/asomiyapratidin/media/media_files/2025/06/02/ACA5EYGifCKamE045cSn.jpg)
উষা নগৰীত 'লিচু উৎসৱ'
নদ-নদী, পাহাৰ, বনাঞ্চল, আৰু মৌচুমী বৈচিত্ৰ্যৰে পৰিপূৰ্ণ অসম এখন উৎকৃষ্ট কৃষি উৎপাদনৰ ৰাজ্য। অসমত উৎপাদিত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি লাভ কৰা অন্যতম এবিধ ফল হৈছে “তেজপুৰৰ লিচু”। শতবৰ্ষ গৰকা তেজপুৰৰ লিচুৰ সকলো দিশ সামৰি ৰিম্পী গগৈৰ এক প্ৰতিবেদন-
অসমৰ ঐতিহাসিক চহৰ তেজপুৰ কেৱল সাংস্কৃতিক ঐতিহ্য, প্ৰাকৃতিক সৌন্দৰ্য্য বা শিক্ষাৰ ক্ষেত্ৰতে নহয়, কৃষিৰ ক্ষেত্ৰতো বিশেষ স্থান দখল কৰি আহিছে। ইয়াৰ ভিতৰত অন্যতম হৈছে তেজপুৰৰ লিচু। এই অঞ্চলৰ এক উৎকৃষ্ট আৰু খ্যাতনামা ফল হিচাপে পৰিচিত লিচুৱে জিআই টেগ লাভ কৰাৰ সমান্তৰালভাৱে পাইছে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিও।
১৯২২ চনত সাহিত্যিক পদ্মনাথ গোহাঁই বৰুৱাই তেজপুৰৰ লিচু পুখুৰীত স্থাপন কৰিছিল এখন লিচু বাগান। ঠিক একেই আৰ্হিতে ১৯৫৪ চনত সূৰ্য্য প্ৰসাদ সিঙেও তেজপুৰৰ পৰুৱাত স্থাপন কৰিছিল আন এখন লিচুৰ বাগান। লাহে লাহে লিচুৱে অঞ্চলটোত লাভ কৰিলে প্ৰসাৰতা। এই বিশ্ববিখ্যাত লিচুৰ বাগান কেইখনত ৬ বিধ সুস্বাদু লিচু পোৱা যায়।
ব্ৰহ্মপুত্ৰৰ উপত্যকাত অৱস্থিত তেজপুৰৰ মাটি আৰু জলবায়ু লিচু খেতিৰ বাবে অনুকূল। ভৰালীচুক, হালধিয়াবাৰী, কলিয়াভোমোৰা আৰু গৰাখিয়াত বহু কৃষকে বিগত কেইবছৰ ধৰি সাফল্যৰে লিচু খেতি কৰি আহিছে। স্থানীয় লিচু গছবোৰত ফল উৎপাদনৰ হাৰ যথেষ্ট আৰু স্বাদত মিঠা, ৰসাল, সুগন্ধযুক্ত। এই গুণেই ইয়াৰ বজাৰত চহিদা বৃদ্ধি কৰি আহিছে।
উল্লেখযোগ্য যে, লিচু সাধাৰণতে গ্ৰীষ্মকালীন পুষ্টিকৰ ফল। ই ভিটামিন চি, পটাচিয়াম, ফাইবৰ, আৰু এন্টিঅক্সিডেন্টেৰে পৰিপূৰ্ণ। তেজপুৰৰ লিচু ৰসাল, মিঠা আৰু তুলনামূলকভাৱে ডাঙৰ আকাৰৰ হয়। তেজপুৰৰ লিচুত থকা কাৰ্বহাইড্ৰেটৰ মাত্ৰাই ইয়াক অন্য লিচুতকৈ পৃথক কৰি তুলে। ইয়াৰ সুগন্ধ আৰু ৰঙো অপূৰ্ব। এই সকলোবোৰ গুণে তেজপুৰৰ লিচুক এটা বিশেষ পৰিচয় দিছে।
এই বিশ্ববিখ্যাত লিচুৰ বাগানখন পোৱা ৬ বিধ সুস্বাদু লিচুৰ প্ৰত্যেকটোৰ বজাৰৰ মূল্য এনেধৰণৰ - বম্বাই - ৬০ টকা, বিলাতী - ৫০ টকা, ৰংগীয়া - ৩০ টকা, ইলাছি - ২০/২৫ টকা, পিয়াজী - ২০ টকা, চাহী - ১০ টকা। ইফালে, এই লিচু বাগানসমূহৰ প্ৰত্যেকডাল লিচু গছৰ আয়ুস ৬০-৭০ বছৰ পৰ্যন্ত। কৃষকসকলে লিচু বিক্ৰী কৰাৰ উপৰিও প্ৰত্যেকবিধ লিচুৰ কলম কৰা পুলি ৩০০- ৫০০ টকা পৰ্যন্ত বিক্ৰী কৰে বুলি জানিবলৈ দিয়ে। এই ৰসাল, মঙহাল লিচুৰ সোৱাদ নোলোৱা লোক হয়তো বিচাৰিলে খুব কমেইহে ওলাব ৷
ইফালে, প্ৰতিবছৰৰ দৰে এই বৰ্ষটো আয়োজন কৰা হৈছে তেজপুৰ লিচু উৎসৱ-২০২৫। এই উৎসৱত তেজপুৰৰ বিখ্যাত লিচুৰ উৎপাদন আৰু বিক্ৰীৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। এই উৎসৱৰ মূল লক্ষ্য হৈছে লিচু খেতিৰ স্বাৱলম্বিতা বৃদ্ধি কৰা আৰু ফলৰ বজাৰত স্থান লাভ কৰা। এই উপলক্ষ্যে ৩ জুনত পুৱা ১০ বজাৰ পৰা ভাৰতীয় ৰেডক্ৰছ চচাইটিৰ শোণিতপুৰ জিলা শাখাৰ কাৰ্যালয়ৰ সভাকক্ষ, গণেশঘাটত আয়োজিত হ'ব বিশেষ অনুষ্ঠানৰ। এই অনুষ্ঠানৰ এই বৰ্ষৰ মূল কাৰ্যসূচী হ'ল-
- তেজপুৰৰ বিভিন্ন জাতৰ সুস্বাদু, মঙহাল, সতেজ লিচুৰ প্রদর্শনী তথা বিক্রী
- লিচু বাগিচা পৰিদৰ্শন আৰু পৰম্পৰাগত চাষ পদ্ধতিৰ প্ৰদৰ্শন
- জিআই টেগ প্ৰাপ্ত তেজপুৰ লিছুৰ সম্ভাৱনা উন্মোচন' শীর্ষক বিষয়ক আলোচনা চক্র
- শতবর্ষ উদযাপন সন্দর্ভত প্রস্তাৱ আৰু আলোচনা
- ক্রেতা-বিক্রেতাৰ মাজত মতবিনিময়, য' ত বিক্রেতা আৰু ক্ৰেতাৰ প্ৰত্যক্ষ সংযোগ স্থাপন কৰা হ'ব
উল্লেখযোগ্য যে, তেজপুৰৰ লিচু খেতিয়ে বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে। পৰ্যাপ্ত সংৰক্ষণ ব্যৱস্থা, আধুনিক প্ৰযুক্তিৰ অভাৱ, বজাৰৰ ভাল দাম নোপোৱা, আৰু কেতবোৰ বছৰত বতাহৰ বৈচিত্ৰ্যৰ বাবে উৎপাদন হ্ৰাস পাইছে। লগতে, পৰ্যাপ্ত চৰকাৰী সহায় আৰু প্ৰশিক্ষণৰ অভাৱো এক গুৰুত্বপূর্ণ সমস্যা।
ইতিমধ্যে তেজপুৰৰ লিচুৱে দেশক লগতে বিদেশতো স্বীকৃতি লাভ কৰি আহিছে যদিও পূৰ্বতকৈ উৎপাদন আৰু আকাৰ কমিছে। অৱশ্যে বৰ্তমানেও একেই আছে এই লিচুৰ চাহিদা। এইবৰ্ষৰ লিচুৰ বজাৰখনক লৈও আশাবাদী তেজপুৰৰ কৃষকসকল।
তেজপুৰৰ লিচু কেৱল এটা ফল নহয়—ই অঞ্চলটোৰ গৌৰৱ, সংস্কৃতিৰ অংশ আৰু বহু লোকৰ জীৱিকাৰ আধাৰ। সময়মতে যদি বিজ্ঞানসন্মত খেতি প্ৰণালী, সংৰক্ষণ প্ৰযুক্তি আৰু বজাৰ ব্যৱস্থাৰ উন্নয়ন কৰা হয়, তেন্তে তেজপুৰৰ লিচু অসমৰ তথা ভাৰতৰ এক উৎকৃষ্ট কৃষি উৎপাদন হিচাপে বিশ্বজুৰি পৰিচিত হ’ব পাৰে। বৰ্তমানৰ খাদ্য সুৰক্ষা, অৰ্গেনিক কৃষি আৰু আত্মনিৰ্ভৰ ভাৰতৰ সময়ত তেজপুৰৰ লিচুৱে এক উকৃষ্ট মিঠা উদাহৰণ হিচাপে দেশৰ কৃষিখণ্ডত অৱদান আগবঢ়াব পাৰে।