কিয় বেয়া নাপাব দ্বীপেন বৰুৱাই...

'জিলিকি জিলিকা তৰা আকাশৰে' দ্বীপেন বৰুৱাৰ কণ্ঠত এই চিৰ সেউজ গীতটোৱে আমাৰ মনত, হৃদয়ত এক বিশেষ স্থান অধিকাৰ কৰি আছে। তেওঁৰ আন গীতবোৰৰো আছে সুকীয়া মাদকতা আৰু স্বকীয়তা।
কিয় বেয়া নাপাব দ্বীপেন বৰুৱাই...

মৃদুল কুমাৰ সন্দিকৈ

'জিলিকি জিলিকা তৰা আকাশৰে' দ্বীপেন বৰুৱাৰ কণ্ঠত এই চিৰ সেউজ গীতটোৱে আমাৰ মনত, হৃদয়ত এক বিশেষ স্থান অধিকাৰ কৰি আছে। তেওঁৰ আন গীতবোৰৰো আছে সুকীয়া মাদকতা আৰু স্বকীয়তা।

অন্তমুখী এই শিল্পী গৰাকীয়ে কেতিয়াও বিতৰ্ক নিবিচাৰে। নিজৰ সৃষ্টিশীল পৃথিৱীখনত নীৰৱভাৱে সাধনাত ব্যস্ত হৈ থাকে তেওঁ। ৭০-৮০ দশকত তেওঁৰ জনপ্ৰিয় গীতবোৰেই ব্যাপক সমাদৰ লাভ কৰাই নহয়, সেইবোৰ চিৰ সেউজ গীত হৈ আজিও সংগীতপ্ৰেমীৰ মনত হেন্দোলনি তুলি আছে।

হঠাৎ এখন ৰাজহুৱা সভাত কণ্ঠশিল্পী দ্বীপেন বৰুৱাৰ খং উঠিল। প্ৰসংগ তেওঁৰেই এটা গীত। নলবাৰীৰ এক অনুষ্ঠানত সংগীতানুষ্ঠান পৰিৱেশন কৰিবলৈ যোৱা দ্বীপেন বৰুৱা গৰ্জি উঠিল। ক'লে- মই জীয়াই থাকোতেই মোৰ গীতবোৰ কোবাই হাত-ভৰি ভঙাৰ দৰে কৰি জুবিনে পোষ্টমৰ্টেম কৰি পেলালে।

কিমান ক্ষোভত এজন শিল্পীয়ে ৰাজহুৱাভাৱে এই ক্ষোভ আৰু অসন্তুষ্টি এনেদৰে ব্যক্ত কৰিব পাৰে। তাতে দ্বীপেন বৰুৱাৰ দৰে ব্যক্তিয়ে। ১৯৬৯ চনত মুক্তি লাভ কৰিছিল ড০ বেজবৰুৱা নামৰ অসমীয়া বোলছবি খনে। সেই ছবিখনৰেই এটা জনপ্ৰিয় গীত আছিল 'জিলিকি জিলিকা তৰা আকাশৰে'।

ৰমেন বৰুৱাই সংগীত পৰিচালনা কৰা ছবিখনৰ গীতত কণ্ঠদান কৰিছিল দ্বীপেন বৰুৱাই। ব্ৰজেন বৰুৱাই পৰিচালনা কৰা এই ছবিখনে অসমীয়া ছবিৰ বাণিজ্যিক ধাৰা আৰম্ভ কৰিছিল।

দ্বীপেন বৰুৱাই এই ছবিখনৰ জৰিয়তে সংগীত জগতত প্ৰৱেশ কৰিছিল। মুঠ ৪ টা গীত আছিল ছবিখনত। চাৰিওটা গীতত কণ্ঠদান কৰা শিল্পী সকল আছিল দ্বীপেন বৰুৱা, নিৰ্মলা মিশ্ৰ, ৰেণু বৰুৱা। 'কি নাম দি মাতিম' গীতটি লিখিছিল নিৰ্মলা প্ৰভা বৰদলৈয়ে আৰু দ্বীপেন বৰুৱাই নিৰ্মলা মিশ্ৰৰ সৈতে গীতটো গাইছিল।

ব্ৰজেন বৰুৱাই লিখা 'মইনা কোন বিধাতাই স্ৰজিলে' গীতটো গাইছিল দ্বীপেন বৰুৱাই সহ শিল্পী ৰেণু বৰুৱাৰ সৈতে। এলি আহমেদে লিখা 'ফুল ফুল ফুল' শীৰ্ষক গীতটিৰ শিল্পী আছিল ক্ৰমে- দ্বীপেন বৰুৱা আৰু নিৰ্মলা মিশ্ৰ।

এই ছবিখনৰ গীতকলৈয়ে অসন্তুষ্ট দ্বীপেন বৰুৱা। কিয়নো 'ড০ বেজবৰুৱা'ৰ ৰিমেক কৰি 'ড০ বেজবৰুৱা ২' নামেৰে শেহতীয়াকৈ এখন নতুন ছবি কৰা হ'ল। সেই ছবি খনত সন্নিবিষ্ট কৰা গীত সমূহক লৈ নাৰাজ দ্বীপেন বৰুৱা।

নলবাৰীৰ মঞ্চত ''জিলিকি জিলিকা তৰা আকাশৰে'' গীতটো গাবলৈ লওঁতেই একাংশ দৰ্শকে 'ড০ বেজবৰুৱা'ত জুবিন গাৰ্গে ন ৰূপত গোৱা ধৰণে এই গীতটো গাবলৈ অনুৰোধ কৰাত অপমানিত বোধ কৰে শিল্পী গৰাকীয়ে।

ক্ষোভ আৰু দুখত তেওঁ কয়- মোৰ আজি দুখ লাগিছে, এইবাবে দুখ লাগিছে যে মোৰ গীতবোৰ কোবাই মিলি হাত-ভৰি ভঙাৰ দৰে কৰা হ'ল। আৱেগিক হৈ তেওঁ লগতে ক'লে মৃত্যুৰ আগতে সেইবিলাক চাই যোৱাৰ ইচ্ছা নাছিল। অসহায় হৈ তেওঁ আৰু ক'লে-উপাই নাই কি কৰিম। কাৰো অনুমতি নোলোৱাকৈ কৰিছে। আমাৰ ওচৰলৈ আহিলে আমি কৈ দিলো হেতেন এইটো এনেকৈ কৰিবা, তেনেকৈ কৰিবা।

এগৰাকী প্ৰতিষ্ঠিত শিল্পীয়ে নিজৰ সৃষ্টিক আনে বিকৃত কৰাৰ দুখত ম্ৰিয়মান। উল্লেখযোগ্য যে, এই নতুন গীতটোত কণ্ঠদান কৰিছে জুবিন গাৰ্গে। তাত কিছু সংলগ্ন কৰি নিজস্ব ধৰণে সজোৱা হৈছে।

সেই প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ বাবে এচামে সমালোচনাৰে থকা সৰকা কৰিছে দ্বীপেন বৰুৱাক। তেখেতৰ দৰে এগৰাকী জ্যেষ্ঠ শিল্পীক অভদ্ৰ ভাষাৰে গালি গালাজ কৰিছে এচামে। দ্বীপেন বৰুৱা কোন হয় সেয়া তেওঁলোকে নিজক সোধক।

শিষ্টাচাৰহীন ভাৱে জুবিন গাৰ্গৰ লগত দ্বীপেন বৰুৱাৰ তুলনা কৰা সকলে এটা কথাই জানি থওক, অসমীয়া চিনেমাৰ সোণালী সময়খিনিৰ সৰ্ব জনপ্ৰিয় কণ্ঠশিল্পী দ্বীপেন বৰুৱা। অসমীয়া সংগীত জগতত ৫৪টা বছৰ সম্পূৰ্ণ কৰা এই গৰাকী কণ্ঠশিল্পী অবিহনে অসমীয়া সংগীত জগতৰ ইতিহাস সম্পূৰ্ণ কৰিব নোৱাৰি।

বহুতৰে প্ৰিয় গায়ত দ্বীপেন বৰুৱা। যি সকলে তুচ্ছ তাচ্ছিল্যৰে কাৰোবাক ভগৱানৰ শাৰীত তুলি দ্বীপেন বৰাৰ উদ্দেশ্যি এই ধৰণৰ কথাবোৰ কৈছে তেওঁলোকে জানি থোৱা উচিত এই চিৰ সেউজ গীতটি যি পৰিস্থিতিত, যাৰ উদ্যোগত শ্ৰাদ্ধ পতা হৈছে তেওঁলোকো তেওঁৰ দৃষ্টিৰে কথাবোৰ এবাৰ হৃদয়ংগম কৰক।

অভিযোগ উঠিছে জুবিন গাৰ্গৰ বিৰুদ্ধে। অভিযোগ কৰিছে মূল গীতটোৰ গায়ক গৰাকীয়ে। তেখেতৰ কণ্ঠৰে নিগৰিত এটা পৰিচিত গীত বিকৃত কৰাৰ পাছত তেখেত কোন সতে মনে মনে থাকে।

নতুন ছবি খনৰ গীতত কথাৰ ভুল হৈছে। এনে কৰিলে গীতিকাৰক অপমান কৰা হয়। তেওঁ ইমানৰ পাছতো কিন্তু অত্যন্ত বিনম্ৰতাৰে কৈছে- অভিযোগ মোৰ একো নাই। আমি জীয়াই থাকোতে কথাবোৰ এবাৰ সুধি চালে ভাল আছিল। একো নক'লেও তেওঁৰ এটা কথায়েই যথেষ্ঠ - 'অকণমান দিগদাৰ পাইছো।'

আৰু পঢ়ক: স্মৃতি দিৱসৰ শ্রদ্ধাঞ্জলি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in