বীজ ব্যৱসায়ীসকলে কৃষকৰ বন্ধু হিচাপে কাম কৰি অসমৰ কৃষিক্ষেত্ৰত অৱদান আগবঢ়াব লাগিব: ড: বিদ্যুৎ চন্দন ডেকা

বীজ ব্যৱসায়ীসকলে কৃষকৰ বন্ধু হিচাপে কাম কৰি অসমৰ কৃষিক্ষেত্ৰত অৱদান আগবঢ়াব লাগিব: ড: বিদ্যুৎ চন্দন ডেকা

author-image
Asomiya Pratidin
New Update
বীজ ব্যৱসায়ীসকলে কৃষকৰ বন্ধু হিচাপে কাম কৰি অসমৰ কৃষিক্ষেত্ৰত অৱদান আগবঢ়াব লাগিব: ড: বিদ্যুৎ চন্দন ডেকা

ডিজিটেল সংবাদ, যোৰহাটঃ গুণগত মানদণ্ডৰ বীজ উৎপাদন আৰু যথোচিতভাৱে উপলব্ধতাৰ জৰিয়তে অসমৰ কৃষি ক্ষেত্ৰক আগবঢ়াই নিয়াৰ লক্ষ্যৰে অসম কৃষি বিশ্ববিদ্যালয়ে এক পদক্ষেপ গ্ৰহণ কৰিছে। এই পদক্ষেপৰ অংশ হিচাপে শনিবাৰে ৰাজ্যৰ কেইবাটাও আগশাৰীৰ বীজ বিক্ৰেতা কোম্পানী আৰু বীজ উৎপাদকৰ সৈতে উচ্চস্তৰীয় আলোচনাচক্ৰ অনুষ্ঠিত হয়।

Advertisment

অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালকৰ সভাগৃহত অনুষ্ঠিত এই আলোচনাত ৰাজ্যৰ কেইবাটাও আগশাৰীৰ বীজ বিক্ৰেতা কোম্পানীৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড: বিদ্যুৎ চন্দন ডেকাৰ উপস্থিতিত অনুষ্ঠিত হোৱা অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে কৃষি গৱেষণা সঞ্চালক ড: সঞ্জয় কুমাৰ চেতিয়াই। তেওঁ অসমৰ কৃষিক্ষেত্ৰত বৰ্তমান সময়ত গুণগত মানদণ্ডৰ বীজৰ প্ৰয়োজনীয়তা আৰু বীজৰ ক্ষেত্ৰত আমাৰ ৰাজ্যখন স্বাৱলম্বী নোহোৱাৰ বিষয়ে আলোকপাত কৰি বিশ্ববিদ্যালয়ে এই দিশত গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে সদৰী কৰে।

উপাচাৰ্য ড: ডেকাই বক্তব্যত বীজ ব্যৱসায়ীসকলে কৃষকৰ বন্ধু হিচাপে কাম কৰি ব্যৱসায়িক চিন্তাৰ মাজেৰেই অসমৰ কৃষিক্ষেত্ৰত অৱদান আগবঢ়াব লাগিব বুলি উল্লেখ কৰে। অসম তথা উত্তৰ-পূৰ্বাঞ্চলক খাদ্য শস্যৰ দিশত স্বাৱলম্বী কৰিবলৈ হ'লে কৃষক আৰু বীজ ব্যৱসায়ীৰ সম্পৰ্ক দীঘলীয়া সময়ৰ বাবে হ'ব লাগিব বুলি প্ৰকাশ কৰে।

অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগী কৃষি গৱেষণা সঞ্চালক ড: মৃণাল শইকীয়াই 'অসমৰ ধানৰ প্ৰজনক বীজ উৎপাদন' ওপৰত আলোচনা কৰে। অসম ধান গৱেষণা প্ৰতিষ্ঠানৰ বিজ্ঞানী ড: মিলন জ্যোতি কোঁৱৰে 'ধানৰ বাণিজ্যিক বীজ উৎপাদন'ৰ ওপৰত দৃশ্য শ্ৰাব্য মাধ্যমেৰে পৰ্যালোচনা আগবঢ়াই।

অনুষ্ঠানত তিনিচুকীয়া, ডিব্ৰুগড়, মৰাণ, বোকাখাট, টীয়ক, ডিমাপুৰ, বঙাইগাঁও, বোকাজান, বাক্সা, গোলাঘাট আৰু বজালীৰ পৰা অহা বীজ উৎপাদক আৰু বিক্ৰেতা কোম্পানীৰ প্ৰতিনিধিয়ে আলোচনাত অংশগ্ৰহণ কৰে। তেওঁলোকে বজাৰত গুণগত মানদণ্ডৰ বীজৰ নিশ্চিতিৰ প্ৰয়োজনীয়তাৰ ওপৰত বিভিন্ন দিহা পৰামৰ্শ আগবঢ়াই।

অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি বিজ্ঞান গুৰু ড: প্ৰসন্ন কুমাৰ পাঠক, অসম কৃষি বিশ্ববিদ্যালয়ৰ মহাগাণনিক কেশৱ শৰ্মা, অসম ধান গৱেষণা প্ৰতিষ্ঠানৰ মুখ্য বিজ্ঞানী ড: প্ৰদীপ চন্দ্ৰ দে'ৰ লগতে অসম ধান গৱেষণা প্ৰতিষ্ঠানৰ বিজ্ঞানী আৰু গৱেষক সকলৰ লগতে অসম কৃষি বিশ্ববিদ্যালয়ৰ কেবাজনো জ্যেষ্ঠ অধ্যাপক-গৱেষক বিজ্ঞানীয়ে অংশগ্ৰহণ কৰে।

Also Read: মঙলদৈৰ বিশিষ্ট চিকিৎসক ডাঃ প্ৰনীত বৰুৱাৰ মৃত্যু...

assam agricultulture university