স্বাস্থ্য বিভাগৰ উদ্যোগত বিশেষ প্ৰতিষেধক টিকাকৰণ সপ্তাহ অভিযানৰ শুভাৰম্ভ...

স্বাস্থ্য বিভাগৰ উদ্যোগত বিশেষ প্ৰতিষেধক টিকাকৰণ সপ্তাহ অভিযানৰ শুভাৰম্ভ...
স্বাস্থ্য বিভাগৰ উদ্যোগত বিশেষ প্ৰতিষেধক টিকাকৰণ সপ্তাহ অভিযানৰ শুভাৰম্ভ...

ডিজিটেল সংবাদ বেবেজীয়াঃ নগাঁও স্বাস্থ্য বিভাগৰ উদ্যোগত আজিৰে পৰা আৰম্ভ হোৱা বিশেষ প্ৰতিষেধক টিকাকৰন অনুষ্ঠানটি পুৱা ১০:৩০ বজাত শুভ উদ্বোধন কৰে নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য) প্ৰশান্ত বৰুৱাই ৷ বিভিন্ন সময়ত নগাঁও জিলাত স্বাস্থ্যকৰ্মীৰ অভাৱৰ বাবে জিলাখনৰ বহু কঠিন তথা চৰচাপৰি অঞ্চলত জন্ম গ্ৰহণ কৰা শিশুসকলৰ ক্ষেত্ৰত টিকাকৰণৰ ব্যৱস্থা হোৱা নাছিল।

সেই উপলক্ষে আজি ব্লক পি এইচ চিয়ে এই অসুবিধা থকা অঞ্চলটো চিনাক্ত কৰি নগাঁও স্বাস্থ্য বিভাগৰ এটি দলে আজিৰে পৰা এটা সপ্তাহৰ বাবে ইয়াক বিশেষ প্ৰতিষেধক অভিযান হিচাপে আৰম্ভ কৰিছে । এই অভিযানত ১৩টাকৈ বিশেষ ভেকচিন আৰম্ভ কৰা হয়, যিবোৰ শিশুৱে এবছৰৰ পৰা দুবছৰ আৰু দুবছৰৰ পৰা পাঁচ বছৰলৈ সময় লয়।

তেওঁ কয় যে, এইটো এটা ৰুটিন ড্ৰাইভ য’ত স্বাস্থ্য কৰ্মীসকলৰ লগতে সমাজ কল্যাণ বিভাগৰ বিশেষ সহযোগিতাত সম্পন্ন হয়। বিশেষকৈ চৰ অঞ্চল, লাওঁপানী, ইটাভাটা আদিত শিশুসকলক আজিৰে পৰা এসপ্তাহ, ১৭ জানুৱাৰীৰ পৰা এসপ্তাহ আৰু ১৬ ফেব্ৰুৱাৰীৰ পৰা এসপ্তাহৰ বাবে এই ভেকচিন প্ৰদান কৰা হ’ব।

ইয়াৰ বাবে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা ঘৰে ঘৰে জৰীপো কৰা হৈছে। এই বিশেষ প্ৰতিষেধক অভিযানত অংশগ্ৰহণ কৰা লোকসকলক সজাগতা সৃষ্টি আৰু সহযোগিতাৰ বাবে আহ্বান জনোৱা হৈছে আজিৰ এই সভাতে ৷

উল্লেখযোগ্য যে, সমগ্ৰ নগাঁও জিলাত ০-১ বছৰ ১২১৫, এবছৰৰ পৰা ২ বছৰ ভিতৰত ৫৬৭, দুবছৰৰ পৰা পাঁচ বছৰৰ ভিতৰত ২১৬ আৰু গৰ্ভৱতী মহিলা ৪২৫ গৰাকীক টিকাকৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আজিৰ এই সভাত নগাঁও স্বাস্থ্য বিভাগৰ অতিৰিক্ত মুখ্য স্বাস্থ্য বিষয়া ডাঃ জয়ন্ত কুমাৰ দাস, প্ৰতিষেধক বিষয়া ডাঃমুকুট ডেকা,ডাঃমাধুয্য বৰা,ডাঃমধুমিতা বৰাকে প্ৰমুখ্যে কৰি স্বাস্থ্য বিভাগৰ বিষয়া, নাৰ্ছ কৰ্মচাৰীসকল উপস্থিত থাকে ৷ অনুষ্ঠানটি সামগ্ৰীক ভাৱে পৰিচালনা কৰে স্বেচ্ছাসেৱী অনুষ্ঠান চাইনে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in