অৰুণাচল, ভূটানকে ধৰি কেওফালে বৃহৎ নদীবান্ধঃ কিমান দিনলৈ সুৰক্ষিত অসম ?

অৰুণাচল, ভূটানকে ধৰি কেওফালে বৃহৎ নদীবান্ধঃ কিমান দিনলৈ সুৰক্ষিত অসম ?
অৰুণাচল, ভূটানকে ধৰি কেওফালে বৃহৎ নদীবান্ধঃ কিমান দিনলৈ সুৰক্ষিত অসম ?

দেৱ ভূমি উত্তৰাখণ্ডৰ যোশী মঠ ডুবিবলৈ ধৰিছে। বৃহৎ নদী বান্ধ. টানেল নিৰ্মাণৰ বাবেই যোশী মঠ এইদৰে ডুবিবলৈ ধৰা বুলি বিশেষজ্ঞই দাবী কৰিছে। অসমৰ চৌপাশে নিৰ্মাণ কৰি থকা হৈছে এনে বহু নদীবান্ধ। সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পক বাদ দিও ভূটানে অসমৰ গাতে লগাই নিৰ্মাণ কৰিছে প্ৰায় ৩০ টা নদীবান্ধ। এনে পৰিস্থিতিত কি হ'ব অসমৰ ভৱিষ্যত? এই সন্দৰ্ভতে তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন।

দেৱভূমিৰ দৰেই একেই দশা হ'ব নেকি অসমৰ ! হয়তো দেৱভূমিতকৈও ভয়ংকৰ পৰিণাম হ'ব পাৰে অসমৰ লগত। কোন সময়ত চৌদিশৰ পৰা অহা জল বোমাই অসমক নিঃশেষ কৰি পেলাই তাৰ কোনো নিশ্চয়তা নাই।

গেৰুকামুখত এন এইছ পি চিয়ে নিৰ্মাণ প্ৰায় সম্পূৰ্ণ কৰা নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পই উজনি অসমক ধ্বংস কৰিব বুলি ইতিমধ্যে একাংশ বিশেষজ্ঞই দাবী কৰিছে। তাৰ পিছতো নিৰ্মাণ অব্যাহত ৰখা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই ইতিমধ্যে বাৰিষা কি ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে তাৰ উদাহৰণ দাঙি ধৰিছে।

বান আৰু ভূমিস্খলনে পলকতে খহাই নিছে এই বৃহৎ বান্ধৰ গাৰ্ড ৱাল। খহনীয়াই বন্ধ কৰিদিছে টানেল। যদি বিশেষজ্ঞই দাবী কৰা মতেই মাত্ৰ এটা বান্ধেই উত্তৰ অসমক ধ্বংস কৰিব পাৰে তেনে ভাবি চাওক অৰ্ধশতাধিক বান্ধে কি পৰিৱেশৰ সূচনা কৰিব পাৰে?

অধিক পৰিমাণে জলবিদ্যু উৎপাদনৰ লোভৰ বাবে উত্তৰাখণ্ডত বিগত সময়ত কেৱল কেন্দ্ৰীয় চৰকাৰৰ পৃষ্ঠপোষকতাত চলিল খনন। উত্তৰাখণ্ডত হাইড্ৰপ্ৰজেক্টৰ দ্বাৰা জল বিদ্যুৎ উৎপাদন কৰিবলৈ এন টি পি চিক দায়িত্ব দিয়া হৈছিল।

এই এন টি পি চিয়েই উত্তৰাখণ্ডৰ পাহাৰত যি খনন কৰিলে সেই খননৰ বাবেই আজি ডুবিবলৈ আৰম্ভ কৰিছে হিন্দু ধৰ্মৰ পবিত্ৰ ধাম যোশী মঠ। কেৱল নদী বান্ধেই নহয়, পাহাৰ খনন কৰি নিৰ্মাণ কৰা টানেলৰ বাবেও আজি এই দশা যোশী মঠৰ।

একেই দশা হ'ব পাৰে অসমৰ ! গেৰুকামুখৰ বৃহৎ নদীবান্ধৰ উপৰিও অৰুণাচলত আৰু ২৮ টা সৰু, বৰ নদীবান্ধৰ পৰিকল্পনা কেন্দ্ৰীয় চৰকাৰৰ। কাৰ্বি আংলং, ডিমা হাছাওত আছেই। কাৰ্বি লাংপি জল বিদ্যুৎ কেন্দ্ৰ আৰু কপিলী জল বিদ্যুৎ প্ৰকল্পই ইতিমধ্যে মধ্য অসমত কিদৰে ধ্বংসলীলা চলালে সেয়া সকলোৱে দেখিলে।

অসমৰ গাতে লাগি আছে চুবুৰীয়া পাহাৰীয়া দেশ ভূটান। এই ভূটানৰ পৰা অসমলৈ নামি আহিছে কেইবাখনো খৰস্ৰোতা নৈ। এই নৈ কেইখনৰ ওপৰত ভূটানে নিৰ্মাণ কৰিছে কেইবাটাও বৃহৎ নদীবান্ধ।

ভাৰতৰ অৰ্থ সাহায্যত নিৰ্মাণ কৰি থকা এই বান্ধসমূহে যে, আগন্তক সময়ত অসমলৈ ধ্বংস মাতি আনিব সেয়া নিশ্চিত। ভূটানৰ নদী বান্ধৰ কথা ক’লেই সকলোৰে মুখে মুখে উচ্চাৰিত হয় কুৰিশ্বু বান্ধৰ প্ৰসংগ।

মাত্ৰ ৬০ মেগাৱট শক্তি উৎপাদন কৰিবলৈ সক্ষম এই কুৰিশ্বু বান্ধে নামনি অসমত বিগত সময়ত কিদৰে তাণ্ডৱ সৃষ্টি কৰিছে সেই দৃশ্য নামনি অসমৰ প্ৰতিজন লোকৰ চকুৰ আগত আজিও ভাঁহি আছে।

৬০ মেগাৱট শক্তি উৎপাদনৰ সক্ষম মাত্ৰ এটা নদী বান্ধ কুৰিশ্বুৱেই যদি নামনি অসমক ধ্বংস কৰিব পাৰে তেন্তে ভাবি চাওকচোন ৩০ হেজাৰ মেগাৱট সম্পন্ন প্ৰায় ৩০ টা নদী বান্ধে কি গতি কৰিব পাৰে?

অতি গুৰুত্বপূৰ্ণ কথাটো হ'ল ভূটানত নিৰ্মাণ কৰি থকা এই বান্ধ সমূহৰ পৰা অসমৰ কিদৰে ক্ষতি হ'ব, অসমক কিদৰে সুৰক্ষিত কৰিব পাৰিব তাৰ তাৰো কোনো অধ্যয়ন আজি পৰ্যন্ত হোৱা নাই। মাত্ৰ এটা ৰাতিৰ ভিতৰতে অসমক শেষ কৰি দিব পাৰে নতুনকৈ নিৰ্মাণ কৰি থকা এই নদী বান্ধ কেইটাই।

যুদ্ধকালীন ক্ষীপ্ৰতাৰে অসমৰ সীমান্ততেই ভূটানে নিৰ্মাণ কৰি থকা এই বান্ধ কেইটাৰ পৰা চলিত বৰ্ষতে উৎপাদন আৰম্ভ কৰাৰ কথা। ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ কৰি খোলাংশ্বু নদী বান্ধৰ পৰা বিদ্যুৎ উৎপাদন আৰম্ভ কৰিবলৈ ভূটান প্ৰায় সাজু হৈছে।

তাৎপৰ্যপূৰ্ণ কথা এয়ে যে, ৬০০ মেগাৱাট বিদ্যুৎ শক্তি উৎপাদনক্ষম খোলাংশ্বু বান্ধৰ নিৰ্মাণৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৃষ্ঠপোষকতাতে ভাৰত চৰকাৰে আৰ্থিক সাহাৰ্য আগবঢ়াইছিল৷ এই জলবিদ্যুৎ প্ৰকল্পৰ বাবে হিমাচল প্ৰদেশৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান জে কে পি ছুটলেজ জল বিদ্যুৎ নিগমে ভূটানৰ ভূটানীজ গ্ৰীণ পাৱাৰ কৰ্পৰেছনৰ লগত এক চুক্তিত মিলিত হৈ কাম অব্যাহত ৰাখিছে৷

ইয়াৰ উপৰিও ভূটানৰ ট্ৰংচা জিলাত মাংডেশ্বু নদীৰ ওপৰত নিৰ্মাণ কৰি থকা হৈছে ৭২০ মেগাৱট সম্পন্ন এটা নদীবান্ধ। এই নদীবান্ধৰ উচ্চতা ৫৬ মিটাৰ আৰু ১৪১ মিটাৰ বহল।

এই বান্ধৰ বাবে ভাৰত চৰকাৰে আগবঢ়াইছে ৩৮০ কোটি টকা। ইয়াৰ পূৰ্বে ২০০৫ চনতেই তদানিন্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙে ভূটানত নদীবান্ধ নিৰ্মাণ কৰি বিদ্যুৎ উৎপাদনৰ বাবে ৫০ হাজাৰ কোটি টকা বিনিয়োগ কৰাৰ প্ৰতিশ্ৰুতি আগবঢ়াইছিল।

সেই প্ৰতিশ্ৰুতি অনুসৰিয়েই পৰৱৰ্তী সময়ত ভাৰত চৰকাৰে ভূটানত জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে ধন আগবঢ়াই আহিছে। বিশেষকৈ নৰেন্দ্ৰ মোডী দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিছতে ভূটানক বৃহৎ নদীবান্ধ নিৰ্মাণৰ ক্ষেত্ৰত অধিক উৎসাহিত কৰি আহিছে।

যাৰ বাবে ভূটানে মানস নদীপুঞ্জৰ অংশ হিচাপে পূৱ ভূটানৰ কেইবাখনো খৰস্ৰোতা নদীত জলবিদ্যুৎ প্ৰকল্প হাতত লয়। এন এইছ পি চিয়ে এই নদীবান্ধ নিৰ্মাণৰ কাম চলাই আছে।

২০১৪ ত ভূটান ভ্ৰমণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভূটান চৰকাৰৰ সৈতে এক দ্বি-পাক্ষিক বৈঠকত অংশগ্ৰহণ কৰি পুনৰবাৰ জলবিদ্যুৎ উৎপাদনত ভাৰত চৰকাৰে বিনিয়োগ কৰাৰ কথা ঘোষণা কৰে।

আজিৰ সময়ত অসমৰ ঠিক সীমাতে ভূটানে নিৰ্মাণ কৰি আছে মুঠ ১১ টা নদীবান্ধ। আনহাতে দিশে অৰ্থাত ভূটানৰ পূৱ প্ৰান্তত নিৰ্মাণ কৰি থকা হৈছে প্ৰায় ৩০ টা নদীবান্ধ। অসমৰ সীমাতে নিৰ্মাণ কৰি থকা এই নদীবান্ধ কেইটা- Samdrup Jongkhar, Deothang, Pema Gatsei, Gaylegphung, Shompangkha, Domphu, Chirang, Dagana, Phutsholing, Chhukha আৰু Samchi ।

অতি গুৰুত্বপূৰ্ণ কথা এয়ে যে, বৰ্তমান সময়ত বিশ্বৰ বহু আগশাৰীৰ ৰাষ্ট্ৰই নদী বান্ধবোৰ ব্যয়বহুল আৰু অসাৰ কাৰ্য বুলি পূৰ্বে নিৰ্মাণ কৰা বহু বান্ধ ধ্বংস কৰি পেলাইছে। কিন্তু ইয়াৰ বিপৰীতে ভাৰত চৰকাৰৰে আভ্যন্তৰীণ নদ, নদীৰ উপৰিও চুবুৰীয়া দেশৰ নদীত নদীবান্ধ নিৰ্মাণৰ বাবে অতি উৎসাহী হৈ পৰাটো চিন্তনীয় বিষয়।

বৃহৎ নদী বান্ধৰ মেৰামতি আৰু জনসাধাৰণৰ নিৰাপত্তাৰ কথা চিন্তা কৰিয়েই আমেৰিকাৰ দৰে ৰাষ্ট্ৰই ৭৬ টাকৈ নদীবান্ধ ভাঙি পেলাইছে। ইয়াৰ বিপৰীতে ভাৰতত আজিও সৰু-বৰ ৫ হাজাৰৰো অধিক বান্ধ আছে। এই বান্ধসমূহে সময়ে সময়ে কিদৰে তাণ্ডৱ সৃষ্টি কৰি আহিছে সেয়া সকলোৱে দেখিছে।

ভূটানত নিৰ্মাণ কৰা ৩০ টা বান্ধ, নামনি সোৱণশিৰিৰ উপৰিও অৰুণাচলত প্ৰস্তাৱিত ২৮ টা বান্ধে আগন্তুক সময়ত কি ভয়ংকৰ পৰিস্থিতিৰ সূচনা কৰিব সেয়া উপলব্ধি চৰকাৰে নকৰিলেও সচেতন জনে কৰিছে। যাৰ বাবে নদীবান্ধৰ বিৰোধিতা কৰি আহিছে।

উল্লেখ্য, সমগ্ৰ বিশ্বত নদী বান্ধ নিৰ্মাণৰ বাবে এক কোটি হেক্টৰ সেউজ ভূমি নষ্ট কৰা হৈছে। ৫ লাখ হেক্টৰ বনাঞ্চল ধ্বংস কৰা হৈছে। ৪ কোটিৰো অধিক লোকক গৃহহীন কৰি তোলা হৈছে।

যোশী মঠ লাহে লাহে ডুবিবলৈ ধৰিছে। অসম তেনেদৰে লাহে লাহে নুডুবে। অসম নিমিষতে শেষ হৈ যাব। নদীবান্ধৰ পৰা বাগৰি অহা পানীয়ে উটুৱাই নিব অসমক, অসমীয়াক। এই কথা কেন্দ্ৰই হওক, ৰাজ্যই হওক ভবা নাই। নাভাবে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in