/asomiyapratidin/media/media_files/2025/06/20/bikhekh-lekha-111-2025-06-20-22-19-56.jpg)
চয়নিকা শইকীয়া
২০ জুন! বিষ্ণু প্ৰসাদ ৰাভাৰ স্মৃতিত সংৰক্ষিত বছৰৰ এটা দিন। আজি আকৌ আহিল ২০ জুন। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত জাকজমকতাৰ মাজেৰে আজি আয়োজন কৰা হ'ল বিষ্ণু ৰাভা দিৱস। কোনোৱে যদি এগছি চাকিৰে সোঁৱৰিলে, কোনোৱে সামাজিক মাধ্যমত এটা পোষ্ট দি আজি দিনটোৰ দায়িত্ব সামৰিলে।
কাইলৈ ২১ জুন। আকৌ এবছৰৰ বাবে পাহৰণিৰ গৰ্ভত সোমাই যাব আজিৰ দিনটো লগতে আমাৰ সেই ব্যক্তিগৰাকীৰ প্ৰতি থকা দায়িত্বসমূহ। এনেদৰেই আমি বছৰ পিছত বছৰ ধৰি পালন কৰি আহিছো বিষ্ণু ৰাভা দিৱস। আৰু হয়তো বিশেষ পৰিৱৰ্তন নঘটিলে ভৱিষ্যতলৈও এইখিনি ক্ষোভ লৈয়ে একেদৰেই মঞ্চৰ নাচ-গান,এগছি চাকি আৰু এটা সামজিক মাধ্যমৰ পোষ্টৰ জৰিয়তে পালন কৰি যাম ৰাভা দিৱস।
অসমৰ বৌদ্ধিক মহলে বিষ্ণু ৰাভাক কেৱল শিল্পী সত্তা হিচাপে পৰিচয় দি অহা বাবেই আজিৰ যুৱ চামে সেই যুগনায়ক গৰাকীৰ সংগ্ৰাম,ত্যাগৰ বিষয়ে জ্ঞাত নহয়। সাধাৰণতে বিষ্ণু প্ৰসাদ ৰাভাক এই দিৱসটিত কলাৰ পুজাৰী বা কলাগুৰু ৰূপে মূল্যায়ন কৰা হয়। কিন্তু, ৰাভাৰ কেৱল এয়াই প্ৰকৃত পৰিচয় নে?
ওপৰৰ কথাখিনি মনলৈ আহিল বিশিষ্ট লোক সংস্কৃতিৰ গৱেষক তথা লেখক ভূবিন ৰাভাৰ এখন কিতাপত তেওঁ ৰাভাৰ অজ্ঞাত বাসৰ বিষয়ে লিখা তত্বগধুৰ বিশ্লেষণৰ পৰা। কোনো ব্যৱসায়িক লাভালাভৰ বাবে নহয়, নিজ জাতি, নিজ সমাজ তথা সাধাৰণ জনগণৰ সামগ্ৰিক উন্নয়নৰ বাবে আজীৱন অহোপুৰুষাৰ্থ কৰা বিষ্ণুপ্ৰসাদ ৰাভাই সাম্প্ৰদায়িক সম্প্ৰীতিৰ বাবে আগবঢ়োৱা অৰিহণা সাধুবাদৰ যোগ্য।
সেয়া আছিল ১৯৪৮ চনৰ কথা। ৰাভা তেতিয়া কমিউনিষ্ট দলৰ সক্ৰিয় সদস্য আছিল। আচলতে, কৃষক -শ্ৰমিক , বনুৱা-মজদুৰক লৈ এক শোষণহীন সমাজ স্থাপন কৰা উদ্দেশ্যে কাম কৰা ৰাভা সেই সময়ত চৰকাৰৰ চকুত হৈ পৰিছিল দুধৰ্ষ অপৰাধী। চৰকাৰে কমিউনিষ্ট দলক নিষিদ্ধ কৰা বাবে সুদীৰ্ঘ ৪ বছৰৰ বাবে অজ্ঞাত বাস লৈছিল বিষ্ণু ৰাভাই।
অজ্ঞাতবাসৰ সময়ছোৱাত তেওঁ অসমৰ গাঁৱে ভূঞে বৈপ্লৱিক সংগঠন গঢ়ি তুলিছিল। ইতিমধ্যে ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল যদিও কংগ্ৰেছৰ নেতৃত্বত এক গণতান্ত্ৰিক বুৰ্জোৱা চৰকাৰ গঠন হৈছিল। ফলস্বৰূপে সাধাৰণ চহা-শ্ৰমিকৰ পুনৰ শোষণ আৰম্ভ হৈছিল।
ৰাভাই বুজি উঠিছিল সাম্ৰাজ্যবাদী শাসন ব্যৱস্থা ওফৰাই পেলোৱাৰ বাবে বিপ্লৱৰ প্ৰয়োজন। সেই কাৰণে, বিষ্ণু প্ৰসাদ ৰাভাই মাৰ্ক্সবাদ-লেনিনবাদ দৰ্শনৰ দ্বাৰা পৰিচালিত আৰ চি পি আই দলত যোগদান কৰি সংগ্ৰাম চলাই গৈছিল। জনতাৰ মুক্তিৰ বাবে তেওঁ সাম্যবাদী আন্দোলনত মনে-প্ৰাণে লাগিছিল।
বিষ্ণুপ্ৰসাদ ৰাভা মার্ক্সবাদ-লেনিনবাদৰ প্ৰতি আকৃষ্ট হৈছিল সঁচা কিন্তু সেইবুলি তেওঁ মার্ক্সবাদ-লেনিনবাদৰ অন্ধ অনুগামী নাছিল। শোষিতৰ আৰু নিৰ্যাতিতৰ সাধাৰণ জনতাক মুক্তিৰ পথৰ সন্ধান দিয়াই তেওঁৰ জীৱনৰ উদ্দেশ্য আছিল। সেয়ে নৃত্য, গীত, নাটক, বক্তৃতাৰে জনসাধাৰণক বিপ্লৱৰ আৱশ্যকতাৰ কথা বুজাই তেওঁলোকক সংগঠিত কৰি নিজৰ অধিকাৰৰ সমন্ধে চেতনা জগাই তুলিছিল।
ৰাভাই সেইসময়ত মোনাত ৰিভলভাৰ আৰু মাৰ্ক্সৰ কিতাপ লৈ গাঁৱে গাঁৱে কৃষি বিপ্লৱৰ কথা কৈ ফুৰিছিল।সেই সময়ত তেওঁ হৈছিল অসমীয়া কাব্য সাহিত্যৰ বিষয় যেনে ‘বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি।” ১৯৫২ চনৰ ১৬জুন তাৰিখে দতমা অঞ্চলৰ ঘিলাগুৰি গাঁৱৰ পৰমানন্দ ব্ৰহ্মৰ ঘৰত বিষ্ণু প্ৰসাদ ৰাভাক পুলিচে গ্ৰেপ্তাৰ কৰে।
তেওঁ জেলত থকা কালছোৱাতে পাৰ্টী দুৰ্বল হৈ পৰে। জেলৰ পৰা মুক্ত হৈ আহি পাৰ্টী দুৰ্বল হৈ পৰা খবৰ পাই তেওঁ মৰ্মাহত হৈছিল। ১৯৫৬ চনত বিপ্লৱী কমিউনিষ্ট পাৰ্টী কমিউনিষ্ট পাৰ্টীৰ লগত সংযুক্ত হয়। ৰাভাই তেতিয়া পাৰ্টীক ঐক্যবদ্ধ কৰাত লাগিছিল। হেমাংগ বিশ্বাস, কেশৱ মহন্ত, দিলীপ শৰ্মা , ভূপেন হাজৰিকা আদিৰ লগত ৰাভাই ‘গণ নাট্য সংঘ’-ৰ জৰিয়তে এক সাংস্কৃতিক আন্দোলনৰ সূচনা কৰিছিল।
বিপ্লৱৰ প্ৰয়োজনত হাতত অস্ত্ৰ তুলি লোৱা সেইগৰাকী বিষ্ণু ৰাভাৰ মূৰৰ দাম ১০ হেজাৰ টকা বুলি ঘোষণা কৰিছিল সেই সময়ত বিষ্ণুৰাম মেধিৰ চৰকাৰে। এতিয়া সেই চৰকাৰে নানা জাকজমকতাৰে আনুষ্ঠানিক ভাবে “ৰাভা দিৱস “পালন কৰি “ৰাভা বঁটা” ঘোষণা কৰাক বাৰু কি সূচায়?
হাড়ে-হিমজুৱে সাম্যবাদী চেতনাৰ অধিকাৰী আছিল বিষ্ণু ৰাভা। পুলিচৰ চাকৰি বাবে নিৰ্বাচিত হৈও নিজ মানুহকনো কেনেদৰে লাঠিৰে কোবাম বুলি চাকৰি নকৰা ৰাভাক ১৯৬২ চনত চীনা -ভাৰত যুদ্ধৰ সময়ত তেওঁ চীন দেশৰ পক্ষ লোৱা বুলি সন্দেহ কৰি দেশৰ চৰকাৰে তেওঁৰ কঁকালত পঘাৰে বান্ধি ৰাজপথত চোঁচোৰাই আনি জেলত বন্দী কৰি ৰাখিছিল। ইমানৰ পাছতো তেওঁ যুঁজ দিছিল দলিত, কৃষক আৰু শ্ৰমিক শ্ৰেণীৰ মুক্তিৰ বাবে।
অসমীয়াৰ বাবে ৰাভাৰ ত্যাগৰ তালিকা ইমানতে সমাপ্ত নহয় যদিও আমি প্ৰতি বছৰে ২০ জুনত এগছি চাকি, সামাজিক মাধ্যমত এটা পোষ্টতে সীমাৱদ্ধ ৰাখিবলগীয়া হৈছে বিষ্ণু ৰাভাক। তেওঁৰ তেজপুৰৰ ঘৰৰ এটা সৰু কোঠাত উৱলি যাবলৈ ধৰিছে তেওঁৰ আপুৰুগীয়া সম্পদবোৰ। নিগনিয়ে কুটি শেষ কৰিবলৈ লৈছে ৰাভাৰ অনবদ্য সৃষ্টি সমূহ। এই সম্পদ সমূহক সংৰক্ষণ দিয়াত অপাৰগ আমি।
কাৰণ বৰ্তমান বিভিন্ন নতুন নতুন সমস্যাত জৰ্জৰিত অসম। অসমীয়া উপাসনাৰ পৱিত্ৰ স্থান মন্দিৰ-নামঘৰ-দেৱালয়ক সুৰক্ষা দিয়াত ব্যস্ত ৰাজ্য চৰকাৰ। সেয়ে আজি অসমীয়াৰ বাবে বিষ্ণু ৰাভা বৰ্তমান বছৰৰ এটা দিনত স্মৰণযোগ্য এজন ব্যক্তি।
প্ৰতি বছৰে ২০ জুন আহে। আমাৰ ৰাজ্যত চৰকাৰী বা বেচৰকাৰী ভাবে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে “ৰাভা দিৱস উদযাপন কৰা হয়। আমি ৰাভা দিৱস পাতো, সাংস্কৃতিক সন্ধিয়াত তেওঁক স্মৰণ কৰি ভোজ-ভাত খাঁও আৰু এনেদৰেই আমি দায়িত্ব সামৰো। তেখেতৰ সৃষ্টিসমূহক সংৰক্ষণ কৰাৰো ক্ষমতা নহ'ল অসমীয়াৰ। ভুল নুবুজিব আমাক। একো কৰিব নোৱাৰাৰ ক্ষোভেৰে প্ৰতি বছৰে এনে ধৰণৰ এটা লিখাৰেই আপোনাক স্মৰণ কৰো...