চাণক্যনীতিৰে নিৰ্ণিত হ'ল সাহিত্য সভাৰ ভৱিষ্যত ! ড০ সূৰ্য হাজৰিকা পৰৱৰ্তী সভাপতি...

চাণক্যনীতিৰে নিৰ্ণিত হ'ল সাহিত্য সভাৰ ভৱিষ্যত ! ড০ সূৰ্য হাজৰিকা পৰৱৰ্তী সভাপতি...
চাণক্যনীতিৰে নিৰ্ণিত হ'ল সাহিত্য সভাৰ ভৱিষ্যত ! ড০ সূৰ্য হাজৰিকা পৰৱৰ্তী সভাপতি...

জনবল নে ধনবলৰ জোৰ ! গণতন্ত্ৰৰ নামত লোকসভা, ৰাজ্যসভা, বিধানসভা আনকি পঞ্চায়তৰ নিৰ্বাচনতো ধনবল, বাহুবলৰ জোৰেই এতিয়া ভাৰতীয় পৰম্পৰা স্বৰূপ। কিন্তু সাহিত্যসভাৰ দৰে পবিত্ৰ মঞ্চখনক এনে সংস্কৃতিয়ে গ্ৰাস কৰিবলৈ লোৱাতো জাতিৰ বাবে দুৰ্ভাগ্যজনক। অথচ বিগত কেইটামান দশকৰ দৰেই আজিও সাহিত্য সভাৰ নিৰ্বাচনী ফলাফলে এনে এখন ছবিয়েই যেন সকলোকে দেখুৱালে। ৰাইজৰ আশা আছিল য়েছে দৰজে ঠংছি সভাপতি হ'ব ! পাহাৰ, ভৈয়মাৰ সম্প্ৰীতিৰ সাঁকোডাল গজজীয়া হ'ব। কিন্তু ব্যক্তিত্ব, সততা বা মূল্যবোধ নিৰ্বাচনত নাখাটে। ড০ সূৰ্য হাজৰিকাৰ নিৰ্বাচনক লৈ সেই বাবেই চাগৈ বহুতেই তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এই সন্দৰ্ভতে অসমীয়া প্ৰতিদিন ডিজিটেলৰ এই বিশেষ প্ৰতিবেদন।

নিৰ্বাচন হয়তো এনেকুৱাই ! লোকসভা, বিধানসভাৰ নিৰ্বাচনেই হওক, কিম্বা সাহিত্য সভাৰ নিৰ্বাচনেই হওক। প্ৰায়ে ৰাইজে ভবা অথবা আশা কৰাতকৈ বেলেগ হয় এই নিৰ্বাচন বোৰৰ ফলাফল। অথচ গণতান্ত্ৰিক ব্যৱস্থাৰ ওপৰত আস্থা, বিশ্বাস ৰখা সকলোৱেই ক'বলগীয়া হয়- এই জনাদেশক আমি শ্ৰদ্ধাৰে মানি লৈছো।

অসম সাহিত্য সভাৰ নিৰ্বাচনক লৈ বিগত প্ৰায় ৬ মাহে চলি থকা বিভিন্ন জল্পনা-কল্পনা, আলোচনাৰ অন্ত পেলাই আজি হোৱা ভোটগণনাৰ ফলাফলতো দেখা গ'ল ইয়াৰ প্ৰতিফলন। অসমৰ বৃহৎ সংখ্যক ৰাইজে যদিও চুবুৰীয়া ৰাজ্য অৰুণাচলৰ প্ৰখ্যাত সাহিত্যিক তথা অসমীয়া ভাষা, সাহিত্যৰ ভঁৰাললৈ বিশেষ বৰঙণি থকা সৰল ব্যক্তিত্বৰ য়েছে দৰজে ঠংছিক অসম সাহিত্য সভাৰ পৰৱৰ্তী সময়ৰ সভাপতি হিচাপে মনে প্ৰাণে আশা কৰিছিল, বাস্তৱত সেয়া হৈ নুঠিল।

বিগত প্ৰায় দুই দশকত সাহিত্য সভাকলৈ, সাহিত্য সভাৰ সভাপতি, সম্পাদকৰ কাৰ্যক্ৰমণিকাক লৈ বিভিন্ন বিতৰ্ক চলি থকাৰ লগতে এইবাৰ ৰাইজে ভাবিছিল য়েছে দৰজে ঠংছিৰ দৰে ব্যক্তিৰ আগমণে জাতীয় মঞ্চখনৰ খয়িষ্ণু ভাৱমূৰ্তি পুনৰ ঘূৰাই আনিব। বৃহৎ সংখ্যক লোকে অহা ৩১ জানুৱাৰীৰ পৰা নাৰায়ণপুৰত অনুষ্ঠিত হ'বলগীয়া অসম সাহিত্য সভাৰ অধিৱেশনৰ বিশাল সমদলত সভাপতি ৰূপে য়ছে দৰজে ঠংছিয়ে হাতজোৰ কৰি আগবাঢ়ি যোৱাৰ ছবিখনো হৃদয়ত স্থাপন কৰি লৈছিল।

কিন্তু ৫ কোটি টকীয়া বাজেটৰ এই অধিৱেশনত সভাপতিৰ অভিভাষণ দিয়াৰ বাবে সাহিত্যসভাৰ নিৰ্বাচনে বাঁচনি কৰিলে ড০ সূৰ্য হাজৰিকাক। নিসন্দেহে অসমৰ সংবাদ, সাহিত্য ক্ষেত্ৰৰ লগতে সাংস্কৃতিক ক্ষেত্ৰলৈও সূৰ্য হাজৰিকাৰ বৰঙণি লেখত ল'বলগীয়া। কিন্তু ব্যক্তিত্বৰ তুলাচনীয়ে ঠংছি আৰু হাজৰিকাক সমান্তৰাল ভাৱে নিসন্দেহে ৰাখিব নোৱাৰে।

শতাধিক ভোটৰ ব্যৱধানত য়ছে দৰজে ঠংছি ড০ সূৰ্য হাজৰিকাৰ হাতত পৰাজিত হ'লেও তেওঁ লাভ কৰা বৃহৎ সংখ্যক ভোটে এই আভাসো দিছে যে, অসমৰ ৰাইজৰ এক বৃহৎ অংশই সঁচাকৈয়ে এইগৰাকী প্ৰখ্যাত সাহিত্যিকক আন্তৰিকতাৰে অসম সাহিত্যসভাৰ পৰৱৰ্তী সভাপতি হিচাপে বিচাৰিছিল। সেই বাবেই গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি সন্মান জনোৱা সকলোৱে নিৰ্বাচনী ফলাফলক সন্মান জনাই এই কথা মানি ল'লেও বিভিন্ন লোকৰ মাজত নিৰ্বাচনৰ স্বচ্ছতাক লৈ বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে।

কোনো কোনোৱে এই বুলিও কৈছে, ৫ কোটি টকীয়া অধিৱেশনৰ ৰথত উঠিবলৈ কোটি টকীয়া সভাপতি হ'বই লাগিব। স্বাভাৱিকতেই বহুতেই হয়তো ক'ব এয়া অগণতান্ত্ৰিক মন্তব্য অথবা চিন্তা। কিন্তু গণতান্ত্ৰিক নিৰ্বাচনত ধনবল বাহুবলৰ অনুপ্ৰৱেশ যিদৰে বিধানসভা, লোকসভাৰ নিৰ্বাচনত ঘটিছে, সংখ্যা গৰিষ্ঠতা লাভ কৰাৰ পিছতো যি সময়ত শাসনৰ বাঘজৰি ল'বলগা দলটো নিজ দলৰে সদস্য বিক্ৰী যোৱাৰ আশংকাত থকা অথবা প্ৰতিপত্তিশালীয়ে কিনি লোৱাৰ দৰে দুৰ্ভাগ্যজনক ঘটনা পৰম্পৰাত পৰিণত হৈছে সেই সময়ত গণতান্ত্ৰিক প্ৰমূল্যৰ এনে ব্যাখ্যা অৰ্থহীন।

পিছে ইয়াতকৈ দুৰ্ভাগ্যজনক কথাটো হ'ল, লাহে লাহে সাহিত্য সভাৰ মঞ্চও গণতান্ত্ৰিকতা, সততা আৰু স্বচ্ছতাৰ পৰা বিচলিত হৈছে। যাৰ বাবেই হয়তো ড০ সূৰ্য হাজৰিকাই য়ছে দৰজে ঠংছিতকৈ শতাধিক ভোট লাভ কৰি জয়ী হোৱাৰ পিছতো বিষয়টো সকলোৱে সহজে মানি ল'ব পৰা নাই।

উল্লেখযোগ্য যে, এইবাৰৰ নিৰ্বাচনত সভাপতিৰ বাবে প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থী আছিল ৬ জন। তেওঁলোক হ'ল ক্ৰমে য়েছে দৰজে ঠংছি, ড০ সূৰ্য হাজৰিকা, নাহেন্দ্ৰ মাডুন, প্ৰহ্লাদ তাছা, জগদীশ পাটগিৰী আৰু ৰোমান শৰ্মা।

আজি হোৱা ভোট গণনাত ড০ সূৰ্য হাজৰিকাই ভোট লাভ কৰে ৩৩৫ টা। ইয়াৰ বিপৰীতে য়েছে দৰজে ঠংছিয়ে লাভ কৰা ভোটৰ সংখ্যা হ'ল ২৫১ টা। আনহাতে পূৰ্বৰে পৰা বহুতে আশংকা কৰা মতে হঠাৎ সভাপতি পদৰ প্ৰাৰ্থী হিচাপে থিয় দিয়া শিৱসাগৰৰ ড০ নাহেন্দ্ৰ পাডুনে লাভ ঠংছিৰ সাম্ভাব্য ভোটৰ শিবিৰত খহনীয়া সৃষ্টি কৰি ৫৮ টা ভোট লাভ কৰিবলৈ সক্ষম হয়।

আনহাতে প্ৰহ্লাদ তাছাই ৫০ টা, পূৰ্বৰ প্ৰধান সম্পাদক ড০ জগদীশ পাটগিৰীয়ে ৩৭ টা ভোট আৰু ৰোমান শৰ্মাই মাত্ৰ ১ টা ভোট লাভ কৰে। এই ফলাফলক কৈ কিছু দিনলৈ সৰৱ আলোচনা হোৱাৰ বাহিৰে অসম সাহিত্য সভাৰ হৃত ভাৱমূৰ্তী ঘূৰাই অনাৰ বাবে কোনে, কিমান দিনলৈ প্ৰচেষ্টা অব্যাহত ৰাখিব সেয়া সন্দেহৰ বিষয়।

আজিৰ ভোটগণনাত প্ৰধান সম্পাদক ৰূপে নিৰ্বাচিত হোৱা উপেন্দ্ৰজিৎ শৰ্মাই ২৫৫ টা ভোট লাভ কৰে। তেওঁৰ বিপৰীতে ১০৭ টা ভোট লাভ কৰি দেৱজিৎ বৰা দ্বিতীয় স্থানত আৰু ৯৫ টা ভোটেৰে ৰমানন্দ বৰা তৃতীয় স্থানত থাকে। বহু বিতৰ্কত সাঙোৰ খোৱা বৰ্তমানৰ প্ৰধান সম্পাদক যাদৱ শৰ্মা পুনৰ প্ৰধান সম্পাদক পদত প্ৰতিদ্বন্দিতাত নামি মাত্ৰ ৭৫ টা ভোট লাভ কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে অনুপ বৰঠাকুৰে লাভ কৰে ৬৮ টা ভোট।

ইফালে উপ-সভাপতি হিচাপে নিৰ্বাচিত হৈছে গিৰিশ সন্দিকৈ। তেওঁ লাভ কৰা ভোটৰ সংখ্যা হ'ল ২৮৪ টা। দ্বিতীয় স্থানত থকা ধীৰেণ শৰ্মাই লাভ কৰা ভোটৰ সংখ্যা ১৩৩ টা। ইয়াৰ বিপৰীতে বসন্ত শৰ্মা, পবিত্ৰ বৰবৰা আৰু গণেশ নাথে লাভ কৰে ক্ৰমে ৫৮, ৪৪ আৰু ৩০ টা ভোট।

এইসকলক লৈয়ে এতিয়া ৩১ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশন। ২ দশক পাৰ হৈ যোৱাৰ পিছতো ধেমাজিত অনুষ্ঠিত হোৱা অধিৱেশনৰ হিচাপ দিব নোৱাৰা ড০ অমিয় ভূঞা এই অধিৱেশনৰো অভ্যৰ্থনা সমিতিৰ সভাপতি। লগতে তেওঁ বিহপুৰীয়াৰ বিধায়কো।

সেয়ে ৫ কোটি টকাৰ বাজেট হোৱাটোৱেই স্বাভাৱিক। এই বাজেটৰ যোৰা মাৰিবলৈ ইতিমধ্যে নাৰায়ণপুৰ এলেকাৰ সকলোবোৰ চৰকাৰী বিষয়া, কৰ্মচাৰীৰ দৰমহাৰ কৰ্তনৰ ব্যৱস্থাও কৰা হৈছে। মুঠৰ ওপৰত সাহিত্য সভাৰ স্থায়ী কৰ্মচাৰীয়ে প্ৰাপ্য দৰমহা বিচাৰি আন্দোলন চলাই থকাৰ মাজতে অনুষ্ঠিত হোৱা কোটি টকীয়া নিৰ্বাচন, কেইবা কোটিৰ অধিৱেশন আৰু শাসকীয় বিধায়কৰ ৰঙা চকুৰ ওচৰত সেৱ লোৱা চৰকাৰী কৰ্মচাৰীৰ ধনেৰে যাক জমকিয়া হৈ উঠিব নাৰায়ণপুৰৰ অধিৱেশন।

ৰমক-জমক এই পোহৰৰ মেলাত ঢাক খাই যাব সাহিত্য সভাৰ নিৰ্বাচনক লৈ হোৱা অন্তৰমহলৰ বহু কথা অথবা দৰমহা বিচাৰি প্ৰতিবাদত নমা কৰ্মচাৰীৰ চকুপানী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in