নেডফি হাউচত লুই ব্ৰেইলৰ স্মৃতিত বিশেষ অনুষ্ঠানঃ বাৰ্থা ডাখাৰক জীৱনজোৰা সাধনা বঁটা প্ৰদান চাইট ফাৰ্ষ্টৰ

দিব্যাংগ বিশেষকৈ নেত্ৰ শক্তিৰ বাধাগ্ৰস্থসকলৰ কল্যাণৰ বাবে কাম কৰা ৰাজ্যৰ অগ্ৰণী সংগঠন চাইট ফাৰ্ষ্টৰ উদ্যোগত পূৰ্বৰ দৰে

author-image
Asomiya Pratidin
New Update
নেডফি হাউচত লুই ব্ৰেইলৰ স্মৃতিত বিশেষ অনুষ্ঠানঃ বাৰ্থা ডাখাৰক জীৱনজোৰা সাধনা বঁটা প্ৰদান চাইট ফাৰ্ষ্টৰ

নেডফি হাউচত লুই ব্ৰেইলৰ স্মৃতিত বিশেষ অনুষ্ঠান

ডিজিটেল ডেস্কঃ দিব্যাংগ বিশেষকৈ নেত্ৰ শক্তিৰ বাধাগ্ৰস্থসকলৰ কল্যাণৰ বাবে কাম কৰা ৰাজ্যৰ অগ্ৰণী সংগঠন চাইট ফাৰ্ষ্টৰ উদ্যোগত পূৰ্বৰ দৰে আজিও নেত্ৰ শক্তিহীনৰ ভগৱান সদৃশ লুই ব্ৰেইলৰ জন্মদিন বিশেষ কাৰ্যসূচীৰে উদযাপন কৰা হয়। সন্ধিয়া ৫ বজাত গুৱাহাটীৰ দিশপুৰস্থিত নেডফিৰ প্ৰেক্ষাগৃহত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত পদ্মশ্ৰী বাৰ্থা ডাখাৰক জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হয়।

Advertisment
অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱা
অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱা

আৰক্ষী আয়ুক্ত দিগন্ত বৰাই উদ্বোধন কৰা এই অনুষ্ঠানত লুই ব্ৰেইল সন্দৰ্ভত বিশেষ বক্তৃতা প্ৰদান কৰে দেৰাডুনৰ ৰাষ্ট্ৰীয় দৃষ্টিহীন প্ৰতিষ্ঠানৰ অধ্যক্ষ কমলবীৰ সিঙ জাগ্গীয়ে। আনহাতে,অনুষ্ঠানত সন্মানীয় অতিথিৰূপে অংশগ্ৰহণ কৰি প্ৰদান কৰা ভাষণত সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাই বাল্যাৱস্থাতে আকস্মিক দুৰ্ঘটনাত নেত্ৰ শক্তি হেৰুৱাৰ পিছত কঠোৰ অধ্যৱসায়ৰে উদ্ভাৱন কৰা ব্ৰেইল পদ্ধতি এক বিস্ময়কৰ উদ্ভাৱন বুলি অভিহিত কৰে।

তেঁও কয় বিশ্বৰ ১০০ কোটি নেত্ৰহীনৰ বাবে ভগৱান সদৃশ লুই ব্ৰেইলৰ অধ্যৱসায়ৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ হিচাপেই অসমীয়া ভাষাৰ শব্দকোষৰ ব্ৰেইল সংস্কৰণৰ অভাৱত প্ৰকৃত শিক্ষা গ্ৰহণত দীৰ্ঘকাল অসুবিধা ভোগ কৰি অহা শিক্ষাৰ্থীসকলৰ সুবিধাৰ বাবে তেঁও প্ৰপিতামহ হেম চন্দ্ৰ বৰুৱা প্ৰণোদিত হেমকোষৰ ব্ৰেইল সংস্কৰণ প্ৰকাশ কৰিছে। এই কাৰ্যৰ জৰিয়তে জীৱনৰ সৰ্বোত্তম পৰিতৃপ্তি লাভ কৰা বুলিও মন্তব্য কৰে জয়ন্ত বৰুৱাই।

অনুষ্ঠানত নেত্ৰ বিশেষজ্ঞ ডা০ হৰ্ষ ভট্টাচাৰ্য,ডা০ জ্যোতি ভূঞা,গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডা০ অচ্যুৎ চন্দ্ৰ বৈশ্য,বীৰেণ সিংহ,শিল্পী দীপেন বৰুৱা আদি বিশিষ্ট লোকসকল উপস্থিত থাকে। নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিছন অন্ধ বিদ্যালয়তো লুই ব্ৰেইলৰ জন্মদিন পালন কৰা হয়।সেই উদ্দেশ্যে পুৱা শোভাযাত্ৰা উলিওৱা হয়। তাৰ পাছতে বিদ্যালয়ত স্মৰণ সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত শেহতীয়াকৈ প্ৰকাশিত হেমকোষৰ ব্ৰেইল সংস্কৰণো প্ৰদৰ্শন কৰা হয়।

আৰু পঢ়কঃ কপালৰ ঘাম মাটিত পেলাই সেউজীয়াৰ সপোন দেখা খেতিয়কলৈ 'অসম গৌৰৱ বঁটা'

assam guwahati