দিশহাৰা অসম ! পৰ্বতসম স্ক'ৰৰ দিশে তামিলনাডু....

দিশহাৰা অসম ! পৰ্বতসম স্ক'ৰৰ দিশে তামিলনাডু....
দিশহাৰা অসম ! পৰ্বতসম স্ক'ৰৰ দিশে তামিলনাডু....

ডিজিটেল ডেস্কঃ তামিলনাডুৰ বিৰুদ্ধে অসম বলিং বিপৰ্যয়। ৰঞ্জি ট্ৰফীৰ গ্ৰুৰ পৰ্যায়ৰ এখন মেচত তামিলনাডুৱে প্ৰথমে বেটিং কৰি প্ৰথম দিনটোত ৯০ অভাৰত ৪ উইকেট হেৰুৱাই ৩৮৬ ৰাণ কৰিবলৈ সক্ষম হৈছে।

দলটোৰ এই বৃহৎ স্ক'ৰৰ আঁৰত আছিল তামিলনাডুৰ উইকেট কীপাৰ বেটছমেন নাৰায়ণ জগদীশানকে ধৰি মিডল অৰ্ডাৰৰ বেটছমেনসকল। নাৰায়ণে ১৫২ টা বলত ১২৫ ৰাণৰ এক শতকীয় ইনিংছ খেলিবলৈ সক্ষম হয়।

তেওঁৰ শতকীয় ইনিংছটোত আছিল ১৪ টা চাৰি। আনহাতে বাবা ইন্দ্ৰজীতে ১১৩ বলত ৭৭ ৰাণৰ এক অৰ্ধশতকীয় ইনিংছ খেলি পেভিলিয়নমুখী হয়।

দিনান্তত প্ৰদোষ ৰঞ্জন পলে ১২৭ টা বলত ৯৯ ৰাণ আৰু বিজয় শংকৰে ৯১ টা বলত ৫৩ ৰাণ কৰি অপৰাজিত হৈ আছে। মেচখনৰ প্ৰথম ইনিংছত অসমৰ আটাইকেইজন বলাৰেই বিফল হয়।

মুখতাৰ হুছেইনে ২২ অভাৰত ৭১ ৰাণ ব্যয় কৰি ১ টা উইকেট, সুনীল লাচিতে ১০ অভাৰত ৫০ ৰাণ ব্যয় কৰি ১ টা উইকেট, সিদ্ধাৰ্থ শৰ্মাই ১৯ অভাৰত ৮০ ৰাণ ব্যয় কৰি ২ টা উইকেট লাভ কৰে।

আনহাতে আকাশ সেনগুপ্তাই ১৩ অভাৰ বল কৰি ৬৫ ৰাণ, ৰিয়ান পৰাগে ১৭ অভাৰ বল কৰি ৭৮ ৰাণ, স্বৰূপম পুৰকায়স্থই ৭ অভাৰত ২৪ ৰাণ আৰু গকুল শৰ্মাই ২ অভাৰ বল কৰি ১৬ ৰাণ ব্যয় কৰে। মেচখনত অসমৰ সন্মুখত যে তামিলনাডুৱে এক বৃহৎ স্ক'ৰ থিয় কৰিব পাৰিব সেয়া প্ৰায় নিশ্চিত।  

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in