হিমাচলৰ মুখ্যমন্ত্ৰী পদৰ দৌৰত কেইবাজনো প্ৰাৰ্থী, চিন্তিত কংগ্ৰেছ !

৩ জন প্ৰত্যাশীৰ কংগ্ৰেছে নিৰ্বাচন কৰিব কাক, জৰুৰী বৈঠক বয়লি ৩ বজাত শ্বিমলাত...

author-image
Asomiya Pratidin
New Update
হিমাচলৰ মুখ্যমন্ত্ৰী পদৰ দৌৰত কেইবাজনো প্ৰাৰ্থী, চিন্তিত কংগ্ৰেছ !

ডিজিটেল ডেস্ক: বিধ্বস্ত হৈ পৰা কংগ্ৰেছ পুনৰ ঠন ধৰি উঠিবলৈ চেষ্টা কৰিছে। সময়ৰ সোঁতত কংগ্ৰেছ দলটো হেৰাই যাব বুলি ভৱাৰ মাজতেই হিমাচল প্ৰদেশত উত্থান ঘটিল দলটোৰ। হিমাচল প্ৰদেশৰ ৬৮খন আসনৰ ভিতৰত কংগ্ৰেছে লাভ কৰে ৪০ খনকৈ আসন।

Advertisment

হিমাচল প্ৰদেশত জয় লাভ কৰাৰ পিছত কংগ্ৰেছে পৰৱৰ্তী প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ সাজু হৈছে । শুকুৰবাৰে দলটোৰ জ্যেষ্ঠ নেতা-কৰ্মী সকলে বিধায়কসকলৰ লগত এখন বৈঠক আহ্বান কৰিছে। ইয়াতেই সিদ্ধান্ত গ্ৰহণ কৰা হব যে কোন হ'ব হিমাচলৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী।

কিন্তু মুখ্যমন্ত্ৰী নিৰ্বাচন কৰাতো কংগ্ৰেছৰ বাবে সহজ নহব। কিয়নো এই পদৰ বাবে আছে ৪ জনকৈ প্ৰাৰ্থী। এই বৈঠকখন ছিমলাৰ ৰেডিশ্বন ব্লু হোটেলত দিনৰ ৩ বজাত অনুষ্ঠিত হব।

মুখ্যমন্ত্ৰীৰ দৌৰত থকা আগশাৰীৰ জন হৈছে কংগ্ৰেছৰ হিমাচল প্ৰদেশৰ মুৰব্বী প্ৰতিভা সিং। প্ৰতিভা সিং প্ৰয়াত কংগ্ৰেছ নেতা বীৰভদ্ৰ সিঙৰ পত্নী । সুখবিন্দৰ সিং সুখু আৰু মুকেশ অগ্নিহোত্ৰী হৈছে মুখ্যমন্ত্ৰীৰ দৌৰত থকা আন দুগৰাকী প্ৰত্যাশী প্ৰাৰ্থী ।

এই তিনিওগৰাকী হিমাচল প্ৰদেশত কংগ্ৰেছৰ থ্ৰী মাৰ্ছকেটিয়াৰ্ছ ৰূপে পৰিচিত আছিল নিৰ্বাচনৰ সময়ছোৱাত । কিয়নো এই তিনিওগৰাকী ব্যক্তিৰ বাবেই সম্ভৱ হৈছিল হিমাচল প্ৰদেশত কংগ্ৰেছে বিজয় লাভ কৰাটো । বিজেপিৰ চৰকাৰ ভংগ কৰাৰ পৰা আৰম্ভ কৰি জন সাধাৰণৰ আস্থা লাভ কৰি কংগ্ৰেছক হিমাচলত বৰ্তমানৰ পৰ্যায়লৈ অনাত সকলোতকৈ বেছি অৱদান এই তিনিগৰাকী ব্যক্তিৰ ।

তেনেস্থলত দলটিয়ে মুখ্যমন্ত্ৰী নিৰ্বাচন কৰাটো যেন এতিয়া এক ধৰ্ম সংকটৰ বিষয় । অৱশ্যে আন কোনো সোপন্থী দলৰ দৰেই ভাৰতীয় জাতীয় কংগ্ৰেছৰ বাবেও মুখ্যমন্ত্ৰী নিৰ্বাচন প্ৰক্ৰিয়াটো দলীয় স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখিয়েই যে লোৱা হ'ব সেইয়া নিশ্চিত ।

উল্লেখ্য যে, শুক্ৰবাৰে বিয়লি ৩ বজাৰ পৰা অনুষ্ঠিত হ'ব লগীয়া এই বৈঠকত অংশ গ্ৰহণ কৰিব কংগ্ৰেছৰ শীৰ্ষ বিষয়া যেনে, ৰাজীৱ শুক্লা, ভূপেশ বাঘেল তথা ভূপেন্দ্ৰ হুড্ডা ।

আৰু পঢ়ক : কিয় বেয়া নাপাব দ্বীপেন বৰুৱাই...

indian national congress himachal pradesh