ছাত্ৰ-ছাত্ৰীৰ মূৰত আই আই টি গুৱাহাটীৰ মাধমাৰ !

আই আই টি গুৱাহাটীৰ প্ৰতিবাদকাৰী শিক্ষাৰ্থীয়ে দাবী কৰে যে, এই পৰিস্থিতিৰ ফলত তেওঁলোকৰ গৱেষণা স্থবিৰ হৈ পৰিছে, যাৰ ফলত তেওঁলোকৰ ভৱিষ্যত অনিশ্চিত হৈ পৰিছে।

New Update
AP bikhekh pratibedon 1 (3)

বিগত দুদিন ধৰি ছাত্ৰ-ছাত্ৰীৰ তীব্ৰ প্ৰতিবাদৰ সাক্ষী হৈছে আই আই টি গুৱাহাটী। পৰ্যাপ্ত সুবিধাৰ বিপৰীতে হঠাৎ বি টেক, এম টেক আৰু পি এইচ ডিৰ ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি মাচুল বৃদ্ধিক লৈ কর্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে শিক্ষাৰ্থীয়ে। একেৰাহে দ্বিতীয় দিনাও প্ৰতিবাদমুখৰ হৈ পৰিছে আই আই টি গুৱাহাটী। সমগ্ৰ বিষয় সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ আজিৰ প্ৰতিবেদন...

Advertisment

আই আই টি গুৱাহাটীয়ে অভাৱনীয় হাৰত বৃদ্ধি কৰিছে ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ মাচুল। শিক্ষা প্ৰতিষ্ঠানখনৰ বি টেক, এম টেকৰ লগতে পি এইচ ডিৰ ছাত্ৰ-ছাত্ৰীৰ মাচুল বৃদ্ধি কৰা সিদ্ধান্তৰ বিৰোধিতা কৰি বিগত দুদিন ধৰি প্ৰতিবাদত নামি পৰিছে প্ৰতিষ্ঠানখনৰ একাংশ শিক্ষাৰ্থী।

মঙলবাৰৰ সমান্তৰালকৈ আজিও মাচুল বৃদ্ধি, হোষ্টেলত পৰ্যাপ্ত সুবিধাৰ অভাৱ ইত্যাদি বিষয় উত্থাপন কৰি প্ৰতিবাদমুখৰ হৈ পৰে আই আই টি গুৱাহাটীৰ চৌপাশ। এই হঠকাৰী সিদ্ধান্ত অচিৰেই বাতিল নকৰিলে শিক্ষাৰ্থীয়ে আন্দোলন অব্যাহত ৰাখিব বুলি হুংকাৰ দিয়া পাছতো এই পৰ্যন্ত গা লৰা নাই প্ৰতিষ্ঠানখনৰ কৰ্তৃপক্ষৰ। সেয়ে মাচুল হ্ৰাস কৰাৰ বিৰোধিতাৰে আজিও বিভিন্ন শ্ল'গান দি প্ৰায় ৩০০ ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিষ্ঠানৰ চৌহদ উত্তাল কৰি তুলিছে।

জানিব পৰা মতে, আই আই টি গুৱাহাটী কৰ্তৃপক্ষই হঠাতে এটা বছৰতে প্ৰতিটো ছেমিষ্টাৰৰ মাচুল ৯,১০০ টকাকৈ বৃদ্ধি কৰিছে। ফলস্বৰূপে পূৰ্বৰ ৩৬,৬০০ টকাৰ পৰা ৪৫,৭০০ টকালৈ মাচুল বৃদ্ধি হয়। এই সিদ্ধান্তৰ ফলত বিবুদ্ধিত পৰা শিক্ষাৰ্থীয়ে শিক্ষা প্ৰতিষ্ঠানৰ কৰ্তৃপক্ষক মাচুল হ্ৰাস কৰিবলৈ আহ্বান জনায়।

এই সন্দৰ্ভত ১৭ জুলাইত এখন মুকলি আলোচনাৰ আয়োজন কৰা হয়। আলোচনাত আই আই টি গুৱাহাটীৰ সঞ্চালক, ছাত্ৰ পৰিক্ৰমা ডীন, শৈক্ষিক পৰিক্ৰমা ডীন প্ৰমুখ্যে জ্যেষ্ঠ বিষয়াসকলে নেতৃত্ব দিয়ে।

ছাত্ৰ-ছাত্ৰীসকলৰ মতে, একাংশৰ পৰামৰ্শৰ ভিত্তিত বৰ্ধিত মাচুলৰ সংশোধন কৰা হ’ব বুলি শিক্ষানুষ্ঠানখনৰ কৰ্তৃপক্ষই আলোচনাখনিত প্ৰতিশ্ৰুতি দিছিল যদিও কৰ্তৃপক্ষই শিক্ষাৰ্থীৰ প্ৰতিশ্ৰুতি পূৰণ নকৰাত শিক্ষানুষ্ঠানখনৰ চৌহদ প্ৰতিবাদমুখৰ হৈ পৰে। 

ইফালে জুলাইৰ পৰা নৱেম্বৰলৈকে পৰৱৰ্তী ছেমিষ্টাৰ পঞ্জীয়নৰ তাৰিখ নিৰ্ধাৰণ কৰা হৈছে যদিও পি এইচ ডি ছাত্ৰ-ছাত্ৰীসকলে অভিযোগ কৰে যে কৰ্তৃপক্ষই সংশোধিত মাচুল নিদিয়াকৈ পঞ্জীয়ন কৰাত বাধা আৰোপ কৰিছে।

গৱেষনাৰ ছাত্ৰ সকলে কয় যে, তেওঁলোকৰ আৰ্থিক পৰিস্থিতি স্নাতক ছাত্ৰ-ছাত্ৰীতকৈ সম্পূৰ্ণ বিপৰীত।গৱেষক ছাত্ৰ সকলৰ অধিকাংশই বিবাহিত। পৰিয়াল পোহপাল দি থকাৰ লগতে তেওঁলোকৰ মূৰত শিক্ষাৰ ঋণৰ বোজা। বহু গৱেষকে শিক্ষক সহায়ক পদত সামান্য পাৰিশ্ৰমিকেৰে শৈক্ষিক কৰ্তব্য পালন কৰি আছে। ইয়াৰ মাজতে হঠাতে অহা এইজাক ধুমুহাই ছাত্ৰ-ছাত্ৰীসকললৈ বিপদ মাতি আনিছে।

উল্লেখ কৰা প্ৰয়োজন যে, প্ৰতিবাদ সাব্যস্ত কৰা ছাত্ৰ-ছাত্ৰীসকলৰ মতে, প্ৰতি ষান্মাসিকত পি এইচ ডি মাচুল ৩৪,৮০০ টকাৰ পৰা ৪৫,৭০০ টকালৈ বৃদ্ধি পোৱাৰ বিপৰীতে নতুনকৈ প্ৰৱেশ কৰাসকলে প্ৰথম অৱস্থাত ৯২ হাজাৰ টকা দিব লাগিব।

অংশকালীন পি এইচ ডি বৃত্তিৰ মাচুল ২৫০০ টকাৰ পৰা ২৫ হাজাৰলৈ বৃদ্ধি পাইছে। ইয়াৰ উপৰিও জিমখানাৰ চাৰ্জ ১০০০ টকাৰ পৰা ২০০০ টকালৈ দুগুণ বৃদ্ধি পাইছে। চিকিৎসা মাচুল ১০০ টকাৰ পৰা ৫০০ টকালৈ বৃদ্ধি পাইছে। হোষ্টেলৰ ভাড়া আৰু ফাণ্ড, মেছ, বিদ্যুৎ, আৰু পানীৰ চাৰ্জতো বৃদ্ধি কৰা হৈছে। লগতে প্ৰতি ষান্মাসিকত ১৩০০ টকা ফেষ্ট মাচুল আৰোপ কৰা হৈছে।

ইফালে আই আই টি গুৱাহাটীৰ বাৰ্ষিক অনুষ্ঠানটি ইতিমধ্যে উত্তৰ-পূব ভাৰতৰ অন্যতম জনপ্ৰিয় অনুষ্ঠান হোৱাৰ পৰিপ্ৰেক্ষিতত ফেষ্টৰ মাচুল অযুক্তিকৰ বুলিও প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীয়ে দাবী কৰিছে। গৱেষক ছাত্ৰ সকলে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ পৰা হাউচ ৰেণ্ট এলাৱেন্স (এইচ আৰ এ) লাভ কৰাৰ পিছতো প্ৰতিষ্ঠানটোৱে ভাড়া আৰোপ কৰি হোষ্টেলত থকাৰ বাবে দুগুণ মাচুল আৰোপ কৰা সন্দৰ্ভত ক্ষোভ উজাৰিছে একাংশ ছাত্ৰ-ছাত্ৰীয়ে।

ইয়াৰ মাজতে একাংশ ছাত্ৰ-ছাত্ৰীয়ে কয় যে, তেওঁলোকৰ শৈক্ষিক প্ৰয়োজনীয়তাসমূহ আগবঢ়াই নিবলৈ তেওঁলোকৰ ওপৰত আৰোপিত ধন পৰিশোধ কৰাৰ বাহিৰে আন একো উপায় নাছিল, কিন্তু গৰিষ্ঠ সংখ্যকে  এই মাচুল পৰিশোধ কৰাৰ ক্ষেত্ৰত অস্বীকাৰ কৰিছে।

প্ৰতিবাদকাৰীসকলে দাবী কৰে যে, প্ৰতিষ্ঠানখনে ছাত্ৰ-ছাত্ৰীৰ অসুবিধাৰ প্ৰতি পিঠি দি একপক্ষীয়ভাৱে মাচুল বৃদ্ধি কৰিছে। এই পৰিস্থিতিৰ ফলত তেওঁলোকৰ গৱেষণা স্থবিৰ হৈ পৰাৰ লগতে অনিশ্চিত হৈ পৰিছে ভৱিষ্যত...

আই আই টি গুৱাহাটী