মঙলদৈৰ বিশিষ্ট চিকিৎসক ডাঃ প্ৰনীত বৰুৱাৰ মৃত্যু...

মঙলদৈৰ বিশিষ্ট চিকিৎসক ডাঃ প্ৰনীত বৰুৱাৰ মৃত্যু...

author-image
Asomiya Pratidin
New Update
মঙলদৈৰ বিশিষ্ট চিকিৎসক ডাঃ প্ৰনীত বৰুৱাৰ মৃত্যু...

ডিজিটেল সংবাদ, মঙলদৈঃ মঙলদৈৰ এগৰাকী বিশিষ্ট স্ত্ৰীৰোগ বিষেজ্ঞ চিকিৎসক ডা:প্ৰনীত কুমাৰ বৰুৱা (৭১)ৰ শুকুৰবাৰে নিশা ১১বজাত মঙলদৈস্থিত নিজা বাসভৱনত মৃত্যু হয়। সৰবৰহী চিকিৎসকগৰাকীৰ মৃত্যুৰ বাতৰি বিয়পাৰ লগে লগে সমগ্ৰ মঙলদৈ চহৰত শোকৰ ছাঁ পৰে আৰু অগণন গুনমুগ্ধই তেওঁৰ বাসভৱনত ভীৰ কৰে।

Advertisment

দৰঙৰ সবাটোকৈ পুৰণি নাৰ্চিং হ'ম 'মঙলদৈ পলিক্লিনিক'ৰ এগৰাকী অন্যতম স্বতাধিকাৰী ডা :বৰুৱা স্ত্ৰীৰোগ বিশেজ্ঞ হিচাপে সমগ্র দৰং জিলাখনতে জনপ্ৰিয় চিকিৎসক হিচাপে পৰিগণিত হৈছিল। মঙলদৈ সনাতন ধৰ্মসভাৰ আজীৱণ সদস্য ডা: বৰুৱাই মৃত্যুৰ পূৰ্বে সনাতন ধৰ্ম সভাৰ পুথিভড়াল 'পৰমাৰ্থ' লৈ বহু সংখ্যক মূল্যবান গ্ৰন্থ উপহাৰ হিচাপে আগবঢ়াইছিল।

মৃত্যুৰ সময়ত ডা: বৰুৱাই পত্নীসহ তিনিগৰাকী কন্যাক ইহসংসাৰত এৰি থৈ যায়। তেওঁৰ মৃত্যুত মঙলদৈৰ সাংসদ দিলীপ শইকীয়া, বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী বসন্ত দাস, মঙলদৈৰ পৌৰনেত্ৰী নিৰ্মালী দেৱী শৰ্মা শ্ৰদ্ধাঞ্জলী জনাই।

লগতে মঙলদৈ বণিক সন্থাৰ সভাপতি মুকুল চন্দ্ৰ ডেকা,দৰং জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি ৰাজেন্দ্ৰ নাথ হাজৰিকা, সদৌ অসম ছাত্ৰ সন্থাৰ উপ সভাপতি খনীন্দ্ৰ ৰাজবংশী, সাহিত্যিক চহিৰ ভঞা,মঙলদৈ প্ৰেছ ক্লাৱ ,মঙলদৈ সনাতন ধৰ্ম সভা,সদৌ দৰং জিলা ছাত্ৰ সন্থা ,দৰং গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ আদি আদি সংগঠনে গভিৰ শোক প্ৰকাশ কৰাৰ লগতে পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ।

Also Read: চিলাপথাৰত কাঠভৰ্তি বাহন জব্দ...

mangoldoi