শিল্পী পেঞ্চনঃ চৰকাৰে এনে কৰাতোৱেই দৰকাৰ আছিল...

শিল্পী পেঞ্চনঃ চৰকাৰে এনে কৰাতোৱেই দৰকাৰ আছিল...
শিল্পী পেঞ্চনঃ চৰকাৰে এনে কৰাতোৱেই দৰকাৰ আছিল...
কিছুমান মানুহ আঁৰতে ৰৈ যায়। তেওঁলোকৰ কামৰ মূল্যায়ন কেতিয়াও নহয়। অথচ তেওঁলোকৰ অবিহনে সাংস্কৃতিক জগতখন সম্পূৰ্ণ নহয়। প্ৰথমবাৰৰ বাবে যেন এই কথা উপলব্ধি কৰিলে চৰকাৰে। ২০২২-২৩ বৰ্ষত শিল্পী পেঞ্চন লাভ কৰা শিল্পীসকলৰ নামৰ তালিকা চালেই সেই কথা অনুমান কৰিব পাৰি। অসমীয়া প্ৰতিদিন ডিজিটেলৰ এই সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন।

বয়স তেওঁৰ ৬৫ বছৰ। নাম তেওঁৰ ক্ষিতীশ চন্দ্ৰ শৰ্মা। মানুহজনে ভ্ৰাম্যমাণত কাম কৰে। বজালীৰ এই ব্যক্তিজনে এইবাৰ লাভ কৰিছে ২০২২-২৩ বৰ্ষৰ শিল্পী পেঞ্চন। ভ্ৰাম্যমাণৰ এগৰাকী আলোকশিল্পী তেওঁ। ভ্ৰাম্যমাণত পোহৰৰ খেল খেলে এইগৰাকী আলোক শিল্পীয়ে।

বাক্সাৰ নৰেন ৰাজবংশী। বয়সো তেওঁৰ ৬৫ য়েই। যাত্ৰা দলৰ নৃত্য শিল্পী তেওঁ। তেওঁলৈকেও আগবঢ়োৱা হৈছে ২২-২৩ বৰ্ষৰ শিল্পী পেঞ্চন। মানিক সিং ৰয়, তেওঁৰ বয়স ৬৭। ২০ টা বছৰৰো অধিক কাল তেওঁ ভ্ৰাম্যমাণৰ সৈতে জড়িত। বঙাইগাঁৱৰ মানিক সিং ৰয়ে বজাই ভ্ৰাম্যমাণত বাঁহী।

কাছাৰৰ গীতেশ ৰঞ্জন নাথ। বয়স ৮০ ৰ উৰ্ধত। নাটকৰ বাবেই যেন তেওঁৰ জন্ম। দৰঙৰ ৰত্নেশ্বৰ বৰা। শুকনানী ওজাপালিৰ শিল্পী তেওঁ। এতিয়া তেওঁৰ বয়স ৭৪। দৰঙৰে ব্যাস ওজা ৮৫ বছৰীয়া ইছাৰাম বৰুৱা।

ঢেপা ঢোলৰ ওজা প্ৰফুল্ল নাথ। তেওঁৰো বয়সে ৮০ ৰ দেউনা চুইছে। ধেমাজিৰ বিপিন ৰাজখোৱা। সত্ৰীয়া নৃত্যৰ এজন নীৰৱ সাধক। এই সাধনা কৰিয়েই তেওঁ ৬৫ বছৰীয়া হ'ল। জীৱনৰ অধিক সময় সত্ৰীয়া নৃত্যৰ বাবেই এৰিলে।

ধুবুৰীৰ ধীৰেন্দ্ৰনাথ পল। টেৰাকোটাৰ শিল্পী তেওঁ। বয়স ৭৫। যোৰহাটৰ ৮৩ বছৰীয়া তৰুণ চন্দ্ৰ গোস্বামী। সত্ৰীয়া নৃত্যৰ তেওঁ একান্ত সাধক। যোৰহাটৰে অমিতাভ বৰদলৈ। ভাওনাৰ সৈতে তেওঁ জড়িত।

এইসকললৈ এইবাৰ আগবঢ়োৱা হৈছে শিল্পী পেঞ্চন। তেওঁলোকে হয়তো নিজেও ভবা নাছিল কেতিয়াও এই সন্মানৰ গৰাকী। কোনো কোনোৱে আঁখৰৰ কেইটা চোক সেয়াও নাজানে।

কামৰূপৰ ৮৬ বছৰীয়া সুৰেন দাস জড়িত হৈ আছিল যাত্ৰা পাৰ্টিৰ সৈতে। দিলীপ মজুমদাৰে ঢোল বজাইছিল। জীতেন্দ্ৰ বৈশ্য ভাল তবলা বাদক আছিল। তেওঁলোকেও লাভ কৰিছে এইবাৰ ঘোষণা কৰা শিল্পী পেঞ্চন।

নাগাৰা নামৰ শিল্পী থানেশ্বৰ ডাউকা। ৮৬ বছৰীয়া এইগৰাকী শিল্পী। যোৰহাটৰ ৭৬ বছৰীয়া সন্ধ্যা দেৱীও বঞ্চিত হোৱা নাই। পিতলৰ শিল্পী সত্যনাথ ভৰালী, চলচ্চিত্ৰ পৰিচালক, অভিনেতা ব্ৰজেন বৰা, কলা নিৰ্দেশক নুৰুদ্দিন আহমেদ, অভিনেত্ৰী নীজৰা মজুমদাৰ, লোক সংগীতৰ সাধক মালভোগ নাথ, সত্ৰীয়া সংস্কৃতিৰে জড়তি পদ্ম বায়ন, বাপ কুমাৰ বায়ন, লীলাৰাম দত্ত আদিকো শিল্পী পেঞ্চনৰ বাবে নিৰ্বাচিত কৰা হৈছে।

খোলবাদক বিশ্ব শইকীয়া, গায়ন-বায়নত ওস্তাদ বাপ চন্দ্ৰ হাজৰিকা, ঝুমুৰ শিল্পী মধুৰাম মোডী, আনকি ভ্ৰাম্যমাণৰ সাজ-পোছাকৰ সৈতে জড়িত ড্ৰেছ মাষ্টৰ ভদ্ৰেশ্বৰ পাঠকলৈও এইবাৰ শিল্পী পেঞ্চন আগবঢ়োৱা হৈছে। এই তালিকা চাই সেয়েহে বহুতে কৈছে, ইমান দিনে আদৰ নোপোৱা শিল্পীসকলক প্ৰথমবাৰৰ বাবে যোগ্য আদৰ আগবঢ়োৱা হৈছে।

যিয়ে এই তালিকাখনত চকু ফুৰাইছে তেওঁলোকে সন্তুষ্টি প্ৰকাশ কৰিছে। ৰাজনৈতিক প্ৰভাৱ মুক্ত এখন তালিকা। সংস্কৃতি আৰু শিল্প কলাৰ সৈতে জড়িত এইসকল লোকক উপযুক্ত সন্মান দিয়াটো সময়ৰে আহ্বান আছিল।

২০২২-২৩ বৰ্ষত শিল্পী পেঞ্চন লাভ কৰাসকলৰ সম্পূৰ্ণ তালিকা এইখন-

  • ক্ষিতীশ চন্দ্ৰ শৰ্মা ( ভ্ৰাম্যমাণ থিয়েটাৰৰ আলোক শিল্পী, বজালী, ৬৫ বছৰ )

  • প্ৰমোদ চন্দ্ৰ ৰয় ( ভ্ৰাম্যমাণ থিয়েটাৰ, বজালী, ৭৬ বছৰ )

  • মনোজ শৰ্মা ( ৩৩ বছৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ শিল্পী, বাক্সা, ৭৭ বছৰ )

  • নৰেন ৰাজবংশী ( যাত্ৰাৰ নৃত্য শিল্পী, বাক্সা, ৬৫ বছৰ )

  • মানিক সিং ৰয় ( প্ৰায় একুৰি ভ্ৰাম্যমাণ থিয়েটাৰ দলত বাঁহী বাদক, বঙাইগাঁও, ৬৭ বছৰ )

  • গীতেশ ৰঞ্জন নাথ ( নাটকৰ শিল্পী, কাছাৰ, ৮৩ বছৰ )

  • অৰুন্ধতি আদিত্য ( গায়িকা, কাছাৰ, ৬৩ বছৰ )

  • ৰত্নেশ্বৰ বৰা ( শুকনানী ওজাপালি, দৰং, ৭৪ বছৰ )

  • ইছাৰাম বৰুৱা ( ব্যাস ওজা, দৰং, ৮৫ বছৰ )

  • প্ৰফুল্ল নাথ (ঢেপাঢোল, শুকনানী ওজা, দৰং, ৮০ বছৰ )

  • প্ৰতাপ চন্দ্ৰ শৰ্মা ( ব্যাস ওজাপালি, দৰং, ৮৬ বছৰ )

  • বিপিন ৰাজখোৱা ( সত্ৰীয়া নৃত্য, ধেমাজি, ৮৭ বছৰ )

  • ধীৰেন্দ্ৰ নাথ পল ( টেৰাকোটা, ধুবুৰী, ৭৫ বছৰ )

  • হিতেশ্বৰ হাজৰিকা ( ঢুলীয়া ওজা, গোলাঘাট, ৮২ বছৰ )

  • ৰবীন চেতিয়া ( চলচ্চিত্ৰ নিৰ্মাতা, পৰিচালক, গোলাঘাট, ৭৪ বছৰ )

  • তৰুণ চন্দ্ৰ গোস্বামী ( সত্ৰীয়া নৃত্য, যোৰহাট, ৮৩ বছৰ )

  • সন্ধ্যা দেৱী ( গায়িকা, যোৰহাট, ৭৬ বছৰ )

  • অমিতাভ বৰদলৈ ( ভাওনা, যোৰহাট, ৬২ বছৰ )

  • থানেশ্বৰ ডাউকা ( নাগাৰা নাম, কামৰূপ, ৬৬ বছৰ )

  • সত্য নাথ ভৰালী ( পিতল শিল্পী, কামৰূপ, ৮২ বছৰ )

  • সুৰেন দাস ( যাত্ৰা পাৰ্টি, কামৰূপ, ৮৬ বছৰ )

  • ব্ৰজেন বৰা ( চলচ্চিত্ৰ অভিনেতা-পৰিচালক, কামৰূপ মেট্ৰো, ৬৫ বছৰ )

  • দিলীপ মজুমদাৰ ( ঢোলক বাদক, কামৰূপ মেট্ৰো, ৬২ বছৰ )

  • জীতেন্দ্ৰ বৈশ্য ( তবলা বাদক, কণ্ঠশিল্পী, কামৰূপ মেট্ৰো, ৬৭ বছৰ )

  • তৰুলতা দাস ( কণ্ঠশিল্পী, কামৰূপ মেট্ৰো, ৮৭ বছৰ )

  • নুৰুদ্দিন আহমেদ ( কলা নিৰ্দেশক, ভাস্কৰ্য শিল্পী, কামৰূপ মেট্ৰো, ৬৩ বছৰ )

  • ৰীতা দাস ( কণ্ঠশিল্পী, কামৰূপ মেট্ৰো, ৬৫ বছৰ )

  • দীপক কুমাৰ দত্ত ( চলচ্চিত্ৰ নিৰ্মাতা, কামৰূপ মেট্ৰো, ৬১ বছৰ )

  • নিজৰা মজুমদাৰ ( অভিনেত্ৰী-লেখিকা, কামৰূপ মেট্ৰো, ৮১ বছৰ )

  • হৰি শইকীয়া ( বাহ বেতৰ শিল্পী, মাজুলী, ৬৯ বছৰ )

  • প্ৰফুল্ল বৰা ( সত্ৰীয়া সংস্কৃতি, মাজুলী, ৭৬ বছৰ )

  • মালভোগ নাথ ( সত্ৰীয়া সংস্কৃতি - লোক সংগীত, মাজুলী, ৮২ বছৰ )

  • পদ্ম বায়ন ( সত্ৰীয়া সংস্কৃতি, মাজুলী, ৭৫ বছৰ )

  • বাপ কুমাৰ বায়ন ( বায়ন, মাজুলী, ৬৬ বছৰ )

  • লীলাৰাম দত্ত গায়ন ( সত্ৰীয়া সংস্কৃতি, মাজুলী, ৬১ বছৰ )

  • নৰেশ বিশ্বাস ( ভাস্কৰ্য শিল্পী, মৰিগাঁও, ৭৩ বছৰ )

  • গিৰিধৰ সেনাপতি ( পুতলা নাচৰ শিল্পী, নগাঁও, ৬৮ বছৰ )

  • মহেন্দ্ৰ বৰা ( ঢোল বাদক, নগাঁও, ৭৪ বছৰ )

  • হৰি প্ৰসাদ মহন্ত ( ভাওনা-বিহু, নগাঁও, ৬৮ বছৰ )

  • চিত্ৰদেৱ মহন্ত ( সংগীত, নগাঁও, ৭১ বছৰ )

  • হৰেণ হাজৰিকা ( অভিনয়-লেখক, নগাঁও, ৮৭ বছৰ )

  • ভদ্ৰেশ্বৰ পাঠক ( ড্ৰেছ মাষ্টাৰ-ভ্ৰাম্যমাণ থিয়েটাৰ, নলবাৰী, ৭৫ বছৰ )

  • গোবিন সন্দিকৈ ( লোক শিল্পী, শিৱসাগৰ, ৭৫ বছৰ )

  • বিশ্ব শইকীয়া ( খোল বাদ্য-ভ্ৰাম্যমাণ থিয়েটাৰ, শিৱসাগৰ, ৬৫ বছৰ )

  • মধুৰাম মোডী ( ঝুমুৰ শিল্পী, শিৱসাগৰ, ৬৬ বছৰ )

  • বাপ চন্দ্ৰ দত্ত ( গায়ন বায়ন-ঢোল বাদক-অভিনেতা, শিৱসাগৰ, ৯৪ বছৰ )

  • বিপিন চন্দ্ৰ হাজৰিকা ( ভাওনা-নাটক, শিৱসাগৰ, ৭৬ বছৰ )

  • জয় চন্দ্ৰ নাথ ( ভাওনা, শোণিতপুৰ, ৮০ বছৰ )

  • দেবেন পাঠক ( লোকগীতৰ শিল্পী, তামুলপুৰ, ৭৪ বছৰ )

  • প্ৰফুল্ল ৰুদ্ৰপল ( অভিনেতা, তামুলপুৰ, ৬৮ বছৰ )

এনেবোৰ সিদ্ধান্তই মানুহক আস্বস্ত কৰে। উপযুক্তজনক প্ৰকৃত সন্মান লাভ কৰাত সহায় কৰাৰ লগতে আন ১০ জনকো শিল্প কলাৰ জগতখনত কাম কৰি যাবলৈ প্ৰেৰণা দিয়ে। অভিনন্দন শিল্পী পেঞ্চন লাভ কৰা সকলোলৈ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in