/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/5d617665-d491-470e-bc8f-cc8cd97ae499/Bekhekh_Pratibedon.jpg)
সন্মুখত নিৰ্বাচনঃ পৃথক নাগালেণ্ডক লৈ কি হ'ব কেন্দ্ৰৰ স্থিতি...
সন্মুখত নাগালেণ্ড বিধানসভাৰ নিৰ্বাচন। বিৰোধীহীন যদিও বিদ্ৰোহী সংগঠন এন এছ চি এনে উত্থাপন কৰা অমীমাংসিত ৰাজনৈতিক সমস্যা সমাধান আৰু ইষ্টাৰ্ণ নাগালেণ্ডবাসীৰ পৃথক নাগালেণ্ডৰ দাবী বিষয় দুটাই সৃষ্টি কৰিছে জটিলতা। ক্ষমতা দখলৰ বাবে কেন্দ্ৰৰ বিজেপি চৰকাৰে পৃথক নাগালেণ্ডৰ দাবী কিদৰে ল'ব? সেই সন্দৰ্ভতে অসমীয়া প্ৰতিদিন ডিজিটেলৰ মণ্টুচ্ কোঁৱৰৰ এক বিশেষ প্ৰতিবেদন।
২০২৩ চনৰ ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে অনুষ্ঠিত হ'ব চতুৰ্দশ নাগালেণ্ড বিধানসভাৰ নিৰ্বাচন। উত্তৰ পূবৰ তিনিখন ৰাজ্য ক্ৰমে মেঘালয়, ত্ৰিপুৰা আৰু নাগালেণ্ডত একেলগে অনুষ্ঠিত হ'বলগা এই বিধানসভা নিৰ্বাচনৰ বাবে শাসনাধিস্থ বিজেপিয়ে ইতিমধ্যে নিৰ্বাচনী ৰণনীতি আৰু কুচকাৱাজ আৰম্ভ কৰিছে ।
বিজেপিয়ে ইতিমধ্যে তিনিখন ৰাজ্যত নিজৰ নিৰ্বাচনী কাম কাজৰ বাবে প্ৰভাৰী নিয়োগ কৰি সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ চেষ্টা চলালেও কিন্তু আগন্তুক নাগালেণ্ডৰ নিৰ্বাচনক লৈ সৃষ্টি হৈছে বহু ৰাজনৈতিক জটিলতা। সম্প্ৰতি ৬০ জনীয়া নাগালেণ্ড বিধানসভা বিৰোধীহীন যদিও বিদ্ৰোহী সংগঠন এন এছ চি এনে উত্থাপন কৰা নগা ৰাজনৈতিক সমস্যা সমাধানৰ বিষয় অমীমাংসিত হৈ থকা আৰু ইষ্টাৰ্ণ নাগালেণ্ডবাসীৰ পৃথক নাগালেণ্ডৰ দাবী বিষয় দুটাই এই জটিলতা সৃষ্টি কৰিছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/f35e881b-b2cf-4b4d-aac2-d23a741275d2/0350503c_cf41_4a17_96d1_46f40bda8d87.jpg)
ফলত নাগালেণ্ডৰ শাসনৰ বাঘজৰী পুনৰ পাঁচ বছৰৰ বাবে নিজৰ হাতত ৰাখিবলৈ বিজেপি আৰু এন ডি পি পিৰ ইউনাইটেট ডেমক্ৰেটিক এয়ালেন্সৰ মিত্ৰজোঁটৰ বাবে ইমান সহজ হৈ থকা নাই । বিগত ত্ৰয়োদশ নিৰ্বাচনত নাগা পিপলছ ফ্ৰণ্টে ২৬ খন আসন লাভ কৰি একক সংখ্যকগৰিষ্ঠ দল হিচাপে পৰিগণিত হলেও বিজেপিৰ ৰাজনৈতিক পাশাখেলৰ বাবে পৰৱৰ্তী সময়ত চৰকাৰৰ গঠনৰ বাবে মেজিক নাম্বাৰ আহৰণ কৰিব নোৱাৰিলে ।
ফলত নেইফিউ ৰিঅ'ৰ নেতৃত্বতৰ শাসনাধিস্থ নেচনেল ডেমক্ৰেটিক প্ৰগেচিভ পাৰ্টিয়ে বিজেপিৰ সৈতে লগলাগি চৰকাৰ গঠন কৰে । ইফালে ৭ দশক জোৰা নগা সমস্যাৰ সমাধান কৰিদিব বুলি প্ৰলোভনৰ ৰাজনীতিয়ে নিৰ্বাচনী বৈতৰণি পাৰ হৈ বিজেপিয়ে চৰকাৰৰ গঠন কৰিলেও সেয়া চূড়ান্ত মিথ্যাচাৰৰ পৰিগণিত হৈছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/cdd474e7-5d41-48f0-8757-4f95c4e24b8a/aacd7a31_fc8b_4083_8597_515d0eb5b28d.jpg)
কিনয়ো বিগত পাঁচটা বছৰ পাৰ হৈ যোৱাৰ পাছতো নগা সমস্যাৰ সমাধান এক ইঞ্চিও আগনাবাঢ়িল । বৰঞ্চ নাগালেণ্ডক দুভাগ কৰি পৃথক ফ্ৰণ্টিয়াৰ নাগালেণ্ডৰ গঠনৰ দাবীয়ে বিশেষ গুৰুত্বপূৰ্ণ আৰু প্ৰাসংগিক হৈ পৰিল। উল্লেখযোগ্য যে ২০১৮ চনৰ ২৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত ৬০টা সমষ্টিৰ ভিতৰত ৩৮.৮ শতাংশ ভোটেৰে এন পি এফে ২৬, এন ডি পি পিয়ে ২৫% শতাংশ ভোটেৰে ১৮ আৰু বিজেপিয়ে ১২ শতাংশ ভোটেৰে ১২ খন, এন পি পি আৰু নিৰ্দলীয়ই ৪ আসনত জয়লাভ কৰিছিল ।
শতাংশ ভোটাৰ হিচাপে এতিয়াও নাগা পিপলছ ফ্ৰণ্টৰ গণভিত্তি সবল হৈ আছে । নেইফিউ ৰিঅ'ৱে যদি নগা চুক্তি স্বাক্ষৰ কৰোৱাত ব্যৰ্থ হয় তেনেহলে এন এছ চি এন আই এম, নাগা নেচনেল পলিটিকেল গ্ৰুপৰ হেঁচাত এন পি এফৰ পুনৰ ক্ষমতা লৈ ঘূৰি আহিলেও আচৰিত হ'ব লগা একো নাই ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/02394979-dce8-45c7-be48-7b343ae2f0c8/f551d706_f189_4e2b_a2a1_0c1886a4ed53.jpg)
ইফালে সমান্তৰাল ৰাজনৈতিক কৌশল ৰচনা কৰি নগা বিদ্ৰোহী সংগঠনৰ হেঁচা আৰু বিজেপি দলে নগা আঞ্চলিক জাতীয়তাবাদৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ প্ৰতি লক্ষ্য ৰাখি অভিজ্ঞ ৰাজনীতিক নেইফিউ ৰিঅ'ৱে ৰাতিটোৰ ভিতৰতে নাগা পিপলছ ফ্ৰণ্ট ২২ গৰাকী বিধায়কক এন ডি পি পিত যোগদান কৰাই বিধায়কৰ সংখ্যা ৪২ গৰাকীলৈ বৃদ্ধি কৰি দলটোৰ ভৱিষ্যত সুৰক্ষিত কৰি ৰাখিছে ।
তদুপৰি নাগালেণ্ডত দুটা প্ৰাসংগিক তথা স্পৰ্শকাতৰ বিষয় ক্ৰমে নগা ৰাজনৈতিক সমস্যা সমাধান আৰু ফ্ৰণ্টিয়া নাগালেণ্ড দাবীয়ে বিজেপিক এতিয়াও বেকফুটট ৰাখিছে। ইফালে নাগা পিপলছ ফ্ৰণ্ট দলত মাত্ৰ চাৰি গৰাকী অৱশিষ্ট বিধায়ক থাকিলেও ২০২৩ চনৰ নিৰ্বাচনৰ আটাইকেইটা সমষ্টিতে প্ৰতিদ্বন্দিতা আগবঢ়া বুলি ঘোষণা কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/8a6757d7-5ea3-4087-a173-2268daa497b4/1967a66d_4a2a_4510_b8be_ff20ab30b90d.jpg)
এফ পি এফৰ এই ঘোষণাই কিন্তু বিজেপি মিত্ৰজোঁট বাবে ডাঙৰ প্ৰত্যাহ্বান হোৱাৰ সম্ভাৱনা আছে কিয়নো ২৬ সমষ্টিত এতিয়াও দলটোৰ সাংগঠনিক ভেঁটি সবল । সমস্যা সমাধানৰ বাবে অপেক্ষাত ভাগৰি পৰা নগা ৰাইজে 'ন' ছলিউচন ন' ভোট ' নীতি ল'লে বিজেপিৰ মিত্ৰজোঁটে নিৰ্বাচন খেলিলেও শলঠেকত পৰাৰ পূৰ্ণ সম্ভাৱনা আছে ।
ফলত সাত পাঁচ গণি বিজেপিয়ে দুই কুল ৰক্ষা কৰি নিৰ্বাচনত অৱৰ্তীণ হোৱাৰ পৰিকল্পনা কৰিছে। এফালে এন ডি পি পিৰ লগত মিত্ৰজোঁটত থাকি আনহাতে নগা ৰাজনৈতিক সমস্যাটো সমাধান কৰি। অৱশ্যে সময়তে স্পষ্ট হ'ব বিজেপি দলৰ আচল ৰাজনৈতিক সুবিধাবাদী চৰিত্ৰৰ ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/4cb18b1d-47e0-4c6f-bf3d-a89a5af0fb8f/7ae7c9a1_4d0a_467a_a24c_950a9ce9ef21.jpg)
এফ পি এফৰ এই ঘোষণাই কিন্তু বিজেপি মিত্ৰজোঁট বাবে ডাঙৰ প্ৰত্যাহ্বান হোৱাৰ সম্ভাৱনা আছে কিয়নো ২৬ সমষ্টিত এতিয়াও দলটোৰ সাংগঠনিক ভেঁটি সবল । সমস্যা সমাধানৰ বাবে অপেক্ষাত ভাগৰি পৰা নগা ৰাইজে 'ন' ছলিউচন ন' ভোট ' নীতি ল'লে বিজেপিৰ মিত্ৰজোঁটে নিৰ্বাচন খেলিলেও শলঠেকত পৰাৰ পূৰ্ণ সম্ভাৱনা আছে ।
ফলত সাত পাঁচ গণি বিজেপিয়ে দুই কুল ৰক্ষা কৰি নিৰ্বাচনত অৱৰ্তীণ হোৱাৰ পৰিকল্পনা কৰিছে। এফালে এন ডি পি পিৰ লগত মিত্ৰজোঁটত থাকি আনহাতে নগা ৰাজনৈতিক সমস্যাটো সমাধান কৰি। অৱশ্যে সময়তে স্পষ্ট হ'ব বিজেপি দলৰ আচল ৰাজনৈতিক সুবিধাবাদী চৰিত্ৰৰ ।
ইফালে নাগালেণ্ডত তাহানিৰ ড০ এছ চি জমিৰৰ সেই কংগ্ৰেছ দলৰ সাংগঠনিক ভেঁটি নাই গতিকে, আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়ালে আশানুৰূপ ফলাফল পোৱা সম্ভাৱনা নাই। বিজেপিয়ে নগা সমস্যা সমাধান আৰু ফ্ৰণ্টিয়াৰ নাগালেণ্ডৰ দাবী বিষয় দুটা হাইজেক কৰি এককভাৱে নিৰ্বাচন খেলাৰ গোপন এজেণ্ডা তৈয়াৰ কৰিছে ।
সেয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ইষ্টাৰ্ণ নাগালেণ্ডবাসীৰ পৃথক ফ্ৰণ্টিয়াৰ দাবী গুৰুত্ব সহকাৰে লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ক চৰজমিন তদন্ত আৰু বাস্তৱিকতা অধ্যয়ন কৰি প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে । আনহাতে এন এছ চি এনৰ সৈতে চূড়ান্ত চুক্তি স্বাক্ষৰ বাবে অন্তিম পৰ্যায়ত উপনিত হ'বৰ বাবে চেষ্টা চলাই আছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/659f14c4-c76c-4b4a-93cc-495b5f299f99/91b3cdc0_5cd4_4e27_95f4_919c749cee1b.jpg)
যদি কেন্দ্ৰই নগাসকলৰ দুটা সমস্যা নিৰ্বাচনৰ পূৰ্বে সমাধান কৰে তেনেহলে নাগালেণ্ড বিজেপিয়ে একক দল হিচাপে চৰকাৰ গঠন কৰা পথ প্ৰশস্ত হ'ব । অন্যথা নাগালেণ্ডত বিজেপিয়ে ভেঁটি সুদৃঢ় কৰিবলৈ সক্ষম নহ'ব।
ইয়াৰে সুযোগ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ'ৱে এন ডি পি পি দলে নাগা পিপলছ ফ্ৰণ্টৰ ২২গৰাকীৰ বিধায়কক নিজৰ দললৈ আনি ২০২৩ চনত নিৰ্বাচনত জয়ী হৈ পুনৰ নগা জাতীয়তাবাদৰ চৰকাৰৰ গঠন কৰিবলৈ গোপন এজেণ্ডা সাজু কৰি তুলিছে ।এতিয়া প্ৰশ্ন হৈছে বিদ্ৰোহী সংগঠন এন এছ চি এন আই এমে গঢ়ি তোলা নগা জাতীয়তাবাদৰ ৰাজনৈতিক বেহু ভেদ কৰিবলৈ বিজেপি দল সক্ষম হ'বনে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/ef98ec75-7dd0-4ad8-8e88-7fec692ba27e/3f658556_66d7_4f87_810c_226f5219b7e7.jpg)
নে পুনৰ কেন্দ্ৰীয় চৰকাৰৰ নগা সমস্যা সমাধান আৰু পৃথক ফ্ৰণ্টিয়াৰ গঠনৰ টোপ গিলি বিজেপিৰ হাতোৰাৰ সোমাই পৰিব সেয়া নাগালেণ্ডবাসীৰ বাবে লাখ টকীয়া প্ৰশ্ন হৈ পৰিছে। অৱশ্যে নতুন বছৰতহে স্পষ্ট হ'ব নাগালেণ্ডৰ সকলো ৰাজনৈতিক দৃশ্যপট।
ক্লিক কৰি পঢ়কঃ মধ্য প্ৰদেশৰ পৰা অস্ত্ৰ-শস্ত্ৰসহ সোণ কিনিবলৈ আহি ৰাজহুৱা প্ৰহাৰত আহত ৩