Advertisment

কিমান গ্ৰহণযোগ্য?

"মই ভয় খাইছো কিন্তু পলাই যোৱা নাই। মোক আৰু মোৰ পৰিয়ালক মৃত্যুৰ ভাবুকি দিছে। ৰোগীৰ অজুহাতত মাৰ ক্লিনিকলৈ মানুহ আহি তেওঁলোকক আক্ৰমণৰ চেষ্টা কৰিছে। সেয়ে মই বৰ ভয় খাইছোঁ। এই ক্ষেত্ৰত মই কি কৰিব লাগে ভাবি পোৱা নাই।

author-image
চয়নিকা শইকীয়া
আপডেট কৰা হৈছে
New Update
কিমান গ্ৰহণযোগ্য?

কিমান গ্ৰহণযোগ্য?

অসমীয়াত এষাৰ কথা আছে, ‘‘কথাত কটা যায়, কথাত বঁটা পায়’’ এই আপ্তবাক্যশাৰী প্ৰযোজ্য হ’ল ৰণবীৰ এলাহবাদিয়াৰ ক্ষেত্ৰত। ৰাষ্ট্ৰীয় বঁটা প্ৰাপক ৰণবীৰৰ পৰা দায়িত্বজ্ঞানহীনভাৱে বক্তব্য কৰা ৰণবীৰলৈ চয়নিকা শইকীয়াৰ আজিৰ প্ৰতিবেদন...

Advertisment

"মই ভয় খাইছো কিন্তু পলাই যোৱা নাই। মোক আৰু মোৰ পৰিয়ালক মৃত্যুৰ ভাবুকি দিছে। ৰোগীৰ অজুহাতত মাৰ ক্লিনিকলৈ মানুহ আহি তেওঁলোকক আক্ৰমণৰ চেষ্টা কৰিছে। সেয়ে মই বৰ ভয় খাইছোঁ। এই ক্ষেত্ৰত মই কি কৰিব লাগে ভাবি পোৱা নাই। মই এই তদন্ত প্ৰক্ৰিয়াত সম্পূৰ্ণ সহযোগ কৰিম। প্ৰশাসন আৰু দেশৰ ন্যায়পালিকাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে"- এনেদৰে নিখোজ হোৱা বাতৰি সন্দৰ্ভত স্পষ্টীকৰণ দিছে বিতৰ্কত সোমাই পৰা ইউটিউবাৰ ৰণবীৰ এলাহবাদিয়াই।

সময় ৰাইনাৰ জনপ্ৰিয় কমেডী শ্ব’ ইণ্ডিয়াজ গট লেটেণ্টত ৰণবীৰে এজন প্ৰতিযোগীক অভিভাৱকৰ সৈতে জড়িত এটা অশ্লীল প্ৰশ্ন কৰা ভিডিঅ’ ভাইৰেল হৈ পৰিছিল সামাজিক মাধ্যমত। ভিডিঅ’টোৰ বিৰোধিতা কৰি মানুহে ক্ষোভ প্ৰকাশ কৰাত ইউটিউবাৰ জনে ক্ষমা বিচাৰিছিল। ইয়াৰ পিছত মুম্বাই, অসমকে ধৰি বহু ঠাইত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হয়। 

১৪ ফেব্ৰুৱাৰীত আৰক্ষীয়ে জনাইছিল যে, ৰণবীৰ এলাহাবাদিয়াৰ ফোনটো চুইচ অফ হৈ আছে আৰু তেওঁৰ ঘৰটো তলা লগোৱা। এনে পৰিস্থিতিত ইউটিউবাৰজনৰ সৈতে যোগাযোগ কৰাটো প্ৰশাসনৰ বাবে কঠিন হৈ পৰিছে। ৰণবীৰ সন্ধানহীন সন্দৰ্ভত বাতৰি প্ৰকাশ হোৱা লগে লগে বহুতে পুনৰ তেওঁক লক্ষ্য কৰি বিভিন্ন মন্তব্য কৰে। ৰণবীৰে আৰক্ষীৰ পাকচক্ৰৰ পৰা সাৰিবলৈ পলায়ণ কৰা বুলি সামাজিক মাধ্যমত চৰ্চা হয়।

লগে লগে এই সকলো অভিযোগৰ ওপৰত নিজৰ মৌনতা ভংগ কৰি ৰণবীৰে ইনষ্টাগ্ৰামত এক বিবৃতি প্ৰকাশ কৰে। ইয়াত তেওঁ কয় যে, তেওঁ আৰক্ষীৰ পৰা পলাই ফুৰা নাই, বৰঞ্চ নিজৰ আৰু পৰিয়ালৰ প্ৰাণৰ মমতাত লুকাই আছে। 

কিন্তু এনেদৰে এজন লোকক মানসিক অত্যাচাৰ চলোৱাতো কিমান গ্ৰহণযোগ্য ? যিহেতু এজন সাধাৰণ যুৱকৰ পৰা তেওঁক তাৰকাৰূপে প্ৰতিষ্ঠিত কৰাত ৰাইজৰ অৰিহনা আছে সেয়ে তেওঁৰ পৰা স্পষ্টীকৰণ বিচৰা বা তেওঁৰ ভুলৰ বাবে তেওঁক সমালোচনা কৰাৰো ৰাইজৰ অধিকাৰ আছে। কিন্তু এই সকলোখিনি এটা নিৰ্দিষ্ট সীমাৰেখাৰ ভিতৰত হোৱাতো অতি প্ৰয়োজনীয়।

এইখিনিতে এটা প্ৰশ্ন উত্থাপন হয় যে,  india's got latent হওঁক বা এনে ধৰণৰ অনুষ্ঠান সমূহে ইমান ভিউজ ক'ৰ পৰা পায় ? কিয় এনে ধৰণৰ অনুষ্ঠান সমূহৰ বাবে কোনো নীতি-নিৰ্দেশনা নাথাকে?  উল্লেখ কৰাতো অতি প্ৰয়োজন যে, অনুষ্ঠানটোৰ সেই নিৰ্দিষ্ট খণ্ডটোতে কেৱল অশ্লীল মন্তব্য কৰা হৈছিল তেনে নহয়। অনুষ্ঠানটোৰ প্ৰতিটো খণ্ডতে অশ্লীলতা পয়োভৰ, অপশব্দ, গালি-গালাজৰ ব্যৱহাৰ তেনেই সাধাৰণ আছিল। প্ৰতিটো খণ্ডই ভিউজৰ ক্ষেত্ৰত চুইছিল লাখৰ ঘৰ। 

মুঠতে যিখন সমাজে আজি সেই ৫ ইউটিউবাৰক গালি-গালাজৰ উপৰিও মৃত্যুৰ ভাবুকি পৰ্যন্ত দিছে ক'ৰবাত সেইখন সমাজৰে একাংশ লোকে অনুষ্ঠানটোৰ অশ্লীল ভিডিঅ' সমূহো উপভোগ কৰিছিল। ক'বলৈ কুণ্ঠাবোধ কৰিছো যদিও উল্লেখ কৰিব লাগিব যে সেইখন সমাজৰে একাংশই ৰণবীৰৰ সন্ধানহীন হোৱা খবৰত সামাজিক মাধ্যমত "টেক কেয়াৰ ৰণবীৰ" বুলি তথাকথিত উদ্বেগ প্ৰকাশ কৰিছিল।

মানসিক চাপ কিমান ক্ষতিকাৰক হ'ব পাৰে সেয়া বিষয়ে আমি নতুনকৈ জানিব লগীয়া নাই। মানুহে যেতিয়া কাৰোবাৰ অনুভৱত আঘাত কৰে বা বিশ্বাসত আঘাত কৰে তেতিয়া খং উঠাটো স্বাভাৱিক। কিন্তু সেই একেখিনি মানুহে যেতিয়া আপোনাক প্ৰকৃত অনুশোচনা দেখুৱায় তেতিয়া তেওঁলোকক ক্ষমা কৰি দিয়াটো উচিত।

ৰণবীৰ এলাহবাদিয়া কোন, তেওঁৰ সম্পত্তি বা সামাজিক মাধ্যমত তেওঁ কিমান চৰ্চিত সেই বিষয়ে আৰু নতুনকৈ কোৱা প্ৰয়োজন নাই। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৪ চনত দেশৰ বহু যুৱ চেলিব্ৰিটি, ছ’চিয়েল মিডিয়াৰ প্ৰভাৱশালী  কন্টেন্ট ক্ৰিয়েটৰক নেশ্যনেল ক্ৰিয়েটাৰ বঁটাৰে সন্মানিত কৰিছিল। সেই সময়ছোৱাত অতিকৈ চৰ্চালৈ অহা এটা নাম আছিল ৰণবীৰ এলাহবাদিয়া।

ভাৰত মাণ্ডপামত আয়োজিত কাৰ্যসূচীত প্ৰধানমন্ত্ৰী মোদীয়ে ৰণবীৰ এলাহবাদিয়াক 'Disruptor of the Year' বঁটা প্ৰদান কৰিছিল। ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী মোদী আৰু ৰণবীৰৰ মাজত কিছু ধেমেলীয়া কথা-বতৰাও হৈছিল।

কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানী, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ. জয়শংকৰ, পথ আৰু পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়েও ৰণবীৰৰ প’ডকাষ্টত অংশ লৈছিল। ইয়াৰ উপৰিও বলীউডৰ তাৰকা, খেলুৱৈৰ লগতে বিভিন্ন ক্ষেত্ৰৰ প্ৰভাৱশালী ব্যক্তি সকলক নিজৰ প’ডকাষ্টৰ মজিয়ালৈ আনি ৰাইজৰ মাজত চিনাকি কৰাই দিছিল। সাধাৰণ ৰাইজক তেওঁলোকৰ বিষয়ে জনাৰ সুযোগ দিছিল ৰণবীৰে।

ৰণবীৰৰ প’ডকাষ্টক মৰম দিছিল ৰাইজে। সেয়ে কেৱল ৰাষ্ট্ৰীয় বঁটাই নহয় তেনেধৰণৰ আৰু বহু সুখ্যাতি লাভ কৰিবলৈ সক্ষম হৈছিল ৰণবীৰ। ২০২২ চনৰ "FORBES 30 ASIA" ৰ তালিকাতো সন্নিৱিষ্ট হৈছিল ৰণবীৰ এলাহবাদিয়াৰ নাম।

আজি সেইজন ৰণবীৰে প্ৰাণৰ মমতাত লুকাই ফুৰিছে। গালি শুনিছে নিৰন্তৰ। কিন্তু এয়া জানো সামধান হ'ব পাৰে? ইণ্ডিয়াজ গট লেটেন্তত কৰা মন্তব্যৰ বাবে ৰণবীৰ যিমান দোষী সিমানেই দোষী সেই অনুষ্ঠানটো উপভোগ কৰা সকল। ভুল কৰাৰ প্ৰৱণতা মানুহৰ মজ্জাগত । পৰিৱেশ নাইবা পৰিস্থিতিত পৰি বহুতেই ভুল কৰে, কেতিয়াবা ইচ্ছা কৰি বা কেতিয়াবা অনিচ্ছাকৃতভাবে ভুল হৈ যায়। ক্ষমা কৰাত যেনেকৈ মহত্ব আছে তেনেকৈ ক্ষমা বিচৰি লোৱাতো উদাৰতা থাকে...

বিশেষ প্ৰতিবেদন