/asomiyapratidin/media/media_files/2025/08/07/1-2025-08-07-21-35-15.jpg)
বিপদ মাতিছে হিমালয়ে। অস্বাভাৱিক মাত্ৰাত বিষাক্ত ধাতুৱে থিতাপি লৈছে হিমালয়ৰ পাদদেশত। ই কেৱল ফলত কেৱল কেন্সাৰৰ দৰে বিপজ্জনক ৰোগেই নহয়, শিশুৰ হাড়ৰ দুৰ্বলতা, বৃক্কৰ সমস্যা আৰু মানসিক বিকাশৰ সমস্যাও সৃষ্টি কৰিব পাৰে। এই বিষাক্ত ধাতুৰ প্ৰভাৱৰ পৰা সাৰি নাযায় অসম! কিদৰে প্ৰভাৱ পৰিব অসমত এই সন্দৰ্ভত চয়নিকা শইকীয়াৰ এক প্ৰতিবেদন...
চহৰৰ যান্ত্ৰিকতাৰ পৰা আঁতৰি আমি প্ৰায়ে শীতল বতাহ ল'বলৈ পাহৰলৈ ঢাপলি মেলো। পাহাৰৰ বতাহ সাধাৰণতে শান্ত, শীতল। এই বতাহ জাকৰ অনুভৱে মানসিক শান্তি আৰু প্ৰাকৃতিক সৌন্দৰ্যৰ অনুভূতি দিব পাৰে।
কিন্তু আপুনি জানেনে এই শীতল বতাহজাকে লগত লৈ আহিব পাৰে বহু মাৰাত্মক ৰোগ। বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰণালয়ৰ অধীনস্থ বসু ইনষ্টিটিউটে ২০২২ চনত বৰ্ষা ঋতুৰ প্ৰাৰম্ভত বৰষুণ দিয়াৰ আগে আগে পূব হিমালয় আৰু পশ্চিম ঘাট পৰ্বতমালাৰ ডাৱৰৰ নমুনাত এই অধ্যয়ন চলাইছিল।
এই নমুনাবোৰ পশ্চিম ঘাটৰ মহাবলেশ্বৰ আৰু পূব হিমালয়ৰ দাৰ্জিলিঙৰ পৰা লোৱা হৈছিল। উক্ত গৱেষণাত অসমৰ সমীপৰ ভূটান আৰু অৰুণাচল প্ৰদেশৰ পূব হিমালয়ৰ ডাৱৰত কেডমিয়াম, তাম আৰু জিংক আদি বুজন পৰিমাণৰ বিষাক্ত ধাতুৰ অৱস্থিতিৰ উমান পাই বিজ্ঞানীয়ে।
এসময়ত আটাইতকৈ বিশুদ্ধ খোৱাপানী প্ৰদান কৰা বুলি বিশ্বাস কৰা হিমালয়ৰ ডাৱৰে নিৰৱে বিষাক্ত ধাতু কঢ়িয়াই লৈ ফুৰিছে, যিয়ে বিশেষকৈ শিশু সকলৰ মাজত সম্ভাৱ্য কাৰ্চিনোজেনিক আৰু অকাৰ্চিনোজেনিক স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে।
উল্লেখ কৰা প্ৰয়োজন যে, পূব হিমালয়ৰ ওপৰত থকা ডাৱৰত পশ্চিম ঘাটৰ ডাৱৰৰ তুলনাত ১.৫ গুণ বেছি বিষাক্ত ধাতুৰ মাত্ৰা পোৱা গৈছে। বাৰিষাৰ ডাৱৰ বংগোপসাগৰৰ মাজেৰে পশ্চিম ঘাট হৈ হিমালয়লৈ যায়। তেওঁলোকে সেই ডাৱৰবোৰ অধ্যয়ন কৰিছিল যিবোৰ বৰষুণ নহয় (অবৃষ্টিহীন ডাৱৰ)।
উক্ত পৰীক্ষাৰ পাছতে জানিব পৰা গৈছিল যে ইয়াত বিষাক্ত ধাতুৰ পৰিমাণ বেছি। এই ধাতুবোৰ মেঘৰ মাজেৰে ভৈয়ামৰ পৰা পাহাৰলৈ গৈ আছে। এই সম্ভাব্য বিপদৰ বাবে দায়ী আমিয়েই।
অধ্যয়ণত কোৱা হৈছে যে, দূষিত চহৰৰ ডাৱৰবোৰ গ্ৰাম্য অঞ্চলৰ ডাৱৰতকৈ অধিক ধাতুৰে পৰিপূৰ্ণ। বৰষুণ নপৰা ডাৱৰত তাতোকৈ বেছি পৰিমাণৰ ধাতু থাকে। পথৰ ধূলি, বাহনৰ নিৰ্গমন আৰু কয়লাৰ ব্যৱহাৰৰ পৰা এই ধাতু উৎপন্ন হয়।
চহৰত আৱৰ্জনা জ্বলাই দিলে বতাহত ধাতু নিৰ্গত হয়। মহাবলেশ্বৰ আৰু দাৰ্জিলিঙৰ দৰে পৰ্যটনস্থলীত যান-জঁট আৰু স্থানীয় প্ৰদূষণত এই ধাতু সমূহ পোৱা যায়।
লক্ষ্যণীয় যে, এই ধাতুবোৰ বতাহত ওপঙি উশাহ-নিশাহ, খোৱাপানী বা ছালৰ সংস্পৰ্শৰ জৰিয়তে শৰীৰত প্ৰৱেশ কৰে। ইয়াৰ ফলত বহু ৰোগ হব পাৰে।
নিকেল (Ni) আৰু ক্ৰ’মিয়াম (Cr): ছালৰ এলাৰ্জী আৰু হাঁপানীৰ সমস্যাৰ সৃষ্টি কৰে।
কেডমিয়াম (Cd): হাড় দুৰ্বল কৰে, বৃক্কৰ ক্ষতি কৰে।
ক্ৰ’মিয়াম (Cr): উশাহ ল’লে হাওঁফাওঁৰ কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে।
দীৰ্ঘম্যাদী প্ৰভাৱ: দীৰ্ঘদিনীয়া হাওঁফাওঁ, যকৃত আৰু বৃক্কৰ ৰোগ, হৃদৰোগ আৰু মানসিক সমস্যা হ’ব পাৰে।
বিজ্ঞানীসকলে লগতে কয় যে, সূৰ্যৰ পোহৰত এই ধাতুবোৰে ৰিএক্টিভ অক্সিজেন প্ৰজাতি উৎপন্ন কৰে, যিয়ে ডি এন এৰ ক্ষতি কৰি কেন্সাৰ সৃষ্টি কৰিব পাৰে।
বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ (ডি এছ টি) অধীনস্থ স্বায়ত্তশাসিত সংস্থা ব’জ ইনষ্টিটিউটে কৰা এই অধ্যয়নত পশ্চিম ঘাট আৰু পূব হিমালয়ৰ ওপৰত বাৰিষাৰ আৰম্ভণিতে অবৃষ্টিহীন ডাৱৰত কেডমিয়াম (Cd), তাম (Cu), আৰু জিংক (Zn)ৰ দৰে বিষাক্ত ধাতুৰ উল্লেখযোগ্য মাত্ৰা চিনাক্ত কৰা হৈছে।
ছায়েন্স এডভান্সেছ নামৰ আলোচনীখনত প্ৰকাশ কৰা অনুসৰি এই বিষাক্ত ধাতুসমূহৰ প্ৰভাৱ ভাৰতৰ প্ৰাপ্তবয়স্ক লোকসকলৰ তুলনাত শিশুসকলৰ ওপৰত পৰাৰ আশংকা ৩০ শতাংশ অধিক। উদ্ৱেগজনক কথাটো হ'ল, ই কেৱল উশাহতেই নহয়, অধিক উচ্চতাৰ অঞ্চলসমূহত যদি এই বিষাক্ত ধাতু সংমিশ্ৰিত পানী সেৱন কৰা হয়, লগতে ছালৰ সংস্পৰ্শত আহে তেতিয়াও দেহৰ ভিতৰত প্ৰৱেশ কৰিব পাৰে।
এনভাইৰনমেণ্টেল এডভান্সেছত প্ৰকাশিত এই অধ্যয়নে বায়ুমণ্ডল প্ৰদূষণ আৰু জনস্বাস্থ্যৰ ওপৰত গৱেষণাৰ বাবে এক নতুন দিশ মুকলি কৰিছে। অৱশ্যে এক বিশ্লেষণে কয়, যে ভাৰতৰ ডাৱৰ এতিয়ালৈকে তুলনামূলকভাৱে কম প্ৰদূষিত হৈ আছে, যাৰ ফলত ভাৰতক চীন, পাকিস্তান, ইটালী, আৰু আমেৰিকাৰ দৰে দেশৰ তুলনাত সুৰক্ষিত স্বাস্থ্য অঞ্চলত ৰখা হৈছে।