জীৱনৰ গেৰান্টী মাত্ৰ ১৭ দিন!

সোনমৰ পৰকীয়া প্ৰেমিক ৰাজ কুশৱাহাই সোনমৰ সৈতে একেলগে কৰ্মৰত আছিল। সোনম ৰঘুবংশীৰ প্ৰেমিক ৰাজ কুশৱাহাক ইণ্ডোৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। এই হত্যাকাণ্ডটো আছিল পূৰ্ব পৰিকল্পিত ষড়যন্ত্ৰৰ অংশ...

New Update
১১

ৰাজা ৰঘুবংশীৰ হত্যাৰ ১৭ দিন পাছত পোহৰলৈ আহিছে সমগ্ৰ ঘটনা। কিদৰে পত্নী সোনমে ৰচিছিল ৰাজা হত্যাকাণ্ডৰ ব্লুপ্ৰিন্ট? কি কি ক্লু পাইছিল আৰক্ষীয়ে? কিদৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ৰাজা হত্যাকাণ্ডৰ ৫ অভিযুক্তক? সবিশেষ পঢ়ক চয়নিকা শইকীয়াৰ আজিৰ প্ৰতিবেদনত... 

Advertisment

ভাৰত এখন সংস্কাৰেৰে পৰিপূৰ্ণ দেশ। বৰ্তমান পৰকীয়া প্ৰেমৰ পয়োভৰে বিষাক্ত কৰি তুলিছে দেশখনৰ প্ৰতিটো চুক। মীৰটত সংঘটিত হোৱা সাহিল-মুস্কান কাণ্ডই সমগ্ৰ দেশ জোকাৰি যোৱাৰ পাছতে মেঘালয়ত সংঘটিত হৈছে আন এক অনুৰূপ ঘটনা। পৰকীয়া প্ৰেমত মত্ত হৈ স্বামী হত্যাকাণ্ডৰ ব্লু প্ৰিন্ট ৰচিলে মধ্যপ্ৰদেশৰ সোনমে।

২২মে'ত হানিমুনৰ বাবে সপত্নীক লৈ মেঘালয়ৰ প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰিবলৈ আহিছিল ইণ্ডোৰৰ ৰাজা ৰঘুবংশী। শ্বিলঙৰ এটা হোম ষ্টেত আছিল দুয়ো। ২৩মে', ২০২৫ত চেৰাপুঞ্জীৰ সমীপৰ নৌগ্ৰীট গাঁৱলৈ ৰাওনা হৈছিল দুয়ো। এখন স্কুটীৰে দুয়ো ৰাওনা হৈছিল উক্ত স্থানলৈ। তাৰ পিছতে সন্ধানহীন হৈ আছিল দুয়ো।

১

চেৰাপুঞ্জীৰ দ খাৱৈতে উদ্ধাৰ হৈছিল সোনমৰ জাকেটটো। জাকেটত আৰক্ষীয়ে প্ৰত্যক্ষ কৰিছিল তেজৰ দাগ। তাৰ পিছতে মেঘালয় আৰক্ষীৰ মনত সন্দেহ উপজিছিল। ৰাজা আৰু সোনম ২৩ মে’ত শ্বিলঙত হানিমুনৰ শেষ দিনটো পাৰ কৰি আছিল। সেই দিনা দুপৰীয়া ১:১৩ বজাত ৰাজাই তেওঁৰ মাতৃৰ লগত ২ মিনিট ১৮ ছেকেণ্ড কথা পাতিছিল। তাৰ কিছু সময় আগতে, নিশা ১২:৩৭ বজাত সোনমেও তেওঁৰ শাহুৱেকৰ সৈতে ২ মিনিট ৪ ছেকেণ্ড কথা পাতিছিল।

পৰিয়ালৰ মতে, তেওঁলোক পাহাৰখনৰ পৰা উভতি আহি আছিল, আৰু এই সময়ছোৱাত ইজনে সিজনৰ লগত শেষবাৰৰ বাবে ফোনযোগে কথা পাতিছিল। তাৰ পাছত ৰাজা-সোনমেৰে পৰিয়ালৰ সংযোগ বিছিন্ন হয়। দুয়োকে ফোনত নাপাই চিন্তিত ৰাজাৰ ভাতৃয়ে আৰক্ষীক খবৰ দিয়ে।

১

আৰক্ষীয়ে বিভিন্ন স্থানত অভিযান চলাই পৰিত্যক্ত অৱস্থাত ৰাজাৰ মৃতদেহ উদ্ধাৰ কৰিছিল। লগে লগে সকলোৱে ভাৱিছিল দুৰ্বৃ্ত্তই নৱদম্পত্তিক হত্যা কৰিলে। কাৰণ আৰক্ষীয়ে শুংসূত্ৰ পোৱা নাছিল সোনমৰ। কিন্তু ঘটনা অৱশেষত ওলাল বিপৰীতহে।

৩ হত্যাকাৰীৰ সৈতে গাজিপুৰৰ ধাবাত পত্নী সোনমক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে। তাৰ পিছতে ওলাল জোলোঙাৰ মেকুৰী। সোনমে সদৰি কৰিছে যে, তেওঁৰ পৰিকল্পনাতে স্বামী ৰাজাক হত্যা কৰা হ'ল। এই ৩ হত্যাকাৰীৰ ভিতৰত আছে সোনমৰ পৰকীয়া প্ৰেমিক ৰাজ কুশৱাহা। ৰাজ কুশৱাহাৰ সৈতে মিলি চেৰাপুঞ্জীত হত্যা কৰা হৈছিল স্বামী ৰাজাক।
৩
ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডৰ তদন্ত সময়ছোৱাত এটা এটাকৈ কেইবাটাও জবৰদস্ত ক্লু পাইছিল মেঘালয় আৰক্ষীয়ে। প্ৰথম ক্লু আছিল ৰাজা ৰঘুবংশীক হত্যা কৰা দা খন মেঘালয়ৰ নাছিল। ইয়াৰোপৰি চেৰাপুঞ্জীত সোনম আৰু ৰাজা ৰঘুবংশীক ৩ জন হিন্দীভাষী যুৱকৰ সৈতে দেখা গৈছিল। তেওঁলোকৰ সৈতে সোনমৰ ঘনিষ্ঠতাৰ কথা আৰক্ষীক অৱগত কৰিছিল মেঘালয়ৰ স্থানীয় গাইডে।

ইয়াৰ পাছতে আৰক্ষীয়ে সোনমক সন্দেহৰ আওতালৈ আনে। অৱশেষত দেওবাৰে নিশা সোনমে এখন ধাবাৰ পৰা আত্মীয়লৈ ফোন কৰে। লগে লগে সোনমৰ পৰিয়ালে আৰক্ষীক যোগাযোগ কৰে। ইয়াৰ পাছতে স্থানীয় আৰক্ষীয়ে স্বামীক হত্যাৰ অভিযোগত উত্তৰ প্ৰদেশৰ গাজীপুৰৰ পৰা গ্ৰেপ্তাৰ কৰে পত্নী সোনম ৰঘুবংশীক। 

et

ইতিমধ্যে ৰাজকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। সূত্ৰ পৰা পোৱা খবৰ অনুসৰি সোনমৰ পৰকীয়া প্ৰেমিক ৰাজ কুশৱাহাই সোনমৰ সৈতে একেলগে কৰ্মৰত আছিল। সোনম ৰঘুবংশীৰ প্ৰেমিক ৰাজ কুশৱাহাক ইণ্ডোৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। এই হত্যাকাণ্ডটো আছিল পূৰ্ব পৰিকল্পিত ষড়যন্ত্ৰৰ অংশ, যিটো দীৰ্ঘদিন ধৰি পৰিকল্পনা কৰা হৈছিল। 

মাষ্টাৰমাইণ্ড সোনমে সমগ্ৰ ঘটনাৰ পৰিকল্পনা কৰিছিল। ইফালে সোনমৰ পৰকীয়া প্ৰেমিক ৰাজ যোৱা নাছিল মেঘালয়লৈ। ৩ অভিযুক্তই ঘটনা সংঘটিত কৰিয়ে সোনমৰ সৈতে ৰে’লযোগে উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশলৈ উভতি গৈছিল। সোনমে দেওবাৰে ৰাতি ধাবাৰ মালিকৰ ফোন লৈ নিজ ভাতৃলৈ ফোন কৰিছিল। তাৰ পাছতে স্থানীয় আৰক্ষীয়ে আটক কৰে সোনমক। 

উল্লেখ্য যে, সমগ্ৰ ঘটনা সন্দৰ্ভত চিবিআিৰ তদন্ত বিচাৰিছে সোনমৰ পৰিয়ালে। ইফালে ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ অভিযুক্তসকলক অতি শীঘ্ৰে আদালতত হাজিৰ কৰাই আৰক্ষীয়ে অভিযুক্তৰ ট্ৰেনজিট ৰিমাণ্ড বিচাৰিব।

 

মেঘালয় আৰক্ষী মেঘালয় ৰাজা ৰঘুবংশী