মধ্য প্ৰদেশৰ পৰা অস্ত্ৰ-শস্ত্ৰসহ সোণ কিনিবলৈ আহি ৰাজহুৱা প্ৰহাৰত আহত ৩

মধ্য প্ৰদেশৰ পৰা অস্ত্ৰ-শস্ত্ৰসহ সোণ কিনিবলৈ আহি ৰাজহুৱা প্ৰহাৰত আহত ৩
মধ্য প্ৰদেশৰ পৰা অস্ত্ৰ-শস্ত্ৰসহ সোণ কিনিবলৈ আহি ৰাজহুৱা প্ৰহাৰত আহত ৩

ডিজিটেল সংবাদ নগাঁও: নগাঁৱত চাঞ্চল্যকৰ ঘটনা ৷ মধ্য প্ৰদেশৰ পৰা অস্ত্ৰ শস্ত্ৰসহ সোণ ক্ৰয় কৰিবলৈ আহি ৰাজহুৱা প্ৰহাৰৰ সন্মূখীন হ’ল তিনি ব্যক্তি ৷ নকল সোণৰ ব্যৱসায়ীৰ প্ৰবঞ্চনাৰ কবলত পৰি মধ্য প্ৰদেশৰ পৰা বিয়লি নগাঁৱত উপস্হিত হোৱাৰ তিনিজনীয়া দলটো সোণ ক্ৰয় কৰিবলৈ আহি ৰাজহুৱা প্ৰহাৰৰ সন্মূখীন হোৱাৰ পিছত তিনিও এতিয়া চিকিৎসালয়ত ৷

জানিব পৰা মতে এই ব্যক্তি তিনিজনৰ নাম হৈছে অবিনাশ ৰাজপুত, নিখিল সিং আৰু শিৱম মিশ্ৰ ৷ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন তিনিওজনকে চি আৰ পি এফে হেৰাপট্টিৰ পৰা উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে ৷

এই ব্যক্তি কেইজনৰ জিম্মাৰ পৰা আৰক্ষীয়ে গুলী ভৰ্তি দুটি পিস্তলো উদ্ধাৰ কৰিছে ৷ এক সুত্ৰ মতে ৫ লাখ টকা নগদ ধন লৈ তিনিজনীয়া দলটো হেৰাপট্টিত সোণ কিনিবলৈ উপস্হিত হৈছিল ৷

উল্লেখ্য যে, হয়বৰগাঁও টাউন আৰক্ষী চকীৰ এলেকা কাতিমাৰী, হেৰাপট্টি এলেকা অপৰাধৰ ৰম্য ভূমি হৈ পৰিছে ৷ নকল সোণৰ ব্যৱসায়ৰ ঘাটিলৈ পৰিণত হৈ পৰিছে ৷ নকল সোণৰ ব্যৱসায়ীয়ে বিভিন্ন লোকক প্ৰলোভিত কৰি জালত পেলাই আহিছে ৷

জানিব পৰা মতে মধ্য প্ৰদেশৰ অবিনাশ, নিখিল আৰু শিৱম হেৰাপট্টিত অসাধু নকল সোণৰ ব্যৱসায়ীৰে মিলিত হোৱাৰ পিছতে স্হানীয় লোকে ডকাইতৰ সন্দেহত দলটোক আক্ৰমণ কৰে ৷ এই আক্ৰমণত গুৰুতৰ ভাবে আহত হয় তিনিওজন লোক ৷ ঘটনাৰ সন্দৰ্ভত চি আৰ পি এফে তদন্তৰ খাতিৰত মূখ খুলিব বিচৰা নাই ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in