আদৰ্শ গাৱঁৰ পথত হাবি- একাঠু বোকা, নাই বিদ্যুতঃ এতিয়ালৈ এজনেও উত্তীৰ্ণ হোৱা নাই মেট্ৰিক...

আদৰ্শ গাৱঁৰ পথত হাবি- একাঠু বোকা, নাই বিদ্যুতঃ এতিয়ালৈ এজনেও উত্তীৰ্ণ হোৱা নাই মেট্ৰিক...
আদৰ্শ গাৱঁৰ পথত হাবি- একাঠু বোকা, নাই বিদ্যুতঃ এতিয়ালৈ এজনেও উত্তীৰ্ণ হোৱা নাই মেট্ৰিক...

ডিজিটেল সংবাদ নগাঁও : নামত এখন আদৰ্শ গাঁও। কিন্তু কামত আদৰ্শ গাঁৱৰ একোৱেই নাই। প্ৰায় কুৰি বছৰৰ পূৰ্ৱে চৰকাৰে স্থাপন কৰিছিল এই গাওঁ খন।

নগাঁও জিলাৰ ৰহা ৰাজহ চক্ৰৰ জাগীয়াল মৌজাৰ দক্ষিণ জাগীয়াল গাওঁ পঞ্চায়তৰ কলং আৰু হাৰিয়া নদীৰ মাজত স্হাপন কৰা গাঁওখনৰ নাম "মানুহপোৰা আদৰ্শ গাঁওখন"।

ঐতিহাসিক ফুলগুৰি ধেৱাত বৃটিছৰ গুলীত প্ৰাণাহুতি দিয়া লোকসকলক ৰাইজে কলঙৰ পাৰ কৰি হাবিয়ণিৰ মাজত যিখন বিলৰ পাৰত সৎকাৰ কৰিছিল, সেই ঠাইখনৰ নামেই মানুহপোৰা বিল আৰু তাতেই কুৰি বছৰৰ আগতে চৰকাৰে চল্লিশ ঘৰ ভূমিহীন অনুসূচীত জাতিৰ লোকক মাটি প্ৰদান কৰি আদৰ্শ গাঁও হিচাপে স্থাপন কৰিছিল। প্ৰত্যেক পৰিয়ালৰ বাবে সাজি দিছিল এটা চৰকাৰী আবাসগৃহ।

দেখুৱাইছিল বহু আঁচনি প্ৰদানৰ ৰঙীন সপোন কিন্তু আদৰ্শ গাঁৱত থাকিবলগীয়া কোনো সা-সুবিধা গাঁৱৰ বাসিন্দাসকলে কুৰিবছৰে নাপালে। যাতায়াত-যোগাযোগ, বিজুলি পোহৰৰ পৰা বঞ্চিত গাঁওবাসী। বাট-পথ বুলিবলৈ নাই।

দক্ষিণ জাগীয়াল গাওঁ পঞ্চায়তৰ দক্ষিণ পেটবঢ়াৰ ভেকুলী গৰুবাটৰ পৰা খোৰা গোসাঁইৰ থান হৈ হাৰিয়া নদীৰ পাৰলৈ যোৱা এটা কৃষি বান্ধেই গাওঁখনৰ মূল সংযোগী পথ। গাঁওখনৰ একমাত্ৰ যাতায়াতী পথটো আজিও নিৰ্মাণ নহ'ল।

বালিগাঁৱৰ কলঙৰ পাৰৰ পৰা দক্ষিণলৈ যোৱা এটা গৰুবাটেই দক্ষিণ পেটবঢ়া আৰু বৰক'লা সংযোগী পথ পাৰ হৈ গাওঁখনৰ মাজতে থকা মানুহ পোৰা প্ৰাথমিক বিদ্যালয়ৰ সন্মুখত থকা পথটোক সংযোগ কৰিছে যদিও এই পথটোত হাবিৰ লগতে কেইবাঠাইটো চিগা অংশত পানী বোকা।বাৰিষাৰ কথা বাদেই শৰালীও গাঁওখনলৈ যাবলৈ নাই সুচল পথ।

খলা-বমা পথটো ঠায় ঠায়ে খৰালিও একাঠু বোকা হৈ থাকে। গাঁওখনৰ ছাত্ৰ-ছাত্ৰীয়ে লুংলুঙীয়া পথেৰে বিদ্যালয়লৈ যাব লাগে। ৰোগীক কান্ধত নিবলগীয়া হয় চিকিৎসালয়লৈ।

তাৰোপৰি গৰ্ভৱতী মহিলাক পথৰ দুৰৱস্থাৰ বাবেই কাষৰ গাঁৱত মিতিৰৰ ঘৰত ৰাখিব লগীয়া হয়। এই কথা দুখেৰে কলে কেইবাগৰাকী মহিলাই । গাঁওখনৰ একমাত্ৰ পথটো নিৰ্মাণৰ বাবে ৰাইজে দাবী জনাই অহাৰ অন্তত ৰহা উন্নয়ন খণ্ডই দক্ষিন জাগীয়াল গাঁও পঞ্চায়তৰ জৰিয়তে পথটো নিৰ্মাণৰ বাবে চাৰে সাত লক্ষাধিক টকা আৱণ্টন দিছিল যদিও পথ নিৰ্মাণ নহ'ল। ফলত যাতায়াতত আদৰ্শ গাঁওবাসীয়ে যমৰ যাতনা ভুগিবলগীয়া হৈ আছে।

একেদৰে যোৱা সাত-আঠ বছৰৰ পৰা গাঁওখন অন্ধকাৰত ডুবি আছে। আদৰ্শ গাঁওখনত প্ৰথমে বিদ্যুৎ সংযোগ দিয়া হৈছিল যদিও দুই এজনে বিদ্যুতৰ বিল পৰিশোধ নকৰাত বিদ্যুৎ বিভাগে সাত-আঠ বছৰৰ আগতেই সমগ্ৰ গাঁওখনৰে বিদ্যুৎ কৰ্তন কৰি থৈছে আৰু আজিকোপতি বিদ্যুৎ সংযোগ নিদিলে। ফলত গাঁওখনৰ ছাত্ৰ-ছাত্ৰীয়ে চাকিৰ পোহৰতে অধ্যয়ন কৰিবলগীয়া হৈছে। গাঁওখনত এখন প্ৰাথমিক বিদ্যালয়, এটা অংগনৱাডী কেন্দ্ৰ , এটা হাইলেণ্ড স্থাপন কৰিলে যদিও চিকিৎসা কেন্দ্ৰ, বিশুদ্ধ খোৱপানী আদি অভাৱে জুৰুলা কৰিছে গাঁওবাসী।

এতিয়া গাওঁখনত আছে এক পৰিত্যক্ত ৰূপ। ইকৰা, বিৰিনাৰ মাজত ভাগিযোৱা একোটা ইন্দিৰা আৱাস যোজনাৰ ঘৰৰ অংশ। গাওঁখনৰ মাজত ৰংচঙীয়া হৈ জিলিকি আছে প্ৰাথমিক বিদ্যালয়খনৰ ঘৰটোহে।

বাট পথৰ দূৰৱস্থাৰ বাবেই ছাত্ৰ-ছাত্ৰী বিদ্যালয়লৈ নাহে । যাৰ ফলত বিদ্যালয়খনত এতিয়া ১৫ জন ছাত্ৰ-ছাত্ৰী। পিছে শিক্ষক আছে ৪ জন। এজনো হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা লোক নাই গাঁওখনত ।

মেট্ৰিক পাছ কৰা এগৰাকী বোৱাৰী আছে ৷ তেওঁৱেই গাওঁখনৰ উচ্চ শিক্ষিত ব্যক্তি । ৪ গৰাকীয়ে অৰুনোদয় আঁচনিৰ ধন পাই গাঁওখনৰ ভিতৰত । বাৰিষা বিদ্যালয়ৰ শিক্ষককে ধৰি অন্য সকলে কাপোৰ খুলি তিয়নি পিন্ধি গাওঁখনলৈ আহিব লাগে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in