নগাঁৱত বিশেষ প্ৰতিষেধক টিকাকৰণ সপ্তাহ অভিযানৰ শুভাৰম্ভ

অনুষ্ঠানটি সামগ্ৰীকভাৱে পৰিচালনা কৰে স্বেচ্ছাসেৱী অনুষ্ঠান চাইনে

author-image
Asomiya Pratidin
New Update
নগাঁৱত বিশেষ প্ৰতিষেধক টিকাকৰণ সপ্তাহ অভিযানৰ শুভাৰম্ভ

নগাঁৱত বিশেষ প্ৰতিষেধক টিকাকৰণ সপ্তাহ অভিযানৰ শুভাৰম্ভ

ডিজিটেল সংবাদ,বেবেজীয়াঃ নগাঁও স্বাস্থ্য বিভাগৰ উদ্যোগত শুকুৰবাৰৰ পৰা আৰম্ভ হোবা বিশেষ প্ৰতিষেধক টিকাকৰণ অনুষ্ঠানটি পুৱা ১০:৩০ বজাত শুভ উদ্বোধন কৰে নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য) প্ৰশান্ত বৰুৱাই ৷ বিভিন্ন সময়ত নগাঁও জিলাত স্বাস্থ্যকৰ্মীৰ অভাৱৰ বাবে জিলাখনৰ বহু কঠিন তথা চৰ চাপৰি অঞ্চলত জন্ম গ্ৰহণ কৰা শিশু সকলৰ ক্ষেত্ৰত টিকাকৰণৰ ব্যৱস্থা হোৱা নাছিল।

Advertisment

সেই উপলক্ষে আজি ব্লক পি এইচ চিয়ে এই অসুবিধা থকা অঞ্চলটো চিনাক্ত কৰি নগাঁও স্বাস্থ্য বিভাগৰ এটি দলে আজিৰে পৰা এক সপ্তাহৰ বাবে ইয়াক বিশেষ প্ৰতিষেধক অভিযান হিচাপে আৰম্ভ কৰিছে । এই অভিযানত ১৩টাকৈ বিশেষ ভেকচিন আৰম্ভ কৰা হয় যিবোৰ শিশুৱে এবছৰৰ পৰা দুবছৰ আৰু দুবছৰৰ পৰা পাঁচ বছৰলৈ সময় লয়। তেওঁ কয় যে এইটো এটা ৰুটিন ড্ৰাইভ য’ত স্বাস্থ্য কৰ্মীসকলৰ লগতে সমাজ কল্যাণ বিভাগৰ বিশেষ সহযোগিতাত সম্পন্ন হয়। বিশেষকৈ চৰ অঞ্চল,লাওঁপানী,ইটাভাটা আদিত শিশুসকলক আজিৰে পৰা এসপ্তাহ,১৭ জানুৱাৰীৰ পৰা এসপ্তাহ আৰু ১৬ ফেব্ৰুৱাৰীৰ পৰা এসপ্তাহৰ বাবে এই ভেকচিন প্ৰদান কৰা হ’ব বুলি জনায়।

ইয়াৰ বাবে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা ঘৰে ঘৰে জৰিপো কৰা হৈছে। এই বিশেষ প্ৰতিষেধক অভিযানত অংশগ্ৰহণ কৰা লোকসকলক সজাগতা সৃষ্টি আৰু সহযোগিতাৰ বাবে আহ্বান জনোৱা হৈছে বুলি জানিবলৈ দিয়ে।

উল্লেখ যোগ্য যে সমগ্ৰ নগাঁও জিলাত ০-১ বছৰ ১২১৫, এবছৰৰ ভিতৰত ২ বছৰ ৫৬৭,দুবছৰৰ পৰা পাঁচ বছৰ ২১৬ আৰু গৰ্ভৱতী মহিলাক ৪২৫ গৰাকীক টিকাকৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আজিৰ এই সভাত নগাঁও স্বাস্থ্য বিভাগৰ অতিৰিক্ত মুখ্য স্বাস্থ্য বিষয়া ডাঃ জয়ন্ত কুমাৰ দাস,প্ৰতিষেধক বিষয়া ডাঃমুকুট ডেকা,ডাঃমাধুয্য বৰা,ডাঃমধুমিতা বৰাকে প্ৰমুখ্যে কৰি স্বাস্থ্য বিভাগৰ বিষয়া, নাৰ্ছ কৰ্মচাৰীসকল উপস্থিত থাকে ৷ অনুষ্ঠানটি সামগ্ৰীকভাৱে পৰিচালনা কৰে স্বেচ্ছাসেৱী অনুষ্ঠান চাইনে ৷

আৰু পঢ়কঃ বিলাসীপাৰা মহকুমা ৰাজহুৱা গ্ৰন্থাগাৰত "চিত্ৰলেখা" উন্মোচন

assam nagaon