বিলাসীপাৰা মহকুমা ৰাজহুৱা গ্ৰন্থাগাৰত "চিত্ৰলেখা" উন্মোচন

সাহিত্য আড্ডাত ক্ৰমে শ্ৰী কুমাৰ চক্ৰৱৰ্তী,শুভ বিভাষ বিশ্বাস,সুনীল কুমাৰ সাহা,ছালমা জামান,দয়াল পাল প্ৰমুখ্যে কেইবাগৰাকী কাব্যানুৰাগীয়ে কবিতা আবৃত্তি কৰে

author-image
Asomiya Pratidin
New Update
বিলাসীপাৰা মহকুমা ৰাজহুৱা গ্ৰন্থাগাৰত "চিত্ৰলেখা" উন্মোচন

"চিত্ৰলেখা" উন্মোচন

ডিজিটেল সংবাদ, বিলাসীপাৰাঃ বিলাসীপাৰা মহকুমা ৰাজহুৱা গ্ৰন্থাগাৰত "চিত্ৰলেখা" উন্মোচন। বিলাসীপাৰা মহকুমা ৰাজহুৱা গ্ৰন্থাগাৰৰ দ্বাৰা প্ৰকাশিত আলোচনী "চিত্ৰলেখা"ৰ উনবিংশ সংখ্যাটো বৃহস্পতিবাৰে সন্ধিয়া গ্ৰন্থাগাৰৰ পাঠক সকলৰ উপস্থিতিত উন্মোচন কৰা হয়।

Advertisment

উন্মোচন কৰে বিশিষ্ট লোক শিল্পী আব্দুল কৰিম খানে। আলোচনীখনৰ মুখ্য সম্পাদকৰ দায়িত্বত আছে ড০ হৰিচৰণ দাস আৰু সম্পাদকৰ দায়িত্বত আছে ড০ মুজ্জামিল হক আৰু আজাদ চৰকাৰ।

উল্লেখযোগ্য যে "চিত্ৰলেখা" আলোচনীখন পাঠক সকলৰ দান বৰঙণিৰে প্ৰকাশ পাই আহিছে আৰু বিলাসীপাৰা অঞ্চলত আলোচনীখনে ভালেসংখ্যক কবি, গল্পকাৰ আৰু নিবন্ধ লেখকৰ সৃষ্টি কৰিছে।

উন্মোচনী সভাৰ লগতে গ্ৰন্থাগাৰত সাপ্তাহিক সাহিত্য আড্ডাও অনুষ্ঠিত হয়। এই সাহিত্য আড্ডাত ক্ৰমে শ্ৰী কুমাৰ চক্ৰৱৰ্তী,শুভ বিভাষ বিশ্বাস,সুনীল কুমাৰ সাহা,ছালমা জামান,দয়াল পাল, ধনঞ্জয় সিংহ,ড০ হৰিচৰণ দাস ,হিলালী আহমেদ প্ৰমুখ্যে কেবাগৰাকী কাব্যানুৰাগীয়ে কবিতা আবৃত্তি কৰে।

আৰু পঢ়কঃ কিয় অপসাৰণ কৰা হৈছিল অংকিতা দত্তক ? পৰৱৰ্তী নিৰ্বাচনত কৰিব হেনো সহযোগিতা !

assam bilashipara