/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/368ff239-495b-4637-b2e5-308064b585cc/kharbeswar_basumatary.jpg)
কপালৰ ঘাম মাটিত পেলাই সেউজীয়াৰ সপোন দেখা খেতিয়কলৈ 'অসম গৌৰৱ বঁটা'
ডিজিটেল ডেস্কঃ কৃষিৰ জৰিয়তে বিপ্লৱ আনিবলৈ সক্ষম হোৱা আদৰ্শ কৃষক সৰ্বেশ্বৰ বসুমতাৰীয়ে লাভ কৰিলে স্বীকৃতি। কপালৰ ঘাম মাটিত পেলাই সেউজীয়াৰ সপোন দেখা সৰ্বেশ্বৰ বসুমতাৰীলৈ অসম চৰকাৰে আগবঢ়াইছে ''অসম গৌৰৱ বঁটা''।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/1463d7a1-62c8-462d-8aaf-657c581ca4ea/7293df12_8572_4ecc_8239_da0dfb5f5ca6.jpg)
চিৰাং জিলাৰ বিজনী মহকুমাৰ পানবাৰী অঞ্চলৰ আদৰ্শ খেতিয়কজনলৈ অসম চৰকাৰে আগবঢ়োৱা এই সন্মানে সমগ্ৰ জিলাখনলৈয়ে কঢ়িয়াই আনিছে আশাৰ খবৰ। উৎফুল্লিত হৈ পৰিছে জিলাখনৰ কৃষক সমাজ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/0753c5f5-b029-4f8e-9d43-9307daf15ee9/db0de616_285c_4fb3_b783_dc85f68a9569.jpg)
সন্মিলিত কৃষি পদ্ধতিৰে কৃষি কৰ্ম কৰি সকলোৰে দৃষ্টি আকৰ্শণ কৰিবলৈ সক্ষম হোৱা সৰ্বেশ্বৰ বসুমতাৰীয়ে একেদৰা ভূমিতে কল, তামোল, কমলা, জলকীয়া, লিচু, নেমু আদি সন্মিলিতভাৱে ৰোপণ কৰি কৃষি কাৰ্যৰ ব্যয় সংকোচন কৰাৰ লগতে অধিক লাভ অৰ্জন কৰিবলৈ সক্ষম হৈছে। বছৰটোৰ অধিকাংশ সময় তেওঁ এই কৃষি ক্ষেত্ৰৰ পৰাই উপাৰ্জনৰ বাট মুকলি কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/e5a251c3-b8e4-4788-a202-9d5506c48bb4/0a313968_a425_4ed5_8ea0_700c147a2094.jpg)
প্ৰগতিশীল কৃষক সৰ্বেশ্বৰ বসুমতাৰীয়ে বৰ্তমান সময়ত কৃষি বিভাগৰ পৰামৰ্শ অনুসৰি ড্ৰীপ ইৰিগেশ্যন, স্প্ৰীলাৰ ইৰিগেশ্যন আদিৰ দৰে নতুন নতুন কৃষি প্ৰযুক্তি ব্যাৱহাৰ কৰি ১০০ বিঘাৰো অধিক ভূমিত ধানৰ লগতে তামোল, কল, মাকৈ, জলকীয়া, হালধী, নেমু আৰু বিভিন্ন প্ৰকাৰৰ পাঁচলিৰ খেতি কৰি আহিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/0a27f5b2-151e-442f-9fc0-d830c004bf5b/9a3ef0df_e3d0_4ed2_81e6_ff94cf045072.jpg)
সৰ্বেশ্বৰ বসুমতাৰীয়ে কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বিতা অৰ্জন কৰাৰ লগতে বহু লোকক লোকক সংস্থাপন দিবলৈ সক্ষম হৈছে। নতুন নতুন উদ্ভাৱনী কৃষি পদ্ধতিৰে সফলতা লাভ কৰা কৃষকগৰাকীয়ে দেশৰ বিভিন্ন ৰাজ্যৰ লগতে বিদেশৰ পৰাও সন্মান লাভ কৰিছে।
ক্লিক কৰি পঢ়কঃ ৮ জানুৱাৰীত কামপুৰত নগাঁও জিলা সাহিত্য সভাৰ সপ্তবিংশতিতম দ্বি-বাৰ্ষিক পূৰ্ণাংগ অধিৱেশন...