আদৰ্শ বুকুত বান্ধি ৰাজকোটবাসীৰ পৰা বিদায় ল’লে জননেতা বিজয় ৰূপানীয়ে...

দুৰ্ঘটনাৰ তিনিদিন পিছত ডি এন এ পৰীক্ষাৰ জৰিয়তে ৰূপানীৰ মৃতদেহ চিনাক্ত কৰি তেওঁৰ মৃতদেহ পৰিয়ালক গতাই দিয়ে। তেওঁৰ মৃতদেহ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে আহমেদাবাদৰ পৰা বিমানযোগে ৰাজকোটলৈ লৈ যায় ।

New Update
ে্ে্

বাৰ্মাৰ ৰেংগুনত জন্মগ্ৰহণ কৰা বিজয় ৰূপানীৰ মৃত্যুত আজি ম্ৰিয়মান সমগ্ৰ ৰাজকোট,ইয়াৰ কাৰণ ৰূপানীৰ ব্যক্তিত্ব। ২০১৬ চনৰ ৭ আগষ্টত ৰাজ্যৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হোৱা বিজয় ৰূপানী পৰিচিত আছিল তেওঁৰ সহজ-সৰল ব্যক্তিত্বৰ বাবে। বিজয় ৰূপানী সন্দৰ্ভত চয়নিকা শইকীয়াৰ এক প্ৰতিবেদন...

Advertisment

লোকাৰণ্য হৈ পৰিল গুজৰাটৰ ৰাজকোট অঞ্চল। কিয়নো আজি সন্ধিয়া সম্পূৰ্ণ ৰাজ্যিক মৰ্যদাৰে ৫ বজাত বিদায় দিয়া হ'ল ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীক। মৃত্যুৰ সময়ত ৰূপানীয়ে এৰি গ'ল পত্নী অঞ্জলী ৰূপানীৰ লগতে ২ সন্তান আৰু অজস্ৰ গুণমুগ্ধক।

৬৮ বছৰীয়া নেতা গৰাকীৰ অন্তিম যাত্ৰাত বহু লোকে অংশ লয়। তেওঁৰ বাসগৃহৰ সন্মুখত শতাধিক লোক উপস্থিত হৈ তেওঁক শ্ৰদ্ধাঞ্জলি জনায়। সেই সময়ত পুত্ৰক সাৱতি ধৰি কান্দোনত ভাগি পৰে বিজয় ৰূপানীৰ পত্নী। উল্লেখ্য যে, ১২ জুনত আহমেদাবাদৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল ৰূপানীয়ে।

১

দুৰ্ঘটনাৰ তিনিদিন পিছত ডি এন এ পৰীক্ষাৰ জৰিয়তে ৰূপানীৰ মৃতদেহ চিনাক্ত কৰি তেওঁৰ মৃতদেহ পৰিয়ালক গতাই দিয়ে। তেওঁৰ মৃতদেহ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে আহমেদাবাদৰ পৰা বিমানযোগে ৰাজকোটলৈ লৈ যায় ।

বিজয় ৰূপানীৰ শেষ যাত্ৰাত অংশগ্ৰহণৰ বাবে উপস্থিত হয় বিজেপিৰ মুৰব্বী জে পি নাড্ডা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল। তেওঁলোকে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে।

২

প্রাক্তন ৰাজ্যিক মন্ত্রী পূৰ্ণেশ মোদীয়ে ৰূপানীৰ কথা স্মৰণ কৰি কয় যে, তেওঁৰ কাৰণে কোনো কামেই ডাঙৰ নহয়, সৰুও নাছিল। বিজয় ভায়ে ২০৩০ চনৰ খচৰা পৰিকল্পনাত অনুমোদন জনাইছিল। আজি চুৰাটৰ উন্নয়ন তেওঁৰ বাবেই। দলৰ এগৰাকী কৰ্মী হিচাপে বিজয় ভায়ে কৈছিল যে দলে যি দায়িত্ব দিয়ে, সেয়া পালন কৰিব লাগে। কোনো কামেই সৰু নহয়। আমি সদায় কাম কৰি যাব লাগে।"

প্ৰকৃতাৰ্থত বিজয় ৰূপানী দলৰ এগৰাকী সংবেদনশীল নেতা আছিল। গুজৰাটত দীৰ্ঘদিন ধৰি নিজ দলৰ বাবে কাম আছিল ৰূপানীয়ে ৷ সংসদৰ কাউন্সিলাৰ, ষ্টেণ্ডিং চেয়াৰমেন, মেয়ৰ আৰু বিধায়ক হোৱাৰ পিছত তেওঁ ৰাজকোটৰ উচ্চ সদনত প্ৰতিনিধিত্ব কৰিছিল।

গুজৰাট বিজেপিৰ সভাপতি হৈ থাকোতে মুখ্যমন্ত্ৰী হোৱাৰ সুযোগ পাইছিল ৰূপানীয়ে। তেওঁ  ২০১৬ চনৰ আগষ্টৰ পৰা ২০২১ চনৰ ছেপ্টেম্বৰ মাহলৈকে গুজৰাটৰ ১৬ সংখ্যক মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

সংগঠনটোৰ প্ৰতি গভীৰ দায়িত্বশীল ৰূপানীৰ এটা কাহিনী আজি সৰ্বত্ৰে চৰ্চিত হৈ পৰিছে। বিজয় ৰূপানীয়ে এটা ব্যক্তিগত প’ডকাষ্টত কৈছিল যে যেতিয়া বিজেপিৰ জাতীয় সংগঠনৰ সাধাৰণ সম্পাদক বি এল সন্তোষ জী মোৰ ঘৰলৈ আহিছিল, তেতিয়া মই তেওঁক পোনপটীয়াকৈ সুধিছিলো যে মোক কেতিয়া পদত্যাগ কৰিব লাগে কওঁক?

বি এল সন্তোষ আচৰিত হৈছিল যে, তেওঁ কেনেকৈ গম পালে? ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে বিজয় ৰূপানীয়ে প’ডকাষ্টত কৈছিল যে ময়ো সংস্থাটোত কাম কৰিছো। আপুনি যদি দিল্লীৰ পৰাই ফোন কৰি মোক ক’লেহেতেন, মই তেতিয়াও পদত্যাগ কৰিলোহেতেন, আপুনি ইমান কষ্ট কৰাৰ কোনো প্ৰয়োজন নাছিল।

১

বিজয় ৰূপানীৰ মৃত্যুৰ পাছত আজি প্ৰতি গৰাকী দলীয় কৰ্মীয়ে সেই ঘটনাক দোহোৰাই ৰূপানীৰ দলৰ প্ৰতি থকা নিষ্ঠাৰ শলাগ লৈছে। লক্ষ্যণীয় যে, বিজয় ৰূপানী মাত্ৰ ১৭৬ দিন গুজৰাট বিজেপিৰ ৰাজ্যিক সভাপতি আছিল যদিও এক অনন্য অভিলেখ গঢ়িছিল ৰূপানীয়ে। তেওঁ গুজৰাট বিজেপিৰ একমাত্ৰ নেতা যিয়ে চৰকাৰ আৰু সংগঠন দুয়োটাৰে মুৰব্বী আছিল।

জানিব পৰা মতে, বিজয় ৰূপানীয়ে দলৰ প্ৰতিটো সিদ্ধান্ত নতশিৰে মানি লৈছিল, চৰকাৰৰ পৰা সংগঠনলৈ আৰু সংগঠনৰ পৰা চৰকাৰলৈ ৰূপানী বহুবাৰ বদলি হৈছিল যদিও প্ৰতিটো সিদ্ধান্ত কৃতজ্ঞতাৰে গ্ৰহণ কৰিছিল। প্ৰতিটো কাম নিষ্ঠাৰে পালন কৰিছিল ৰূপানীয়ে। তাৰেই উদাহৰণ- ৰাজকোট।

৩

যদি আমি ৰাজকোটলৈ চাও,এই চহৰখনক স্মাৰ্ট চিটিলৈ ৰূপান্তৰিত কৰিলে বিজয় ৰূপানীয়ে। তেওঁ ৰাজকোটত বহুতো উন্নয়নমূলক কাম কৰিছিল। এইমছ আৰু হিৰাসৰ বিমানবন্দৰ তেওঁৰেই প্ৰচেষ্টাৰ ফল।

ব্যক্তিগত জীৱনতো তেওঁ আছিল অতি সহজ।  বিজয় ৰূপানীৰ জন্ম ভাৰতত নহয়। তেওঁ ৰাজকোটত ডাঙৰ-দীঘল হৈছিল। তিনি সন্তানৰ পিতৃ আছিল ৰূপানী, কিন্তু তেওঁৰ এজন পুত্ৰ পুজিতৰ দুৰ্ঘটনাত মৃত্যু হয়, তেতিয়া তেওঁ পুজিতৰ নামত এটা ট্ৰাষ্ট গঠন কৰি অনাথ শিশুৰ বাবে কাম কৰিছিল। তেওঁৰ পুত্ৰ ৰুষভ আমেৰিকাত ব্যৱসায় কৰে আৰু কন্যা ৰাধিকা লণ্ডনৰ নিৱাসী।

কিছুদিন পূ্ৰ্বে নাতিৰ মুখ দেখিছিল বিজয় ৰূপানীয়ে। লণ্ডনত থকা তেওঁৰ কন্য়া আৰু নাতিক এবাৰ চাবলৈ বুলি ১২ জুনত অভিশপ্ত বিমানখনত বহিছিল বিজয় ৰূপানী। তাৰ পাছতে সেই বিমান দুৰ্ঘটনাত মৃত্যু হয় জন নেতা গৰাকীৰ। আজি সমগ্ৰ ৰাজকোটবাসীয়ে বিদায় জনালে বিজয় ৰূপানীক। তেওঁৰ মৃত্যুত শোকাচ্ছন্ন সমগ্ৰ দেশ।

বিজয় ৰূপানী