নতুন দেহৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ দ্বিতীয় বাৰ্ষিক অধিবেশন সম্পন্ন

নতুন দেহৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ দ্বিতীয় বাৰ্ষিক অধিবেশন সম্পন্ন

author-image
Asomiya Pratidin
New Update
 নতুন দেহৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ দ্বিতীয় বাৰ্ষিক অধিবেশন সম্পন্ন

নতুন দেহৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ দ্বিতীয় বাৰ্ষিক অধিবেশন সম্পন্ন

ডিজিটেল সংবাদ নলবাৰীঃ ''বৰ্তমান সময়ৰ সমাজ জীৱনত চলি থকা বিভিন্ন অপ্ৰীতিকৰ ঘটনাৱলীৰ পৰিপ্ৰেক্ষিতত জ্যেষ্ঠ নাগৰিকসকল সমাজৰ উন্নয়নৰ বাবে দায়বদ্ধ।"- আজি নলবাৰী জিলাৰ নতুন দেহৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ দ্বিতীয় বাৰ্ষিক অধিবেশন উপলক্ষে অনুষ্ঠিত মুকলি সভাত বিশিষ্ট অতিথি হিচাপে বক্তব্য ৰাখি অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ নৱ নিৰ্বাচিত প্ৰধান সম্পাদক প্ৰসন্ন কুমাৰ বৰঠাকুৰে এনেদৰে কয়।

Advertisment

নতুন দেহৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি অৱসৰী কৃতি শিক্ষক জ্যোতিষ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সভাত ভাসন প্ৰসংগত বক্তা বৰঠাকুৰে নতুন প্ৰজন্মৰ বাবে আদৰ্শ মানুহৰ সমাজ গঢ়নৰ বাবে প্ৰতিগৰাকী জেষ্ঠ নাগৰিকে নতুন প্ৰজন্মক আদৰ্শৰ পথ দেখুৱাব পাৰিলেহে সমাজ মধুৰ হ'ব বুলি মন্তব্য কৰে।

জিলা সম্পাদক প্ৰিয় নাথ বৰ্মনে উদ্দেশ্য ব্যাখ্যা কৰা সভাত জ্যেষ্ঠ নাগৰিক অৰুন কুমাৰ বসুমতাৰীয়ে সম্পাদনা কৰা "আবেলিৰ ৰং "'শীৰ্ষক জ্যেষ্ঠ সকলৰ জীৱন পঞ্জীৰ গ্ৰন্হখন উদ্বোধন কৰি বিশিষ্ঠ সাহিত্যিক জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ প্ৰমোদ হালৈয়ে জ্যেষ্ঠ নাগৰিকৰ আদৰ্শ সম্বলিত একোখন গ্ৰন্থই জীৱনাদৰ্শ অনুসৰণ আৰু অনুকৰনে মহান জীৱন গঢ় দিব পাৰে বুলি মন্তব্য কৰে।

দিনযোৰা কাৰ্যসূচীৰে পালন কৰা অধিবেশনৰ মুকলি সভাতেই ১৪খন গাঁৱৰ যৌথ অনুষ্ঠান নতুন দেহৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ বিভিন্ন গাঁৱৰ বিভিন্ন ক্ষেত্ৰৰ গায়ক উপেন দাস, নাগাৰা শিল্পী নবীন বৰ্মন, সমাজ সেৱক বিচিত্ৰ ৰাজবংশী, লেখক খৰ্গেশ্বৰ বৰ্মন, সমাজ সেৱক চান্দ মহম্মদ আলি, কৃতি শিক্ষক তিলক চন্দ্ৰ ডেকা আৰু সমাজ সেৱিকা সৰোজনী তালুকদাৰক ফুলাম গামোচা,ফুলৰ টোপা আৰু মানপত্ৰেৰে সম্বৰ্দ্ধনা জনোৱা হয়।

ৰাতিপুৱা ৮ বজাত নতুন দেহৰ বহুমুখী সভাগৃহৰ প্ৰাগংনত সন্মিলনৰ পতাকা উত্তোলন কৰে নতুন দেহৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি জ্যোতিষ চন্দ্ৰ বেকাৰ। স্মৃতি তৰ্পণ কৰে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি কেশব চন্দ্ৰ ডেকাই। মাল্যাৰ্পন কৰে সমাজসেৱী ফটিক কুমাৰ ডেকাই।

দিনৰ ১১ বজাত জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ নিৰ্বাচিত পৰ্যবেক্ষক অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ নব নিৰ্বাচিত প্ৰচাৰ আৰু জনসম্পৰ্ক সম্পাদক ৰমনী বৰ্মন আৰু জ্যেষ্ঠ নাগৰিক অৱসৰী কৃতি শিক্ষক উত্তম ভাগৱতীৰ সঞ্চালনাত অনুষ্ঠিত প্ৰতিনিধি সভাত সৰ্বেশ্বৰ বৰ্মনক সভাপতি আৰু পূৰ্বৰ সম্পাদক প্ৰিয় নাথ বৰ্মনক সম্পাদক হিচাপে লৈ এখন ২৫ জনীয়া নতুন শাখা কমিটি প্ৰতিনিধি সকলে নিৰ্বাচন কৰে।

নতুন দেহৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কামিনী ঠাকুৰীয়াই উদ্বোধন কৰা প্ৰতিনিধি সভাত সন্মানীয় অতিথি হিচাপে বক্তব্য ৰাখি নলবাৰী জিলা অ' বি চি উন্নয়ন ব'ৰ্ডৰ সভাপতি হৰিদাস ৰাজবংশীয়ে জ্যেষ্ঠসকলৰ অভিজ্ঞতা সম্পন্ন আদৰ্শৰে সমাজ ধাবিত হ'লে সমাজ জীৱন উপকৃত হ'ব।

ক্লিক কৰি পঢ়কঃ ৫ দিনিয়াকৈ অনুষ্ঠিত নাটমণ্ডল পাঠশালাৰ ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠান

নলবাৰী নতুন দেহৰ জ্যেষ্ঠ নাগৰিক সন্মিলন