনৰ পৰা গুজৰাটত বিধানসভা নিৰ্বাচনত পৰাজিত হোৱা নাই। গতিকে এইবাৰো এই ধাৰা অক্ষুন্ন ৰখাৰ দিশে বিজেপি।

আৰু পঢ়ক: হত্যাৰ অভিযুক্তক ৰাজহুৱাকৈ শাস্তি প্ৰদান তালিবানৰ...

gujarat narendra modi aap bjp